মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / আমলখিৰ ১৯টা ঔষধি গুন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমলখিৰ ১৯টা ঔষধি গুন :

আমলখিৰ ১৯টা ঔষধি গুনৰ বিষয়ে লিখা হৈছে ।

 

১)হাপানী(BRONCHITIS)-

আমলখিৰ শিপাৰ ৰস দৈনিক ৪ চামুচকৈ ব্যৱহাৰ কৰিলে হাপানী ৰোগ ভাল পোৱা যায়|

২)হৃদয়ৰোগ(HEART DISEASE)-

আমলখিৰ ৰস ২চামুচ, ২৫০মি:লি: গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে হৃদয়ৰোগ ভাল পোৱা যায়|

৩)উচ্চ ৰক্তচাপHIGH BLOOD PRESSURE)-

আমলখি ৭/৮টা খুন্দি মিচিৰিৰ সৈতে খালে ৰক্তচাপ স্বাভাৱিক হয়|

৪)ছাল সোতৰা পৰা-

কেঁচা আমলখি ৮/১০টা বটি গা,মুৰ,হাত,ভৰি,আদিত ঘহি আমলখিৰ ৰসেৰে গা ধুলে সুফল পোৱা যায়|৩০দিন কৰিব|

৫)অৰুচি(LOSS OF APPETITE)-

আমলখিৰ ৰস ৰাতিপুৱা খালে অৰুচি দূৰ হয়|

৬)অম্লশাল(ACIDITY)-

আমলখিৰ ৰসৰ লগত মৌ মিহলায় খালে আৰোগ্য পোৱা যায়|

৭)গ্ৰহনী(DYSENTERY)-

আমলখিৰ পাতৰ ৰস ১০০ মি.লি. লৈ ১ চামুচ মৌজোলৰ লগত আধা কাপ ছাগলীৰ গাখীৰ খালে গ্ৰহনী ৰোগ ভায় হয়|

৮)অজীৰ্ন(APERIA, DYSPEPSIA)-

আমলখিৰ ৰস ৪ চামুচ,মাটি কঠালৰ ৰস ৪চামুচ, আৰু ২ চামুচ মৌ মিহলী কৰি ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পিছত খালে আৰোগ্য পোৱা যায়|

৯)চুলি পকা-

আমলখি ৪/৫টা পিচি লৈ মুৰত ভৰন দিলে চুলি গলা হয়| ৩০দিন ব্যৱহাৰ কৰিব লাগে|
১০)পেটচলা (DIARHOEA)-

৫টা শুকান আমলখি পিচি গুড়া কৰি তাত কলা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে পেটচলা ৰোগ ভাল হয়|

১১)চুলি সৰিলে-

আমলখিৰ ৩/৪টা থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখি পিচদিনা মূৰ ধুলে চুলি সৰা বন্ধ হয়|

১২)ৰক্তপিত্ত-

আমলখিৰ ৰস ৪চামুচত অলপ চেনি মিহলি কৰি খালে যথেষ্ট আৰাম পোৱা যায়|

১৩)পাকস্থলিৰ ঘাঁ(GASTRIC ULCER)-

দুই চামুচ আমলখিৰ ৰস দুই চামুচ মৌ মিহলাই ৰাতিপুৱা খালে আৰোগ্য পোৱা যায়|

১৪)বমি(VOMITING)-

২চামুচ আমলখিৰ ৰসৰ লগত আধা চামুচ চেনি মিহলায় খালে বমি বন্ধ হয়|

১৫)যকৃত ৰোগ(LIVER DISEASE)-

আমলখিৰ ৰস খালে অতিসোনকালে আৰোগ্য পোৱা যায়|

১৬)ওকণি(PERDICULOSIS) –

আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমানে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই মিশ্ৰনেৰে মূৰ ধুলে ওকণি নোহোৱা হয়|

১৭)অম্লশাল(ACIDITY)-

আমলখিৰ ৰসৰ লগত মৌ মিহলাই খালে আৰোগ্য পোৱা যায়|

১৮)স্নায়ৱিক দুৰ্বলতা(NERVOUSNESS)-

আমলখি ৫/৬টাৰ ৰস উলিয়াই মিচিৰিৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়|

১৯)পেটচলা শোথ(ASCITES)-

আমলখিৰ আৰু পিপলি গুড়া ৫গ্ৰামকৈ লৈ পুৰনি গুৰ ৫ গ্ৰাম মিহলি কৰি খালে সুফল পোৱা যায়|

 

লেখক: কাঞ্চন জ্যোতি বৰকাকতী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.16666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top