মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / আমৈলতাৰ ৰোগ প্ৰতিষেধক গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমৈলতাৰ ৰোগ প্ৰতিষেধক গুণ :

আমৈলতাৰ ৰোগ প্ৰতিষেধক গুণৰ বিষয়ে লিখা হৈছে ।

 

আমৈলতা এবিধ লতাজাতীয় গছ। অঞ্চলভেদে আমৈলতা শগুনিলতা, গুলঞ্চ সিদ্ধিলতা, অমৰলতা আদি নামেৰেও জনা যায়।

সংস্কৃতত ইয়াৰ নাম ‘অমৃতবল্লী আৰু হিন্দীত ‘গিলোয়’। ই এবিধ বহুবৰ্ষী উদ্ভিদ। এইবিধ লতাৰ ডালৰ পৰা সৰু সৰু লতা ওলমি থাকে।

পাতবোৰ ৫ৰ পৰা ১০ চেন্টিমিটাৰ ডাঙৰ হয়। ইয়াৰ পাতত বহুতো সিৰ থাকে। ইয়াৰ ফুলবোৰ সৰু। এইবিধ উদ্ভিদৰ পুৰুষ আৰু স্ত্ৰী ফুল বেলেগ বেলেগ হয়।

ফল সেউজীয়া, পকিলে ৰঙা বৰণৰ হয়। ইয়াৰ ডালবোৰ গ্ৰীষ্ম কালত শুকাই ঔষধ তৈয়াৰ কৰা হয়। শুকাওঁতে ডালবোৰৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হয়।

আমৈলতাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*আমৈলতাৰ ৰসৰ লগত মৌ মিহলাই খালে জণ্ডিচ ৰোগৰ উপকাৰ পোৱা যায়।

*অতিসাৰ ৰোগত আমৈলতাৰ শিপাৰ ৰস উপকাৰী।

*আমৈলতাৰ শুকান ডাল গুড়ি কৰি খালে যৌনশক্তি বৃদ্ধি হয়।

*আমৈলতা অতিপাত শক্তিবৰ্ধক উদ্ভিদ।

*আমৈলতাই পিত্তৰোগ প্ৰতিৰোধ কৰিব পাৰে।

*মেলেৰিয়া ৰোগত আমৈলতাৰ শুকান ডালৰ গুড়ি খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে।

*আমৈলতা ছালৰ বিভিন্ন ৰোগ প্ৰতিষেধক।

*বাতবিষৰ কাৰণেও আমৈলতা উপকাৰী।

*আমৈলতাৰ শুকান ডালৰ গুড়ি সেৱদন কৰিলে ৰক্তদোষ নাশ হয়।

*বহুমূত্ৰ ৰোগীৰ বাবেও আমৈলতা উপকাৰী। ই তেজত থকা চেনি নিয়ন্ত্ৰণ কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.92307692308
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top