মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / আয়ুৰ্বেদিক ঔষধৰ গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়ুৰ্বেদিক ঔষধৰ গুণাগুণ

আয়ুৰ্বেদিক ঔষধৰ গুণাগুণ

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি অতি প্ৰাচীন । ভাৰতবৰ্ষত ইয়াৰ বিকাশ হয় অথৰ্ব বেদৰ পৰা । সেয়েহে ইয়াক অথৰ্ব বেদৰ উপবেদ বুলিও কোৱা হয় বা কিছুমানে ইয়াক পঞ্চম বেদ হিচাপেও গ্ৰহণ কৰিব খোজে । আয়ুৰ্বেদিক শব্দৰ তাত্ত্বিক অৰ্থ হ’ল জীৱনৰ জ্ঞান-য’ত স্বাস্থ্যৱানৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগীৰ ৰোগ নিৰাময় ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে । এই চিকিৎসা পদ্ধতিত স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ৰ বাবে বিভিন্ন উপায়ৰ লগতে ভেষজ বা ঔষধ গ্ৰহণৰ পৰামৰ্শ পোৱা যায় । আয়ুৰ্বেদিক ঔষধত হোৱা কেঁচা সামগ্ৰীসমূহ তিনিটা উৎসৰ পৰা আহৰণ কৰা হয় । উদ্ভিদ, প্ৰাণী আৰু খনিজৰ পৰা ।

ভাৰতবৰ্ষৰ জনস্বাস্থ্যকে ধৰি সামাজিক তথা সাংস্কৃতিক জীৱনত আয়ুৰ্বেদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয় । সময়ৰ প্ৰবাহৰ লগে লগে পৰিৱৰ্তনশীল পৃথিৱীৰ অন্যান্য দিশেও ক্ৰমাৎ ইয়াক আদৰি লোৱা দেখা যায় ।

আজিৰ এই লেখাত মৌলিকতা ৰক্ষা কৰি প্ৰস্তুত কৰা সচৰাচৰ ব্যৱহাৰ হোৱা আয়ুৰ্বেদিক ঔষধ কিছুমানৰ উপাদান, ব্যৱহাৰ আৰু মাত্ৰাৰ বিষয়ে উল্লেখ কৰা হৈছে ।

১) অশোকাৰিষ্ট :-

উপাদান :- অশোক ছাল, ক’লা জীৰা, মুস্তক, কস্তুৰী, আমবীজ, দাৰুহৰিদ্ৰা, জীৰা, বাসক ছাল, ৰঙা চন্দন, গুড় ইত্যাদি ।

ব্যৱহাৰ :-

ই গৰ্ভাশয়ৰ মাংসপেশী সুদৃঢ় কৰি ৰাখে । মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰি ৰখাত সহায় কৰে । ইয়াৰ উপৰি ৰক্তপ্ৰদৰ, শ্বেতপ্ৰদৰ, ৰজ:ৰোধ, বন্ধ্যা, ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ আদি নিৰাময় কৰি স্ত্ৰীক সুস্থ-সবল কৰি ৰাখে । ইয়াক অকলে বা অন্য আয়ুৰ্বেদিক ঔষধৰ লগত বিভিন্ন উপসৰ্গত ব্যৱহাৰ কৰিব পাৰি ।

মাত্ৰা :-

৪ ৰ পৰা ৬ চাহ চামুচ ঔষধ সম-পৰিমাণৰ পানীৰ লগত মিহলাই দিনত দুবাৰ আহাৰৰ পিছত খোৱা হয় বা চিকিৎসকৰ পৰামৰ্শ মতে খাব লাগে ।

২) অশ্বগন্ধাৰিষ্ট:-

উপাদান :- অশ্বগন্ধা, মঞ্জিষ্ঠা, শিলিখা, হালধি, দাৰুহৰিদ্ৰা, অৰ্জুন ছাল, ভূমি কোমোৰা, অনস্তমূল, শ্যামলতা, বগা চন্দন, ৰঙা চন্দন, গুড়, মৌজোল ইত্যাদি ।

ব্যৱহাৰ:-

ইয়াক স্নায়ু সংক্ৰান্তীয় ৰোগত ব্যৱহাৰ কৰা হয় । তদুপৰি মৃগীৰোগ, উন্মাদ, স্নায়ৱিক দুৰ্বলতা , নিদ্ৰাহীনতা আদি ৰোগত আন কিছুমান আয়ুৰ্বেদিক ঔষধৰ লগত প্ৰয়োগ কৰা হয় ।

মাত্ৰা :-

৪ ৰ পৰা ৬ চাহ চামুচ ঔষধ সম-পৰিমাণৰ পানীৰ লগত মিহলাই আহাৰৰ পিছত দুবাৰ খাব বা চিকিৎসকৰ উপদেশ মতে গ্ৰহণ কৰিব ।

৩) দ্ৰাক্ষাৰিষ্ট :-

উপাদান:- দ্ৰাক্ষা, ডালচেনি, ইলাচি, তেজপাত, পিম্পলি, জঁটামাংসী জালুক, গুড় ইত্যাদি ।

ব্যৱহাৰ :-

সকলো বয়সৰ বাবে এটি বলকাৰক মহৌষধ । হাঁওফাঁওৰ দুৰ্বলতা, শ্বাস, কাহ, ৰাজযক্ষ্মা আদি ৰোগত ফলদায়ক ।

মাত্ৰা :- ৪ ৰ পৰা ৬ চাহ চামুচ ঔষধ সম-পৰিমাণৰ পানীৰ লগত মিহলাই দিনত দুবাৰ প্ৰধান আহাৰ খোৱাৰ পিছত খোৱা হয় বা চিকিৎসকৰ পৰামৰ্শ মতে খাব লাগে ।

৪) পত্ৰাংগাসব :-

উপাদান :- দ্ৰাক্ষা, ধাইফুল, দাৰুহৰিদ্ৰা, শ্যামলতা, খদিৰ কাঠ, আমবীজ, মৌজোল, চেনি, গুড় ইত্যাদি ।

ব্যৱহাৰ :- স্ত্ৰীৰ সকলো প্ৰকাৰৰ প্ৰদৰ ৰোগ, বিশেষকৈ শ্বেতপ্ৰদৰ (Leucorrhoea) আৰু ৰক্তপ্ৰদৰত ব্যৱহাৰ হয় । ইয়াক পাণ্ডু (Anaemia) আৰু ৰক্তা অৰ্শতো (Bleeding piles) খাব পাৰি ।

মাত্ৰা :-

৪ ৰ পৰা ৬ চাহ চামুচ ঔষধ সম-পৰিমাণৰ পানীৰ লগত মিহলাই দিনত দুবাৰ আহাৰ খোৱাৰ পিছত খাব বা চিকিৎসকৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব ।

৫) ত্ৰিফলা চূৰ্ণ :-

উপাদান :- ত্ৰিফলা চূৰ্ণ হ’বলৈ হ’লে আমলখি, শিলিখা আৰু ভোমোৰা সম-মাত্ৰাত থাকিব লাগে । কিছুমান কোম্পানীয়ে এই তিনিটা উপাদানৰ লগত ক’লা নিমখ মিহলাই বজাৰত ত্ৰিফলা হিচাপে বিক্ৰী কৰি আছে যদিও ই ত্ৰিফলা হ’ব নোৱাৰে ।

ব্যৱহাৰ :- এটা উৎকৃষ্ট ৰসায়ন । ই কোষ্ঠকাঠিন্য দূৰ কৰি হজম শক্তি বৃদ্ধিত সহায় কৰে । ইয়াৰোপৰি ত্ৰিফলাৰ ক্কাথ বনাই চকুৰ কনজাংটিভাইটিছ, মহিলাৰ বগাস্ৰাৱ আৰু চুলিৰ উফিৰ সমস্যাত ব্যৱহাৰ কৰিব পাৰি ।

মাত্ৰা :- আধা চাহ চামুচৰ পৰা এক চামুচ (৩-৬ গ্ৰাম) দিনত দুবাৰ গৰম পানীৰে খাব লাগে বা চিকিৎসকৰ পৰামৰ্শ মতে খাব ।

৬) পঞ্চসকাৰ চূৰ্ণ :-

উপাদান:- শিলিখা, গুৱামূৰি, শুকান আদা, সন্ধ্যা নিমখ, সোণামুখী পাত ইত্যাদি দ্ৰব্যৰ দ্বাৰা তৈয়াৰী ।

ব্যৱহাৰ :- বদহজম, কোষ্ঠকাঠিন্য, পেটফুলা, পেটৰ বিষ, অৰ্শ আদি ৰোগত উপকাৰ পোৱা যায় ।

মাত্ৰা :- ১-২ চাহ চামুচ (৬-১২ গ্ৰাম ) এবাৰ গৰম পানীৰ সৈতে ৰাতি শোৱাৰ আগত খাব বা চিকিৎসকৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব ।

৭) চন্দ্ৰপ্ৰভা বৰি :-

উপাদান :- সোমৰাজী বীজ, বচ, চিত্ৰক, বিৰংগ, স্বৰ্ণ মাক্ষিক, শিলাজিত, বংশলোচন আদি ৩০ বিধ দ্ৰব্যৰ দ্বাৰা তৈয়াৰী ।

ব্যৱহাৰ :- স্বপ্নদোষ, প্ৰমেহ, প্ৰস্ৰাৱৰ জ্বলন, মূত্ৰকৃচ্ছ, দৌৰ্বল্য আদি ৰোগ নিৰ্মূল কৰি শৰীৰৰ পুষ্টি সাধন কৰে ।

মাত্ৰা :- দুটাকৈ বৰি দিনত দুবাৰ খাব বা চিকিৎসকৰ পৰামৰ্শ মতে খাব ।

৮) নাগাৰ্জুন বৰি :-

উপাদান :- শিলিখা, আমলখি, ভোমোৰা, পাঁচবিধ নিমখ, বিৰংগ, দেৱদাৰু, লতাকৰঞ্জ আদিৰ দ্বাৰা তৈয়াৰী ।

ব্যৱহাৰ :- অৰুচি, অগ্নিমান্দ্য, পেটৰ বিষ, জ্বৰ, অৰ্শ, কৃমি আদি ৰোগ উপশম কৰে । অনুপান ভেদে ইয়াক অইন বহুত ৰোগত ব্যৱহাৰ কৰিব পাৰি । সৰু ল’ৰা-ছোৱালীৰ বমি, কৃমি, পেটফুলা আদিৰ বাবে বিশেষ উপকাৰী ।

মাত্ৰা :- দুটাকৈ বৰি দিনে দুবাৰ গৰম পানীৰে খাব বা চিকিৎসকৰ পৰামৰ্শ অনুযায়ী খাব ।

৯) সৰ্পগন্ধা ঘন বৰি :-

উপাদান :- সৰ্পগন্ধা মূলৰ দ্বাৰা বনোৱা হয় ।

ব্যৱহাৰ :-ইয়াক উচ্চ ৰক্তচাপ, অনিদ্ৰা, উন্মাদ, মৃগীৰোগ আদিত ব্যৱহাৰ কৰিব পাৰি ।

মাত্ৰা :- এটাকৈ বৰি ৰাতি শোৱাৰ সময়ত খাব বা প্ৰয়োজন সাপেক্ষে দিনত দুবাৰ খাব পাৰি বা চিকিৎসকৰ পৰামৰ্শ মতে খাব লাগে ।

১০) মহাভৃঙ্গৰাজ তেল :-

উপাদান :- তিল তেল, মঞ্জিঠা, নাগৰমঠা, হালধি, আমলখি, শিলিখা, ভোমোৰা, ভৃঙ্গৰাজ, পদ্মকাঠ, গৰুৰ গাখীৰ ইত্যাদি ২৫ বিধ দ্ৰব্যৰ দ্বাৰা তৈয়াৰী ।

ব্যৱহাৰ :- চুলি সতেজ, স্নিগ্ধ, লহপহকৈ বাঢ়ি অহাত সহায় কৰে, মূৰ ঠাণ্ডা ৰাখে, অকালত চুলি পকা আৰু সাৰ নাশ কৰে ।

মাত্ৰা :- উপযুক্ত মাত্ৰাত মূৰত সাধাৰণতে ৰাতিৰ ভাগত লগাব লাগে ।

১১) মহামাষ তেল :-

উপাদান :- তিল তেল, মঞ্জিষ্ঠা, বৰিয়াল, ৰাস্না, মাটিমাহ, ভেদাইলতা, ভূমি কোমোৰা, গৰুৰ গাখীৰ ইত্যাদি ৪৪ বিধ দ্ৰব্যৰ দ্বাৰা নিৰ্মিত ।

ব্যৱহাৰ :- পক্ষাঘাত, পঙ্গুতা, শিৰ:কম্প, গৃদ্ধগী ইত্যাদি সকলো প্ৰকাৰ বাতবিষৰ বাবে উৎকৃষ্ট ঔষধ ।

মাত্ৰা :- দিনে দুবাৰকৈ উপযুক্ত মাত্ৰাত লৈ মালিচ কৰিব লাগে ।

ইয়াৰ উপৰি বিভিন্ন আয়ুৰ্বেদিক কোম্পানীসমূহে নিজৰ গৱেষণাৰ দ্বাৰা উৎপাদিত ঔষধ বিভিন্ন ৰোগৰ নিৰাময়ৰ কাৰণে ব্যৱহাৰ হৈ থকা দেখা যায় । উদাহৰণ স্বৰুপে অসম আয়ুৰ্বেদিক প্ৰডাক্টছৰ দ্বাৰা উৎপাদিত গেছক’জাইম (অম্লপিত্ত, পেটৰ জ্বলন আদি ৰোগত), ইনছুপ্লাছ (মধুমেহ ৰোগত), স্ত্ৰী-সুধা (তিৰোতাৰ ৰজ:দোষ, জৰায়ুৰ ৰোগ আদিত) ব্যৱহাৰ কৰি থকা দেখা যায় । ঠিক তেনেদৰে ডাবৰ, হিমালয়া, বৈদ্যনাথ আদি কোম্পানীৰ ঔষধসমূহো বিভিন্ন ৰোগৰ নিদানত ব্যৱহাৰ কৰা হয় ।

লেখক :- ডা: মানসজ্যোতি শৰ্মা (জি এনআৰচি স্বাস্থ্য)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top