অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদৰ সহায়ত কি দৰে স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰো

আয়ুৰ্বেদৰ সহায়ত কি দৰে স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰো

এটা দৃঢ় তথা অনিন্দ্যসুন্দৰ মন প্ৰতিজন ব্যক্তিৰে কাম্য। এজোপা ফুল যিদৰে উপযুক্ত প্ৰতিপালনৰ অভাৱত মৰহি যাব পাৰে একেদৰে এটি অবিচলিত মনো উপযুক্ত যত্নৰ অভাৱত নিস্প্ৰাণ ৰূপ লব পাৰে।আনহাতে স্মৰণশক্তি হৈছে এক শক্তিশালী আৰু প্ৰাণচাঞ্চল্য মনৰ আধাৰ। সেইবাবে স্মৃতিশক্তি সজীৱ কৰি ৰাখিবলৈ আমি সৰ্বাধিক চেষ্টা কৰা উচিত।
আধুনিক পৃথিৱীৰ মানুহৰ মাজত স্মৃতি শক্তি হ্ৰাস এক প্ৰধান সমস্যা হিচাপে দেখা দিছে। দেখা যায় ব্যক্তি শাৰীৰিক ভাৱে ঠিকেই আছে কিন্তু স্মৃতিশক্তিৰ তাৰতম্যৰ বাবে বিভিন্ন দুৰ্দশাত পতিত হয়। সবাতোকৈ ডাঙৰ কথা আমাৰ বহুতৰে কম বয়সৰ পৰাই স্মৃতি শক্তি হ্ৰাসৰ বিভিন্ন লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত প্ৰথম অৱস্থাতে সতৰ্ক হোৱা আৰু তদানুৰূপ কাৰ্য ব্যৱস্থা গ্ৰহণ অৱশ্যেয়ে কৰণীয়।আগৰ অধ্যায়ত স্মৃতি ৰক্ষাৰ সাধাৰণ আৰু সহজ উপায় সমূহৰ বিষয়ে আলোচনা কৰা হৈছিল। এই অধ্যায়ত আয়ুৰ্বেদৰ সহায়ত কিদৰে মানসিক তথা স্মৃতিৰক্ষা কৰিব পাৰি সেই বিষয়ে কিছু আলোক পাত কৰা হ'ব। আয়ুৰ্বেদত বুদ্ধি তথা জ্ঞান বৰ্ধক উপায়সমূহক মেধ্য বোলা হৈছে। মেধ্য অৰ্থাৎ মেধা শক্তি বৰ্ধক। এই ক্ষেত্ৰত সাত্বিক মানসিক অৱস্থাৰ গুৰুত্ব অপৰসীম। সত্ব হৈছে মনৰ এক নিৰ্ভেজাল স্বৰূপ য'ত স্মৃতি আৰু মেধা শক্তি সম্পন্ন মনে এক গভীৰ অন্তদৃষ্টি লাভ কৰে। এই অৱস্থাত বাহ্যিক কাৰক সমূহে মন আৰু স্মৃতি শক্তিক সহজে অস্থিৰ কৰিব নোৱাৰে। সাত্বিক গুণযুক্ত আহাৰ আৰু বিহাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। মহাৰ্ষি পতঞ্জলীৰ যোগ সুত্ৰত বৰ্ণিত অষ্টাঙ্গ যোগৰ প্ৰথম দুটা 'যম 'আৰু 'নিয়ম'ক মানি চলিবলৈ চেষ্টা কৰিলে যথেষ্ঠ লাভৱান হোৱাৰ স্থল আছে।
পোনপ্ৰথমে আমি আয়ু্ৰ্বেদত বৰ্ণিত কিছুমান গছ, লতা আৰু গুল্মৰ বিষয়ে আলোচনা কৰিম।

  • অশ্বগন্ধা: এবিধ উৎকৃষ্ট শাৰীৰিক আৰু মানসিক টনিক হিচাপে অশ্বগন্ধাৰ কোনো তুলনা নাই। ই স্নায়ুতন্ত্ৰক সবল কৰাৰ লগে লগে দেহৰ ৰোগ প্ৰতিৰোধ শক্তিও বৃদ্ধি কৰে। শৰীৰত অনুভূত ভাগৰ নিৰ্মূল কৰাৰ উপৰিও মাংসপেশী আৰু গাঁঠি সমূহৰ বিষ লাঘৱ কৰে। মানসিক উদ্বেগ তথা জঠৰতা আতৰায় দেহ মনক সুস্থিৰতা প্ৰদান কৰে। লক্ষণীয় কথাটো হ'ল যে ই কিছু লেহেমীয়া গতিত কাম কৰে বাবে ফল প্ৰাপ্তিত অপেক্ষাৰ প্ৰয়োজন হয়।
  • ব্ৰাহ্মী: মগজুৰ বাবে ই এবিধ শক্তিশালী খাদ্য। একাগ্ৰতা, ধাৰণা শক্তি, সৃষ্টিশীলতা আদি মনৰ পৰিশীলিত বিষয় সমূহ বৃদ্ধি কৰে। শিশুৰ বাবে অতি উত্তম এই শাক বিধ। মানসিক আৰু বৌদ্ধিক ভাৱে লেহেমীয়া শিশুৰ মানসিক জঠৰতা আতৰাই শিক্ষণ, প্ৰশিক্ষ আদি দিশ সমূহ শক্তিশালী কৰে। মনৰ সুকুমাৰ অনুভূতি সমূহ বিকাশিত কৰে।
  • শংখপুস্পী: ই এবিধ যাদুকাৰী বনঔষধি যি নিদ্ৰাজনিত ব্যাধিত অতি উত্তম কাম কৰে। লগতে হৃদয় আৰু শৰীৰৰ অন্য অঙ্গতো সমানে কাম কৰে।ঘীৰ লগত ব্যৱহাৰ কৰিলে শিশু সকলৰ মগজুৰ বিকাশ সঠিক হ'য়। তেওঁলোকৰ বুদ্ধিমত্তা উন্নত হয় আৰু আচাৰ-ব্যৱহাৰত উচিত প্ৰভাৱ পৰে।
  • মানিনুনি: সহজলভ্য এই বনদৰব বিধ এবিধ সুস্বাদু শাক।ইয়াৰ মৃদু তিতা স্বাদে মগজুৰ কোষ বোৰ সমৃদ্ধ কৰে। ফলত স্মৃতি শক্তি বৃদ্ধি হয়। দেহ আৰু মন শান্ত হয়। মগজুৰ জঠৰতা আতৰবলৈ ই প্ৰৱল ভাৱে সক্ষম। নিতৌ ৰাতিপুৱা মানিমুনিৰ ১-২ চামুচ ৰসে একাগ্ৰতা আৰু বুদ্ধিমত্তা বৃদ্ধি কৰে।
  • আমলখি: আমাৰ সকলোৰে পৰিচিত তথা প্ৰিয় আমলখিত প্ৰচুৰ পৰিমানে ভিটামিন চিৰ লগতে 'প্ৰতিজাৰক' উপদান আছে যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে স্নায়ুতন্ত্ৰকো সৱলতা প্ৰদান কৰে। গৱেষণাৰ পৰা প্ৰমাণ হৈছে যে নিয়মিত আমলখি সেৱনে স্মৃতিভ্ৰংশৰ (Alzheimer's disease) দৰে দুৰাৰোগ্য ৰোগকো প্ৰতিৰোধ কৰিবলৈ সক্ষম।
  • হালধি: ই স্মৃতিহ্ৰাস প্ৰদুষ্টকাৰী কফদোষৰ বৈষম্য দূৰ কৰে আৰু বাত দোষক সাম্য অৱস্থা প্ৰদান কৰি মগজুৰ শ্ৰীবৃদ্ধি কৰে।
  • কলাজামু, বাদাম, মিথিগুটি, বিট, মূলা, ব্ৰিকলী, নাৰিকলৰ তেল, মগু, বিলাহি আৰু সকলো ধৰণৰ সেউজীয়া শাক পাচলি মগজুৰ বাবে অতি উত্তম।
  • আমিস খাদ্যৰ ভিতৰত কণী আৰু মাছৰ তেল মগজুৰ বলকাৰক। কিন্তু গুৰু খাদ্যবস্তু যেনে মাংস আৰু ক্ৰিম আদি কমায় ৰাখিব।
  • খাদ্যত চেনীৰ পৰিমান পাৰ্যমানে কমাই ৰাখিব। লগতে নিচাযুক্ত দ্ৰৱ্য পৰিহাৰ কৰিব। মনত ৰখা দৰকাৰ যে অতিমাত্ৰা সুৰাপানে মগজুৰ অভাৱনীয় আৰু অপৰিবৰ্তনীয় ক্ষতি কৰিব পাৰে।
  • সুনিদিষ্ট ভাৱে কৰা উপবাসে শৰীৰৰ দুষিত পদাৰ্থ সমূহ নিষ্কাসন কৰে, ফলত পাচন আৰু বিপাকীয় প্ৰণালী শক্তিশালী হয়। ই স্নায়ুতন্ত্ৰকো বিষাক্ত দ্ৰৱ্য সমূহৰ পৰা মুক্ত কৰে। মগজুৰ কোষ সমূহে সঞ্জীৱনী শক্তি লাভ কৰে। সেই বাবে আয়ুৰ্বেদত উপবাসৰ বিধান আছে যদিও শাৰীৰিক ভাৱে দুৰ্বল ব্যক্তিৰ ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন হ'য়।
  • আয়ুৰ্বেদ সংহিতাত ব্ৰাহ্মীবতী, স্মৃতি সাগৰ ৰস,সাৰস্বতাৰিষ্ট আদি বিভিন্ন যৌগিক ঔষধ সমূহৰ বৰ্ণনা আছে যি বোৰ যুগ যুগান্তৰ ধৰি ব্যৱহৃত হৈ আছে।

এই খনিতে প্ৰণিধানযোগ্য যে আয়ুৰ্বেদৰ প্ৰত্যেক ব্যক্তিৰে প্ৰকৃতি, বিকৃতি, শৰীৰ বল আদি বিচাৰ কৰি চিকিৎসা প্ৰদান কৰা হয়। ব্যক্তি ভেদে চিকিৎসা পৃথক হলেও এই উপদেশ সমূহ হৃদয়াঙ্গম কৰি মানি চলিবলৈ চেষ্টা কৰিলে যি কোনো ব্যক্তি উপকৃত হোৱাৰ স্থল আছে।

লেখক: ডা: কমল কৃষ্ণ নাথ

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate