অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উপকাৰী তৰমুজ

তৰমুজ ফলৰ উপকাৰীতাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে

আকৰ্ষণীয় আৰু আৱশ্যকীয় এবিধ ফল হৈছে তৰমুজ । আৱশ্যকীয় বাবেই যে ই শৰীৰত কমি যোৱা পানীৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে । প্ৰায় প্ৰতিটো বতৰতে আমি এইবিধ ফল খোৱা উচিত যাতে শৰীৰত পানীৰ মাত্ৰা সন্তুলিত হৈ থাকে ।


তৰমুজে ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে । ই বহু ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত সহায়ক হয় । ইয়াৰ উপৰিও তৰমুজৰ আন বহুতো লাভজনক দিশ আছে । যেনেঃ-
(১) ছালৰ ৰোগৰ বাবে তৰমুজ উপকাৰী ।
(২) তৰমুজৰ ৰস সেৱন কৰিলে ধাতু দূৰ্বল হোৱাৰ কোনো সম্ভাৱনা নাথাকে ।
(৩) শৰীৰৰ বৰ্ধিত মেদ কমাবলৈ বিচৰাসকলৰ বাবে তৰমুজ এবিধ উত্তম খাদ্য ।
(৪) যদি মূৰৰ বিষ হয়,তেন্তে আধা গিলাচ তৰমুজৰ ৰসৰ লগত সম পৰিমাণৰ পানী মিহলাই খাব লাগে ।
(৫) যদি প্ৰসাৱত জ্বলা পোৰা হয়,তেন্তে নিয়ৰ বা বৰফত কিছু সময় থৈ দিয়া এটা তৰমুজৰ ৰস উলিয়াই তাৰ লগত চেনি মিহলাই ৰাতিপুৱা খোৱা উচিত ।
(৬) আহাৰ খোৱাৰ পাছত তৰমুজৰ ৰস সেৱন কৰিলে ভোজন সোনকালে হজম হয় । ইয়াৰ ফলত টোপনিও ভালকৈ আহে ।

3.01818181818
Dipa Moni Das Sep 29, 2014 04:05 PM

পঢ়ি ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top