অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উপকাৰী দোৰোণ :

উপকাৰী দোৰোণৰ বিষয়ে লিখা হৈছে ।

 

দোৰোণ হৈছে অসমৰ ওখ চানেকীয়া ঠাইত প্ৰাকৃতিকভাৱে হোৱা এবিধ শাকজাতীয় উদ্ভিদ। ই ওখই প্ৰায় এক-ডেৰ ফুটৰ ওচৰত হয়। ইয়াৰ ঠালৰ আগত থোপাথোপে বগা ফুল ফুলি সময়ত তাত গুটি ধৰে। ইয়াক শাক আৰু ঔষধ, দুয়ো ৰূপতে প্ৰয়োগ কৰা হয়। ইয়াৰ নামটো সংস্কৃতৰ ‘দ্ৰোণা’ শব্দৰপৰাই উৎপত্তি হয় বুলি ক’ব পাৰি। ইংৰাজীত ইয়াক Motherwort আৰু বৈজ্ঞানিকভাৱে Leucus aspera নামেৰে জনা যায়।

আয়ুৰ্বেদ শাস্ত্ৰৰ মতে, দোৰোণৰ পাত আৰু ফুল, অৰ্থাৎ দুয়োৰেই ঔষধি গুণ আছে। প্ৰাপ্ত তথ্য মতে-

১)ইয়াৰ পাতৰ ৰস(৫-১০ মিলিলিটাৰ) কুঁহিয়াৰৰ ৰস বা গ্লুক’জ পানীৰ লগত দিনে দুবাৰকৈ একেৰাহে কেইবাদিনো খালে জণ্ডিচ ৰোগ ভাল হয়।

২)পুৰণি জ্বৰৰ লগতে যকৃৎ প্লীহাৰ বৃদ্ধি হ’লে দোৰোণ গছৰ গোটেই অংগ সৰু সৰুকৈ কাটি বা পাত কাপোৰেৰে মেৰিয়াই অঙঠাত বা তুঁহ জুইত পুৰি পিছত চেপি ৰস উলিয়াই চেকি লৈ ৫-১০ মিলিলিটাৰ মাত্ৰাত দিনে দুচামুচ গৰুৰ গাখীৰৰ লগত খালে উক্ত ৰোগ আৰোগ্য হয়।

৩)ইয়াৰ ফুল তিনি-চাৰি গ্ৰাম মিহিকৈ বটি অলপ গৰম কৰি পানীৰ লগত দিনে দুবাৰকৈ কেইদিনমান একেৰাহে খালে সঘনাই পানী লগা ৰোগ, পানী লগাৰ লগত থকা গাৰ বিষ, মূৰৰ বিষ নিৰাময় হয়।

৪)ইয়াৰ পাতৰ ৰস নাকেৰে টানিলে মূৰৰ বিষ, নাসাৰোগ, বিশেষকৈ চাইন’চাইটিছ ৰোগ উপশম হয়।

৫)ইয়াৰ পাতৰ ৰস ৫-১০ মিলিলিটাৰকৈ নিয়মিতভাৱে নিতে দুবাৰকৈ খালে কৃমি, ছালৰ বেমাৰ, অৰ্শ, ফুলা ৰোগ আদি নিৰাময় হয়।

৬)মূৰত বেছিকৈ জ্বৰ উঠা বা জ্বৰত ভ্ৰম বকাৰ সময়ত ৰোগীৰ কপালত দ্ৰোণৰ পাত বটি প্ৰলেপ দিলে জ্বৰ কমি যায়।

সামগ্ৰিকভাৱে হৃৎপিণ্ডৰ কিছু অসুখ, যেনে- হাৰ্ট ফেইলৰ, অনিয়মিত হৃদস্পন্দন বা উদ্বিগ্নতাজনিত হৃদৰোগ আদি উপশমত দোৰোণে ইতিবাচক ভূমিকা উল্লেখনীয়। ইবিলাকৰ উপৰি হাপানী, ক্ৰুটীপূৰ্ণ টোপনি, থাইৰয়ডৰ সমস্যা আদি লাঘৱৰ ক্ষেত্ৰতো দোৰোণে সহায়কাৰী ভূমিকা গ্ৰহণ কৰে বুলি তথ্য পোৱা যায়। সেয়েহে আমি দোৰোণ শাক মাজে-সময়ে হ’লেও খোৱাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top