অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উপকাৰী বাহক

উপকাৰী বাহক

অসমৰ হাবিত, বিশেষকৈ পাহাৰীয়া ঠাইত বাহক নামৰ গছবিধ পোৱা যায়। ই চিৰসেউজ পাতবিশিষ্ট জোপোহা গছ। পাতৰ আকৃতি ১-১.৩ মিটাৰমান ওখ হয়। ঠালৰ আগত ডিচেম্বৰ-ফেব্ৰুৱাৰী মাহত ফুল ওলায়। ফুলৰ ৰ্ং দুই প্ৰকাৰৰ-বগা আৰু ৰঙা। ৰঙা বৰণৰ ফুল বেছিকৈ পোৱা যায়। বগা বৰনৰ ফুল দিয়া গছৰ স্ংখ্যা কম হোৱাত দুয়ো প্ৰজাতিৰ মাজত পাৰ্থক্যসূচক হিচাপে বগা বাহক নাম ৰখা হৈছে। এই ফুল শুকুৱাই বা কেঁচা অৱস্থাত ভাজি খালে ভাতৰ এটি উপকৰণ হিচাপে পোৱাৰ লগতে কিছু ঔষধি গুণ পোৱাটোও সম্ভৱ বুলি থকা জনবিশ্বাসৰ আধাৰতে বহুতে এই ফুল খায়। এই দুয়োবিধ বাহকেই ঔষধি গুণসম্পন্ন যদিও বগাতকৈ ৰঙা বাহকৰ ঔষধি মাত্ৰা কিছু বেছি। অৱশ্যে প্ৰজাতি যিয়েই নহওক লাগিলে কিয়, উভয়ৰে পাত, ফুল আদিৰ সোৱাদ তিতা হোৱাৰ হেতুকে ইহতক তিতা বাহক, বাহক তিতা, তিতা বাহকা বা তিতাফুল নামেৰে জনা যায়। ইয়াৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম ক্ৰমে হৈছে-Malabar nut আৰু  Adhatoda vasica। তেনে গছৰ আগবোৰ যদি চাহ গছৰ দৰে সমানকৈ কাটি দিয়া হয়, তেতিয়া ই বাৰীৰ সৌন্দৰ্যবৰ্দ্ধনো কৰে।

এই উদ্ভিদবিধ যে প্ৰধানকৈ ঔষধৰুপেই ব্যৱহৃত হয়-তাক দোহৰাৰ প্ৰয়োজন নাই। প্ৰকৃততে ইয়াৰ গছৰ বিভিন্ন অংশ, যেনে-পাত, গা-গছ(ছাল), ফুল আৰু শিপাত সামূহিকভাৱে কিছুমান ৰাসায়নিক উপাদান থাকে-যিবিলাকে উদ্ভিদবিধক ঔষধি গুণৰ অধিকাৰী কৰিছে। এই উপাদানবোৰৰ কেইবিধমান হৈছে-কুইনিজলাইন এলকালয়ড, ভেচিছিন অক্সিভেচিছিনইনট, মেয়টন, কেম্পফেৰল, কুৱেৰিটিন, ভেছিকল পেগানাইন ইত্যাদি।

বাহকৰ ফুল, পাত, গছৰ ছাল, শিপা আদিৰ গুণ

  • ইয়াৰ ফুল কেঁচা বা শুকানে ভাজি কৰি ভাতৰ লগত খালে সাধাৰণ জ্বৰ, কাহ আদি লাঘৱ হয়।
  • ইয়াৰ ফুল ছাঁত শুকুৱাই মিহিকৈ গুড়ি কৰি অলপ লৈ ১০ গ্ৰাম গুড়ৰ লগত মিহলি কৰি চাৰিটা বড়ি কৰি ছাঁত শুকুৱাই ল’ব লাগে। এই বড়ি কুহুমীয়া গৰম পানীৰ লগত প্ৰয়োজন বিশেষে দিনে দুবাৰকৈ খালে মূৰৰ বিষ হ’লে মুহুৰ্ত্ততে বিষ কমি যায়।
  • বাহকৰ কোমল পাতৰ লগত অলপ কেঁচা হালধি মিহলি কৰি গৰুৰ মূতৰ লগত মিহিকৈ বটি লেপ দিলে খৰ, খজুৱতি, ছিটিকা ঘাঁ আদিৰ দৰে ছালৰ বেমাৰ দূৰ হয়।
  • ইয়াৰ শুকান পাতৰ গুড়িৰ লগত বগা চন্দনৰ গুড়ি সমভাৱে লৈ ভালদৰে মিহলাই ৪ গ্ৰাম হিচাপত প্ৰতিদিনে এবাৰকৈ খালে অৰ্শৰোগৰ তেজ পৰা বন্ধ হয়।
  • ইয়াৰ পাত্ৰ কহৰ ভাপ ল’লে অৰ্শৰ বাঢ়ি অহা মূৰৰ ফুলা কমি যায়।
  • বাহকৰ এটা পাত ষষ্ঠিমধু ৩ গ্ৰাম, ২০০ মি:লিটাৰ পানীত সিজাই সেই পানী ২৫ মি:লিটাৰ মান হোৱা অৱস্থাত ছেকি লৈ ঠাণ্ডা কৰি বসন্ত ওলোৱাৰ কালত খুৱালে বসন্ত নহয়।
  • বাহকৰ পাত ৭ টা, শুকান আদা, আকাশীলতাৰ শিপা, ভোমোৰা ফলৰ শাহ, হালধি আৰু ষষ্ঠিমধু (প্ৰত্যেকৰ ২ গ্ৰামকৈ) আৰু কাটা বেঙেণাৰ শিপা ৪ গ্ৰাম লৈ গোটেইখিনি দ্ৰব্য থেতেলাই ল’ব লাগে। পিছত সেই দ্ৰব্য ১০০ মি:লিটাৰ পানীত দি কম জুইত সিজাই পানীখিনি ঘন হ’লে গৰমে গৰমে চেকি ল’ব লাগে। ঠাণ্ডা হ’লে তাৰ লাগত ৩ গ্ৰাম মৌ মিহলাই দিনে দুবাৰকৈ খালে পানী লগা জ্বৰ, গাৰ বিষ, মূৰৰ বিষ আদি শীঘ্ৰে ভাল হয়। অৱশ্যে খোৱাৰ সময়ত নতুনকৈ প্ৰস্তুত কৰি ল’ব লাগে।
  • ইয়াৰ শিপাৰ কহ কৰি তাৰ ভাপ ল’লে বা কহ ছেকি কুলি কুলি কৰিলে বা মুখত কিছু সময় ৰাখিলে দাঁতৰ আলু ফুলা, জিভাৰ ঘাঁ, তালুৰ ঘা আদিৰ দৰে বিকাৰ সোনকালে ভাল হয়।
  • বাহকৰ পাত ১০ গ্ৰাম, মূলা আৰু গাজৰৰ গুটি ৬ গ্ৰামকৈ ২০০ মি:লিটাৰ পানীত সিজাব লাগে। তাৰ পিছত ৫০ মি:লিটাৰ মান থকা অৱস্থাত ছেকি লৈ ঠাণ্ডা অৱস্থাত সমানে দুভাগ কৰি পুৱা আৰু গধুলি একেৰাহে কেইদিনমান খালে মাহেকীয়া বন্ধ থকা বা মাহেকীয়াজনিত ৰোগ সহজেই নিৰাময় হয়। এনে দ্ৰব্য অৱশ্যে প্ৰতিদিনে নতুনকৈ তৈয়াৰ কৰি ল’ব লাগে।

অৰ্পণ দত্ত, দৈনিক অসম।

2.75609756098
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top