মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / উলট কম্বলৰ ঔষধী গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উলট কম্বলৰ ঔষধী গুণ :

উলট কম্বলৰ ঔষধী গুণৰ বিষয়ে লিখা হৈছে ।

 

উলট কম্বল Devil's cotton বৈজ্ঞানিক নাম- Abroma augusta, সংস্কৃত নাম- য়োশিনী, পিৱৰী।

১)অনিয়মীয়া ঋতুস্ৰাৱ আৰু গৰ্ভাশয় বিকাৰ –

উলট কম্বলৰ শিপাৰ ছাল ৬ গ্ৰাম, ১ গ্ৰাম জালুক মিহলাই পিহি এগিলাচ পানীত উতলাই ঠাণ্ডা কৰি সম্ভাৱিত মাহেকীয়া আৰম্ভণীৰ এসপ্তাহ আগৰ পৰা আৰু ঋতু চলিথকা কেইদিন খালি পেটত খাব। ই মাহেকীয়া নিয়মীয়া কৰাৰ লগতে গৰ্ভাশয় সবল কৰিব।

২)গৰ্ভস্থাপনা –

উলটকম্বলৰ শিপাৰ ছাল ১.৫ গ্ৰাম, পানৰ ঠাৰি ৪-৫ টা (পান পাতত লাগি থকা গুৰি অংশ), জালুক ৩ টা পিহি ৫০ মি.লি. পানীত মিহলাই পুৱা খালিপেটত মাহেকীয়া আৰম্ভ হোৱাৰ এসপ্তাহ আগৰ পৰা খাব।

৩)গনোৰীয়া বা যৌনাঙ্গ সংক্ৰমণ-

ই সংক্ৰমিত সংগীৰ পৰা হোৱা ভয়ানক যৌন ৰোগ। উলটকম্বলৰ সতেজ পাত আৰু গাগছৰ ছাল পিহি দুই চামুচ পৰিমাণ এগিলাচ পানীৰ লগত পুৱা খালি পেটত খালে গনোৰীয়া আৰোগ্য হয়।

৪)যোনীশূল-

উলটকম্বলৰ শিপাৰ ৰস এচামুচ চেনীৰ লগত মিহলাই খালে যোনীৰ শূল বা বিষ নিৰাময় হয়।

৫)ঋতু বিকাৰ আৰু ঋতুকালীন সমস্যা –

মাহেকীয়াৰ সময়ত ককাঁল, উৰু, তপিনা আৰু গৰ্ভাশয়ৰ অসহ্য বিষ হলে উলট কম্বলৰ শিপাৰ ৰস এচামুচ চেনীৰ লগত খালে ২/৩ দিনত আৰোগ্য হয়।

উলট কম্বলৰ শুকান ছাল ৫০ গ্ৰাম ভালদৰে থেতেলি ৬৫০ মি.লি. পানীত উতলাই ছেকি মাহেকীয়াৰ ৭ দিন আগৰ পৰা মাহেকীয়া দেখাদিয়া লৈকে দিনত তিনিবাৰ খালে যি কোনো ধৰণৰ ঋতুবিকাৰ ভাল হৈ স্বাভাৱিক আৰু নিয়মীয়া হয়।

উলটকম্বলৰ শিপাৰ গুৰি বা পিহা ৪ গ্ৰাম, জালুক ৭ টাৰ গুৰি পানীত মিহলাই ঋতুকালীন ৭ দিন পুৱা গধুলি ২ৰ পৰা ৪ মাহ খালে যিকোনো ধৰণৰ গৰ্ভাশয়ৰ দূষ নাইকিয়া হৈ ৰোগ আৰোগ্য হয়। এই প্ৰয়োগ প্ৰদৰ বা স্ৰাব আৰু বন্ধ্যাত্ব নিৰাময়ৰ সৰ্বশ্ৰেষ্ঠ ঔষধ।

পথ্য-

কেৱল গাখীৰ ভাত খাব। সংযম আৰু ব্ৰহ্মচৰ্য্য মানি চলিব।

৬)মধুমেহ-

উলট কম্বলৰ শিপাৰ শুকান গুৰি আধা চামুচ মহানীমৰ পাতৰ গুৰি আধাচামুচ এগিলাচ পানীত উতলাই ছেকি কুহুমীয়া গৰম অৱস্থাত পুৱা খালি পেটত খালে মধুমেহ নিয়ন্ত্ৰণ হয়।

বিঃদ্ৰঃ

উলটকম্বলৰ সৰ্বোচ্চ পৰিমাণ ৬ গ্ৰামৰ অধিক এদিনত সেৱন নকৰিব। গৰ্ভাৱস্থা আৰু স্তনপান কৰোৱা অৱস্থাত উলটকম্বল সেৱন নকৰিব। ইয়াত দিয়া বিধান অভিজ্ঞ আৰু অৰ্হতা সম্পন্ন চিকিৎসকৰ চিকিৎসকৰ পৰামৰ্শ লৈ হে গ্ৰহণ কৰিব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top