মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / উৎকৃষ্ট বনৌষধি কেহেৰাজ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উৎকৃষ্ট বনৌষধি কেহেৰাজ :

উৎকৃষ্ট বনৌষধি কেহেৰাজৰ বিষয়ে লিখা হৈছে ।

 

‘Each plant in nature has it’s own medicinal value’- হয়, প্ৰকৃতিৰ বুকুত থকা প্ৰতিজোপা উদ্ভিদৰে কিবা নহয় কিবা ঔষধি গুন আছে। তাৰে কিছুমান ঔষধি গছ আমাৰ চিনাকি আৰু কিছুমান অচিনাকি। তেনে এবিধ চিৰ পৰিচিত বনৌষধি হৈছে কেহেৰাজ বন। (বৈজ্ঞানিক নাম Eclipta alba বা Eclipta prostrata, ইংৰাজী নাম False daisy)| অসমীয়া থলুৱা বনৌষধিৰ কথা ক'লে কেহেৰাজৰ কথাই প্ৰথমে মনলৈ আহে। আমাৰ ঘৰৰ চৌপাশৰ সেমেকা ঠাইবোৰত, খেতি পথাৰত, ৰাস্তাৰ কাষে কাষে ইয়াক অতি সহজতে দেখা পোৱা যায়। ইয়াৰ সংস্কৃত নাম ভৃঙ্গৰাজ (শ্বেত ভৃঙ্গৰাজ)। আয়ুৰ্বেদ শাস্ত্রমতে ভৃঙ্গৰাজ এবিধ উৎকৃষ্ট গুনসম্পন্ন বনৌষধি আৰু ইয়াক ৰসায়ন (rejuvenation) ঔষধিৰ ভিতৰত ধৰা হয়। ই শৰীৰৰ ত্ৰিদোষ(বায়ু, পিত্ত আৰু কফ) সাম্যৱস্থাত ৰাখে। সহজলভ্য এইবিধ বনৌষধিৰ প্ৰয়োগে বিভিন্ন ৰোগত চমৎকাৰী ফলাফল দেখুৱায়। অতীজৰ বৈদ্য সকলে বিভিন্ন ৰোগত কেহেৰাজ ঔষধ হিচাবে ব্যৱহাৰ কৰিছিল আৰু সুফল পাইছিল। অকালপক্কতা, চুলি সৰা, উফি আদি চুলিৰ বিভিন্ন সমস্যাত, চুলিৰ সৌন্দৰ্য্য বৰ্ধনত, জণ্ডিচ, চিৰোচিছ(liver cirrhosis) আদি বিভিন্ন লিভাৰজনীত সমস্যাত, কটা চিঙা, ঘাঁ(cuts and wounds) আদিৰ চিকিৎসাত ই বহুলভাৱে ব্যৱহৃত হৈছিল। চীনদেশৰ চিকিৎসা পদ্ধতিতো ইয়াক ব্যৱহাৰ কৰা দেখা যায়। ইয়াত ইক্লিপ্তিন(Ecliptin) নামৰ এবিধ বিশেষ ৰাসায়নিক পদাৰ্থ থাকে। বীজাণুনাশক গুণ থকা বাবে ছাল, চুলিৰ বিভিন্ন সমস্যাত, কটা চিঙাৰ ঘাঁ আদিৰ প্ৰাথমিক চিকিৎসাত(first aid treatment) ইয়াৰ প্ৰয়োগ অতি ফলদায়ক। ঘাঁ শুকুৱাত (wound healing) ই তাৎক্ষণিক প্ৰভাৱ দেখুৱায়। ইয়াৰ পাত হাতেৰে মোহাৰি দিলে হাতত ক'লা ৰঙৰ চেকা লাগি যায়। সেয়েহে ই চুলিৰ স্বাভাৱিক ৰঙ ধৰি ৰখাত সহায় কৰে। অতীজৰে পৰা আমাৰ পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতিত কেহেৰাজ বনৰ প্ৰয়োগ হৈ আহিছে। গাঁৱৰ অভিজ্ঞ বুঢ়া মেথা লোকসকলে প্ৰাথমিক চিকিৎসাত কেহেৰাজ বন ব্যৱহাৰ কৰা দেখা যায়। থাওকতে পোৱা এইবোৰ বনৌষধিৰ অপাৰ মহিমা আছে। এইবোৰৰ পৰা এটাই কথা অনুধাৱন কৰিব পাৰি যে কেহেৰাজ এবিধ উৎকৃষ্ট বনৌষধি। স্বাস্থ্য ৰক্ষা আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াক কিদৰে ব্যৱহাৰ কৰা হয় সেয়া তলত উল্লেখ কৰা হৈছে। লগতে দুই এটা সৰু সুৰা ঘৰুৱা দিহাও দিয়া হৈছে। আশাকৰো আপোনালোক উপকৃত হ'ব।

১)অকালপক্কতা(premature greying of hair) আৰু চুলি সৰা(hair fall) সমস্যাত কেহেৰাজ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে দুটামান দিহা হৈছে:-

(ক)নাৰিকল তেল গৰম কৰি ৰাতি শোৱাৰ সময়ত চুলিৰ গুৰিত আঙুলিৰে মালিচ কৰি শুই থাকক। পিছদিনা ৰাতিপুৱা কেহেৰাজ বন আৰু কেঁচা পিয়াঁজ এটা খুন্দি তাৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত এঘণ্টাৰ বাবে সানি থওক। তাৰ পিছত কোমল চেম্পুৰে(mild shampoo) চুলিখিনি ধুই পেলাওক। সপ্তাহত এদিন বা দুদিন এইদৰে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ লগতে সুষম আহাৰ(balanced diet) গ্ৰহণ কৰাত গুৰুত্ব দিয়ক। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক আৰু সেউজীয়া শাক পাচলি খাওক।

(খ)কেহেৰাজৰ পাত ৰ'দত শুকুৱাই গুৰি কৰি ল'ব। সেই গুৰি খাটি নাৰিকল তেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত বটলত ভৰাই থ'ব। চুলি শ্বেম্পু কৰাৰ আগদিনা সেই তেলেৰে চুলিৰ গুৰিত ভালকৈ মালিচ কৰক। এই তেল ব্যৱহাৰ কৰিলে চুলি সৰা সমস্যা কমি যায় আৰু চুলিৰ গঠন সুন্দৰ হৈ পৰে।

২)কটা চিঙা, ঘাঁ আদিৰ প্ৰাথমিক চিকিৎসাত কেহেৰাজ ব্যৱহাৰ কৰিলে তাৎক্ষণিক ফলাফল পোৱা যায়। কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে। ই প্ৰাকৃতিক এন্টিবায়টিক আৰু বিষনাশক(pain killer) হিচাবে কাম কৰে। কটা ঘাঁৰ পৰা তেজ ওলোৱা বন্ধ কৰে আৰু ঘাঁৰ বিষো কম কৰে। ইয়াৰ বাবে চাফাকৈ ধুই লোৱা কেহেৰাজ পাত অলপ আৰু মানিমুনি (ডাঙৰ বা সৰু মানিমুনি দুয়োবিধৰ যিকোনো এবিধ বা দুয়োবিধ ব্যৱহাৰ কৰিব পাৰে) একেলগে খুন্দি আঘাত পোৱা অংশত লগাওঁক। অকণমান কলপাতেৰে মেৰিয়াই ঢিলাকৈ বান্ধি থ'ব পাৰে কিছুসময়। বেছি টানকৈ নাবান্ধিব। এনেকৈ দুদিন বা তিনিদিন এই লেপটো লগাওঁক। লাহে লাহে কটা ঘাঁ শুকাই আহিব।

৩)জণ্ডিচ, যকৃত(liver enlargement) আৰু প্লীহা বৃদ্ধি(spleen enlargement), লিভাৰ চিৰ'চিছ ইত্যাদি বিভিন্ন সমস্যাত কেহেৰাজ বৰ উপকাৰী। ই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, পিত্তৰসৰ উৎপাদন(bile juice) আৰু প্ৰবাহ বৃদ্ধি কৰে, লিভাৰ এঞ্জাইম সমূহ সক্ৰিয় কৰে আৰু অলাগতিয়াল বৰ্জ্য পদাৰ্থসমূহ(toxins) ওলাই যোৱাত সহায় কৰে। ভোক বঢ়ায় আৰু পাচনতন্ত্রৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

*লিভাৰৰ যিকোনো সমস্যাত মানিমুনি, মাটিকাদুৰি, বনজালুকৰ লগত কেইটামান কেহেৰাজৰ আগ মিহলাই আঞ্জা কৰি খালে সুফল পোৱা যায়।

*ভূঁই আমলখিৰ(বা বন আমলখি) ৰস এচামুছ, কেহেৰাজ পাতৰ ৰস এচামুছ, অকণমান তালমিচিৰি একেলগে এগিলাচ পানীত মিহলাই মাজে মাজে খালেও সুফল পোৱা যায়।

৪)ছালৰ বিভিন্ন সমস্যা যেনে ছালৰ ভেঁকুৰ জনীত সংক্ৰমণ(fungal infection) খজুৱতি (itching), এলাৰ্জি আদিত তলত দিয়া দিহা ব্যৱহাৰ কৰিলে উপশম পোৱা যায়:-

(ক).কেহেৰাজৰ আগ কেইটামান, মানিমুনি, নিমপাত কেইটামান, কেঁচা হালধি অকণমান, তুলসী পাত কেইটামান, জেতুকাৰ পাত একেলগে পিচি পেষ্ট বনাই আক্ৰান্ত অংশত লেপ হিচাবে ব্যৱহাৰ কৰিব লাগে।

(খ)কেহেৰাজ, মানিমুনি, নাৰ্জী ফুলৰ পাত একেলগে পিচি পেষ্ট বনাই লেপ দিলেও সুফল পোৱা যায়।

(৫)ডায়েৰীয়া, ডিচেণ্ট্ৰি আদি পেটৰ অসুখত কেহেৰাজ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। সকলোৰে ঘৰত উপলব্ধ কিছুমান থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি এইবোৰ ৰোগ ঘৰতে নিৰাময় কৰিব পাৰি।

ইয়াৰ বাবে তলত দিয়া দিহা ব্যৱহাৰ কৰি চাব পাৰে:-

*মধুৰীৰ কোমল আগ দুটামান, ডালিমৰ কোমল আগ দুটামান, মানিমুনি অলপ, কেহেৰাজৰ আগ দুটামান একেলগে খুন্দি একাপ পানীত অকণমান ক'লা নিমখ দি চেকণিৰে চেকি লওক। অলপ গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত ৰোগীক খাবলৈ দিয়ক। লগতে পথ্য অপথ্যৰ ওপৰত গুৰুত্ব দিয়ক। কাচকল, ডালিম, মধুৰী, মছন্দৰী আদি সুপথ্য। ৰঙালাও, বেঙেনা, জ্বলা, মচলা যুক্ত খাদ্য পৰিহাৰ কৰক। ৰোগ জটিল হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ইয়াৰ উপৰিও ডায়েবেটিচ ৰোগীৰ বাবেও কেহেৰাজ এক বৰদান স্বৰূপ। ডায়েবেটিচ ৰোগীৰ শৰীৰত কটা চিঙা ,ঘাঁ আদি হ'লে সোনকালে নুশুকায়। তেওঁলোকে কেহেৰাজ বন আৰু মানিমুনিৰ প্ৰয়োগ কৰিলে সুফল পাব। ইমানবোৰ গুনেৰে ভৰপূৰ কেহেৰাজ বনৰ কথা কৈও শেষ কৰিব নোৱাৰি। আমাৰ পূৰ্বপুৰুষ সকলে অভিজ্ঞ হাতেৰে এইবোৰ বনৌষধি প্ৰয়োগ কৰি নিৰোগী হৈ আছিল। দকৈ চিন্তা কৰিলে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ওচৰত আমাৰ মূৰ দোঁ খাই যায়। সহজলভ্য এই বনৌষধি সমূহ আমি প্ৰত্যেকেই চিনি পোৱা উচিত।

বি:দ্ৰ:-

লেখনিটোত থলুৱা বনৌষধিৰ থুলমূল আভাষ এটা দিবলৈ চেষ্টা কৰা হৈছে। জটিল ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

লেখক: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top