মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ঔষধি গুণযুক্ত শেৱালি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণযুক্ত শেৱালি :

ঔষধি গুণযুক্ত শেৱালিৰ বিষয়ে লিখা হৈছে ।

প্ৰাচীন কালৰে পৰা ভাৰতীয় লোকবিশ্বাসত কিছুমান বিশেষ ফুলে স্থান পাই আহিছে। তেনে এবিধ বিশেষ ফুলৰ গছ হৈছে শেৱালি ফুল ।

শেৱালি নেৱালি পলাশ পাৰলি
পাৰিজাত যুতি যাই
বকুল বন্দুলি আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই।’

কীৰ্তনৰ ‘হৰমোহন’ অধ্যায়ত স্বৰ্গৰ বৰ্ণনাত শেৱালি ফুলৰ বিষয়ে এনেকৈ উল্লেখ আছে। আন এক লোকবিশ্বাস মতে শ্ৰীকৃষ্ণৰ পত্নী সত্যভামাৰ মৰমৰ দাবীত ভগৱন্তই স্বৰ্গৰ পাৰিজাত ৰূপী শেৱালীক এই পৃথিৱীলৈ লৈ আনিছিল । এনেদৰে ভিন ভিন পৌৰাণিক শাস্ত্রত শেৱালিৰ বৰ্ণনা পোৱা যায়। তলসৰা শেৱালিয়ে শৰত কালৰ আগমনৰ বতৰা লৈ আহে। ইয়াৰ মনমতলীয়া কৰা সুবাসে মোহময়ী শাৰদী নিশাবোৰ আৰু মাদকীয় কৰি তোলে । নিশাৰ ৰাণী এই শেৱালি ফুল কিবা এক বিষাদতহে যেন ৰাতিপুৱা মাটিত সৰি পৰে। সেয়েহে ইংৰাজীত ইয়াক Night flowering Jasmine বা Tree of Sorrow বা Sad tree বুলিও কোৱা হয়। ইয়াৰ সংস্কৃত নাম মুখ্যতঃ পাৰিজাত । আনহাতে ইয়াৰ বৈজ্ঞানিক নাম Nyctanthes arbor-tristis।  অঞ্চলভেদে ইয়াক ভিন ভিন নামেৰেও জনা যায়। পৰম্পৰাগত থলুৱা ব্যঞ্জনত শেৱালি ফুলৰ বিভিন্ন ব্যঞ্জন আছে যেনে শেৱালি ফুলৰ বৰ বা পকৰি, খাৰ দি বনোৱা শেৱালি ফুল, শুকান শেৱালি ফুলৰ ভাজি, বেচন দি বনোৱা শেৱালি পাতৰ বৰ আদি। সৌন্দৰ্য্যৰ ফালৰ পৰা ই যেনেকৈ মনোমোহা ঠিক সেইদৰে স্বাস্থ্য ৰক্ষা আৰু ৰোগৰ চিকিৎসাতো ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্রত জ্বৰ, কাহ, গাঁঠিৰ বিষ আদি বিভিন্ন ৰোগৰ চিকিৎসাত শেৱালি গছৰ ফুল, পাত আদিৰ ব্যৱহাৰৰ কথা উল্লেখ আছে । ই সোৱাদত তিক্ত, লঘু, ৰুক্ষ গুণযুক্ত, কটু বিপাক, উষ্ণ বীৰ্য (hot in potency), কফ বাতনাশক অৰ্থাৎ কফ আৰু বাত বা বায়ুজনীত ৰোগত মহৌষধ। পৰম্পৰাগত বনৌষধি চিকিৎসাতো ইয়াৰ ব্যৱহাৰ হোৱা দেখা যায়। ভিন ভিন জনজাতিৰ লোকে এতিয়াও শেৱালিৰ ফুলৰ পাত, ফুল কাহ, পেটৰ অসুখ আদি বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰে। এইবিধ ঔষধি গছে কিদৰে আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে চাওঁচোন আহক:-

  • কাহ, চৰ্দি, নচিলাইটিছ, ফেৰিঞ্জাইটিছ,ছাইনাচাইটিছ, ব্ৰংকাইটিছ, হাপানী বা এজমা (Asthma) আদি ৰোগত শেৱালি ফুলৰ পাত আৰু ফুল ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে তলত দিয়া দিহাকেইটা কৰি চাব পাৰে:-
    • আদাৰ ৰস এচামুছ, তুলসীৰ ৰস এচামুছ, শেৱালি ফুলৰ পাতৰ ৰস আধা চামুছ ,মৌ এচামুছ একেলগে মিহলাই দুভাগ কৰি দিনে দুবাৰকৈ খাওক।
    • শেৱালি ফুলৰ একেবাৰে কুমলীয়া আগ ৫ টা বা ৭টা, নহৰু ৫ ফুটা, জালুক তিনিটা কলপাতত মেৰিয়াই জুইত সেকি দুপৰীয়া ভাতৰ লগত খাওক।
    • শেৱালি ফুল অলপ, থেতেলাই লোৱা আদা নহৰু অলপ, অকণমান নিমখ দি তাৱাত সেকি ভাতৰ লগত মাজে মাজে সেৱন কৰক।
    • শেৱালি ফুল অকণমান কলখাৰ দি খালে ইয়াৰ ঔষধি গুণ বাঢ়ি যায়। বিশেষকৈ তনচিলাইটিছ, ফেৰিঞ্জাইটিছ, চাইনাচাইটিছ ৰোগত ই সুফল দিয়ে।
  • মেলেৰিয়া,ডেংগু আদি বিভিন্ন প্ৰকাৰৰ জ্বৰত শেৱালি ফুল আৰু পাত উত্তম পথ্য। ই তেজৰ প্লেটলেটৰ সংখ্যা বঢ়ায় আৰু ৰোগৰ লগত যুঁজিবলৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।লং এটা, জালুক তিনিটা, আদা সৰু চাই এডোখৰ , শেৱালি ফুলৰ পাত দুখিলা একেলগে খুন্দি এগিলাচ পানীৰ লগত উতলাই আধা হোৱাত ঠাণ্ডা কৰিব। দুভাগ কৰি দিনে দুবাৰ তিনিদিন বা পাঁচদিন সেৱন কৰিব।
  • পেলুৰ সমস্যাত (worm infestation) সৰু সৰু লৰা ছোৱালীৰ কৃমি পেলু হ’লে শেৱালি ফুলৰ পাতে সুফল দিয়ে। খোৱাৰ বিধি হৈছে-
    • শেৱালি ফুলৰ পাতৰ ৰস এচামুছ অকণমান চেনী দি সেৱন কৰক। সৰু সৰু ল’ৰা ছোৱালীৰ বাবে বয়স অনুপাতে কেইটোপাল মান বা এচামুছ ৰস চাৰি ভাগ বা পাঁচ ভাগ কৰি এভাগকৈ খুৱাব। ৫ বছৰৰ ওপৰৰ শিশুকহে খুৱাব।
    • শেৱালি ফুলৰ পাত ৰ’দত শুকুৱাই গুৰি কৰি বটলত ভৰাই থ’ব। ১/৪ চামুচ একাপ পানী দি উতলাই আধা কৰি ঠাণ্ডা হোৱাৰ পাছত অকণমান মৌ দি সেৱন কৰক।
    • শেৱালি ফুলৰ পাত বেচনত লেতিয়াই বৰ বা পকৰি হিচাবে বনাই খালেও সুফল পোৱা যায়।
  • আৰথ্ৰাইটিছ (Arthritis), চায়াটিকা (sciatica) আদিত শেৱালি ফুলৰ পাতৰ ক্কাথ   (decoction) হিচাবে বনাই খালে সুফল পোৱা যায়। দুখিলা পাতৰ ৰস একাপ পানীত উতলাই চাহ হিচাবে সেৱন কৰিলেও উপশম পোৱা যায়।
  • মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত (dysmenorrhea) শেৱালি পাতৰ ক্কাথ উপকাৰী। মালয়েছিয়া, ইণ্ডোনেছিয়া আদি দেশতো শেৱালি পাত এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
  • ছালৰ ভেঁকুৰ জনীত সংক্ৰমণ (ring worm), এলাৰ্জি আদিত শেৱালি ফুল আৰু পাত দুয়োটা উপকাৰী। প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকা বাবে ছালৰ বিভিন্ন সমস্যাত ই উপকাৰী। মাহেকত তিনিদিন শেৱালিৰ কুমলীয়া আগ দুটামান নহৰু দি ভাজি খাব পাৰে নাইবা শেৱালি ফুলৰ খাৰ বনাই খাব পাৰে।
  • লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাতো শেৱালি উপকাৰী। লিভাৰৰ বিভিন্ন ৰোগত শেৱালি ফুল উত্তম পথ্য।
  • দাঁতৰ বিভিন্ন ৰোগতো ই উপকাৰী।
  • ডায়েবেটিচ ৰোগী, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবেও শেৱালি ফুল আৰু পাত উত্তম ঔষধি। ৰক্তচাপ আৰু তেজৰ শৰ্কৰা নিয়ন্ত্রণ কৰাত ই সহায় কৰে।

বি:দ্ৰ :– শেৱালি পাত সেৱন কৰোতে মাত্ৰাৰ ওপৰত ধ্যান দিয়া উচিত। বেছি পৰিমানে সেৱন কৰিলে ব্লাড চুগাৰ ,ৰক্তচাপ কমি যাব পাৰে। নিম্ন ৰক্তচাপ থকা লোকে শেৱালি পাতৰ সেৱন অত্যাধিক মাত্ৰাত নকৰাই ভাল। গৰ্ভৱতী মহিলাইও কম পৰিমাণেহে যিকোনো তিতা সেৱন কৰাটো বাঞ্ছনীয়। একেবাৰে সৰু লৰা ছোৱালীক যিকোনো তিতা খোৱাওঁতে সাৱধানতা অৱলম্বন কৰা উচিত।

লেখিকা :- ডাঃ ৰেইনী দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top