মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ঔষধি গুণসম্পন্ন মৰাণ আদা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণসম্পন্ন মৰাণ আদা :

ঔষধি গুণসম্পন্ন মৰাণ আদাৰ বিষয়ে লিখা হৈছে ।

মৰাণ আদা মাটিৰ তলত হোৱা এবিধ মছলাজাতীয় পাচলি। মৰাণ আদাৰ গছ ১০-১৫ মিটাৰ পৰ্যন্ত ওখ হয়। মৰাণ আদা সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহত ৰোপণ কৰিব লাগে।

পানী জমা নোহোৱা ওখ বালিচহীয়া মাটি মৰাণ আদাৰ খেতিৰ বাবে উপযোগী। উপযুক্ত সাৰ-পানী-প্ৰতিপালন পালে এবিঘা মাটিৰ প্ৰায় ২৫-৩০ কুইন্টল আদা উৎপাদন কৰিব পৰা যায়। মৰাণ আদাৰ পাত ডাঠ সেউজীয়া।

কাণ্ড আৰু পাত জলা। মৰাণ আদাৰ বৈজ্ঞানিক নাম Zingiber Officinale Linn ই Zingiberaceae গোত্ৰৰ অন্তৰ্গত।

মৰাণ আদা এবিধ ঔষধ গুণসম্পন্ন উদ্ভিদ-

  • মৰাণ আদা কফত যথেষ্ট উপকাৰী। মৰাণ আদাৰ ৰস খালে কফ বাহিৰ হয়।
  • বদহজম হ’লে মৰাণ আদা খালে সুফল পোৱা যায়।
  • ৰক্তহীনতা ৰোগত মৰাণ আদা উপকাৰী।
  • চুলি সৰিলে, চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ মৰাণ আদাৰ ৰস লগাব লাগে।
  • যৌন সম্পৰ্কীয় ৰোগত মৰাণ আদা সুপথ্য।
  • শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হ’লে মৰাণ আদা খালে উপকাৰী।
  • কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত মৰাণ আদা মহৌষধ।
  • পেটৰ বিভিন্ন ৰোগৰ মৰাণ আদা উপকাৰী।
  • বাতবিষ হ’লে মৰাণ আদাৰ ৰসৰ প্ৰলেপ দিলে ৰোগীয়ে সুফল লাভ কৰে।
  • দাঁতৰ বিষ হ’লে মৰাণ আদা এটুকুৰা খুন্দি তাৰ ৰস বা আদা টুকুৰা চোবাই খালে বিষৰ উপশম ঘটে।
  • খাদ্যনলীত হোৱা সংক্ৰমণ মৰাণ আদাৰ ৰসে নাশ কৰে।

উৎস: ৰাইজৰ বাতৰি

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top