মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ঔষধি গুণেৰে ভৰা নৰসিংহ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণেৰে ভৰা নৰসিংহ :

ঔষধি গুণেৰে ভৰা নৰসিংহৰ বিষয়ে লিখা হৈছে ।

নৰসিংহ এবিধ সকলোৰে পৰিচিত গুল্মজাতীয় বনৰীয়া উদ্ভিদ। অসমৰ প্ৰায় সকলো ঠাইতে পৰ্যাপ্ত পৰিমাণে পোৱা, বাৰী-ঘৰৰ চৌপাশে, হাবি-বননিয়ে আপোনা আপুনি হোৱা ই এবিধ উৎকৃষ্ট বনৌষধি। ইয়াৰ বৈগানিক নাম হৈছে ‘মুৰায়া কনিগি’ (Murraya Konigii) আৰু ‘ৰুটাছি’ (Rutaceae) গোত্ৰৰ। ইয়াৰ ঔষধি গুণ আৰু উপকাৰিতাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। ভেদাইলতাৰ দৰে ইয়াৰ পাতো আঞ্জা বা ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰাচীন কালৰপৰাই উৎকৃষ্ট বনৌষধি হিচাপে ইয়াৰ আদৰ আছে। পেটৰ বিভিন্ন অসুখৰ কাৰণে ই পৰম উপকাৰী ঔষধিস্বৰুপ। ইয়াৰ নিয়মিত সেৱনদ্বাৰা পেটৰ বিভিন্ন ৰোগ প্ৰশমিত হয়। বিশেষকৈ পেটৰ কামোৰণি, অজীৰ্ণ, হাগনি (পেটচলা) আৰু ৰক্তহীনতা ৰোগৰ বাবে ই অত্যন্ত উপকাৰী। পেটৰ কামোৰণি, শৌচত শাওঁ পৰা আদি ৰোগত ঘৰুৱা ঔষধি হিচাপে ইয়াক ব্যৱহাৰ কৰি ৰোগ প্ৰশমিত কৰিব পাৰি। এনেকুৱা পেট কামোৰণি ৰোগত ইয়াৰ পাতৰ ৰস ৫০ মিলিগ্ৰাম অলপ পানীৰ সৈতে মিহলাই কিছুদিন খালে ভাল ফল পোৱা যায়। ইয়াৰ পাতৰ ৰস আৰু ৰসেৰে ৰন্ধা আঞ্জা ৰক্তহীনতাৰ ৰোগীৰ বাবে উত্তম পথ্যস্বৰুপ। ইয়াৰ আঞ্জা মাগুৰ, শিঙী আদি মাছেৰে ৰান্ধি পথ্য হিচাপে খুৱালে অতি সোনকালে ৰক্তহীনতা ৰোগ (এনিমিয়া) আঁতৰি যায় আৰু ৰোগী সোনকালে সুস্থ হৈ পৰে।

নৰসিংহ আন আন গুৰুত্বপুৰ্ণ ঔষধি গুণবোৰ হ’ল -

*ইয়াৰ পাতত পোৱা পৰ্যাপ্ত মাত্ৰাৰ ‘খাদ্যপ্ৰাণ-ক’। ই দৃষ্টিশক্তি উন্নত কৰে। কুকুৰীকণা ৰোগ আৰু চকুত ছানি পৰা ৰোগ প্ৰতিৰোধ কৰে।

*ই ডায়েৰীয়া বা হাগনি ৰোগ প্ৰতিৰোধ কৰে।

*ইয়াৰ পাতত পোৱা টেনিন (Tannin) আৰু কাৰবাজোল (Carbazole) এলকালয়ডকৈ ধৰি নানাবিধ ঔষধি ৰাসায়নিক উপাদানে যকৃৎ সুৰক্ষিত কৰি ৰাখে আৰু লিভাৰ চিৰোছিছ, হেপাটাইটিছ আদি ৰোগ প্ৰতিৰোধ কৰে।

*ই এণ্টি অক্সিডেণ্ট সমৃদ্ধ আৰু ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণো আছে।

*চুলি আৰু ছালৰ বাবেও ই পৰম উপকাৰী।

*কলেষ্টেৰল নিয়ন্ত্ৰণতো ইয়াৰ এক গুৰুত্বপুৰ্ণ ভুমিকা আছে।

বিভিন্ন ব্যঞ্জনৰ ৰুপত ইয়াক ব্যৱহাৰ কৰি বিশেষ সুফল পাব পাৰি। ই কীটনাশকৰ কবলৰপৰাও সম্পুৰ্ণভাৱে মুক্ত। ভেদাইলতাৰ দৰে ইয়াকো বিভিন্ন ব্যঞ্জনৰ ৰুপত ব্যৱহাৰ কৰি পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰাৰ উপৰি ইয়াৰ আমি আমাৰ দেহৰ পুষ্টি সাধন কৰিব পাৰো।

লেখক : ভুৱনেশ্বৰ ডেকা (দৈনিক অসম)

3.13793103448
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top