মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ঔষধি গুণেৰে ভৰা হিং :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণেৰে ভৰা হিং :

ঔষধি গুণেৰে ভৰা হিংৰ বিষয়ে লিখা হৈছে ।

 

হিং এবিধ বহু বৰ্ষজীৱী ঔষধি ওখ বন। ইয়াৰ গা-গছৰ আঠা ঔষধি। হিং হালধীয়া বৰণৰ। ইয়াৰ সোৱাদ তিতা। ইয়াৰ বৈজ্ঞানিক নাম Ferula assafoetida boiss । এই গছৰ ৰস উলিয়াই সেই ৰস শুকুৱাই হিং তৈয়াৰ কৰা হয়। বসন্ত কালত এই গছ কটাৰীৰে কাটি পাত্ৰত ৰস উলিয়াই সেই ৰস শুকুওৱা হয়। এই শুকুওৱা বস্তখিনিয়ে হিং। হিং বহুত কম উৎপন্ন হয় কাৰণে বজাৰত কৃত্ৰিম হিঙো পোৱা যায়। হিং দুবিধ- হীৰা হিং আৰু ক’লা হিং। তীব্ৰ গোন্ধ থকা হিঙক হীৰা হিং বুলি কোৱা হয়। প্ৰকৃতিপ্ৰদত্ত হিং জুইত দিলে কৰ্পূৰৰ দৰে জ্বলি উঠে আৰু পানীত দিলে গলি যায়। আফগানিস্থান, ইৰাণ আৰু বেলুচিস্থানৰ পৰ্বতীয়া ঠাইত হিং পোৱা যায়।

হিঙৰ বহুতো ঔষধি গুণ আছে। সেয়ে বিভিন্ন ঔষধ প্ৰস্তুত কৰাত হিং ব্যৱহাৰ হয়। হিঙে অজীৰ্ণ ৰোগ ভাল কৰে। কাহ, কফ আদি ৰোগত হিং উপকাৰী। কোষ্ঠকাঠিন্য ৰোগতো হিং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। পেট বিষালে হিং গুড়ি পেটত লগাই পিহি দিলে আৰাম পোৱা যায়। মূৰৰ বিষ, কৃমি আদি ৰোগৰ বাবে হিং লাভদায়ক।

কলেৰা হ’লে ৰোগীৰ বমি আৰু পায়খানা হয়। ফলত প্ৰস্ৰাৱ বন্ধ হৈ যায়। তেতিয়া হিং খালে প্ৰস্ৰাৱ হয়। মহিলাসকলৰ মাহেকীয়াৰ সময়ত থকা বিভিন্ন আহুকালো নোহোৱা কৰে। দাঁতৰ বিষ হ’লে হিং পানীত গৰম কৰি সেই পানীৰে কুলকুলি কৰিলে আৰাম পোৱা যায়। পেট ফুলিলে হিং খালে ফুলা ভাব নোহোৱা হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.25
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top