মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ঔষধি গুণেৰে ভৰা ৰবাব টেঙা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণেৰে ভৰা ৰবাব টেঙা :

ঔষধি গুণেৰে ভৰা ৰবাব টেঙাৰ বিষয়ে লিখা হৈছে ।

 

পূজা আহিলেই সাধাৰণতে বজাৰত দেখিবলৈ পোৱা ফলবিধ হ’ল ৰবাব টেঙা। ৰবাব টেঙা সকলোৰে পৰিচিত গছ। ই এবিধ টেঙা-মিঠা ফল।

অঞ্চলভেদে ৰবাব টেঙা গছৰ উচ্চতাৰ ভিন্নতা দেখা পোৱা যায়। ৰবাব টেঙাৰ গা-গছৰ ৰং প্ৰায় মাটি বৰণীয়া। পাতৰ ৰং ডাঠ সেউজীয়া।

ইয়াৰ ফুলৰ ৰং পাতল বগা-ৰঙা আৰু ফুলৰ এটা মিঠা সুগন্ধ আছে। কেঁচা অৱস্থাত ৰবাব টেঙাৰ ফলবোৰ সেউজীয়া। পকিলে হালধীয়া বৰণৰ হয়।

আহিন-কাতিমহীয়া ফল পৈণত হয়। ফলৰ ভিতৰত আঠ-নটামান ফোট পোৱা যায়। এই ফোটবোৰৰ ভিতৰত বগা, গুলপীয়া নাইবা পাতল গুলপীয়া ৰঙৰ সৰু সৰু অসংখ্যা ফোট থাকে।

এই ফোটবোৰ ৰসাল আৰু খাবলৈ সোৱাদযুক্ত। ৰবাব টেঙা শৰীৰৰ বাবে অতি উপকাৰী আৰু ঔষধী গুণেৰে ভৰা। এইবিধ ফলত শৰীৰৰ বাবে অতি আৱশ্যকীয় ‘ক’, ‘খ’, ‘গ’ ভিটামিন আৰু চেনি থাকে।

ইয়াৰ কিছুমান ঔষধী গুণ এনেধৰণৰ-

*ৰবাব টেঙা উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চৰ্বত বনাই খালে উপকাৰ পাব।

*দৃষ্টিশক্তি বৃদ্ধিতো ৰবাব টেঙাই সহায় কৰে।

*জণ্ডিছ ৰোগীৰ বাবে ৰবাব টেঙা মহৌষধ।

*ৰবাব টেঙা খালে ঘামচি কমে।

*পানী লগা ৰোগত ৰবাব টেঙা নিমখ, মিঠাতেল আৰু জলকীয়াৰে খালে ৰোগ সোনকালে নিৰাময় হয়।

*ৰবাব টেঙা নিয়মিত ৰূপে খালে গাৰ ছাল নিমখ হয়।

জনশ্ৰুতি মতে, ৰবাব টেঙা গছৰ বতাহে শৰীৰৰ ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.92307692308
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top