মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ঔষধি গুণৰ ভঁৰাল কলাখাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণৰ ভঁৰাল কলাখাৰ

ঔষধি গুণৰ ভঁৰাল কলাখাৰৰ বিষয়ে লিখা হৈছে।

“টেঙা তিতা খাৰ

এই তিনি ভোজনৰ সাৰ”।

খাৰ দুবিধ। ছ’ডা আৰু কলা খাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ বড়ো জাতিকে ধৰি বিভিন্ন জাতি-জনজাতিৰ খাৰৰ আঞ্জা অতি প্ৰিয়। আহিন-কাতি মাহত ভীমকল বা অন্য কলগছ কাটি ৰ’দত শুকাই লয়। তাৰ পিছত ইয়াক পুৰি ছাইখিনি কলহত ভৰাই থয়।

সেই ছাই কিছু লৈ খৰাহিত দি তাত পানী দি কলাখাৰ তৈয়াৰ কৰা হয়। এই কলাখাৰ জনজাতি লোকে বিভিন্ন ব্যঞ্জনত দি খায়। সেই বাবে তেওঁলোকৰ মধুমেহ (ডায়েবেটিছ) ৰোগ নহয়। উচ্চ ৰক্তচাপ আৰু পেটৰ ৰোগো খুব কমেই হোৱা দেখা যায়। কলাখাৰত ফছফৰাছ, পটাছিয়াম আৰু ছডিয়াম যথেষ্ট পোৱা যায় বুলি কোৱা হয়। সেই বাবে এচিডিটী, এনিমিয়া নহয়। হজম শক্তি বৃদ্ধি হয়।

এতিয়া আমি কলাখাৰ আঞ্জাৰ ঔষধি গুণৰ কথা আলোচনা কৰিবলৈ লৈছো :-

পানীলাউ খাৰ আঞ্জা :-

কোমল পানীলাউ (জাতিলাউ) ৰ লগত কলাখাৰ আঞ্জাখন বৰ সোৱাদ লগা হয়। তাত বৰালি মাছৰ মূৰ আদি দি খাৰ আঞ্জা তৈয়াৰ কৰা হয়, ই বৰ জুতি লগা হয়। ই শক্তিবৰ্ধক। খোৱাৰ ৰুচি বঢ়ায়। হজম শক্তি ভাল হয়। কোষ্ঠকাঠিন্য দূৰ কৰে।

কোমোৰাৰ খাৰ :-

কোমল জালি কোমোৰা কলাখাৰ দি ৰন্ধা খাৰ আঞ্জাখন বৰ জুতি লগা হয়। ডায়েবেটিছ ৰোগৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰিব। ই শক্তিদায়ক আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে বুলি কোৱা হয়।

কলপচলা খাৰ :-

ভীমকলৰ পচলা অতি উত্তম। ভীমকলৰ পচলা কলাখাৰ দি ৰন্ধা আঞ্জা বৰ সোৱাদ লগা হয়। পচলা গ্ৰহণী, অতিসাৰ, পেট ওখহা আদি ৰোগৰ মহৌষধ। পচলা পুষ্টিকৰ, হজম শক্তি বৃদ্ধি কৰে। শৌচ-প্ৰস্ৰাৱ নিয়মীয়া হয়। পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। ইয়াত কেলচিয়াম পোৱা যায়। ইয়াত যথেষ্ট লৌহ পদাৰ্থ পোৱা যায়।

ওলকবিৰ খাৰ আঞ্জা :-

ওলকবি খাৰ দি ৰান্ধি খোৱাৰ উপৰি ইয়াক সৰু সৰুকৈ চকলিয়াই ৰ’দত শুকাই থৈ পিছত সেই সুথি খাৰ দি খাব পাৰি। ওলকবিত মেংগানিজ, লো আৰু কেলচিয়াম যথেষ্ট পৰিমাণে থাকে। ই হজমী শক্তি বঢ়ায়, কোষ্ঠকাঠিন্য দূৰ কৰে।

মাংসপেশী আৰু স্নায়ু সবল কৰি ৰাখে। কেন্সাৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। হৃদযন্ত্ৰ কাৰ্যক্ষম কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। মানুহৰ দৃষ্টিশক্তি বঢ়ায়। কিয়নো ইয়াত বিটা কেৰাটিন ৰোগ প্ৰতিৰোধী বস্তু থাকে বুলি কোৱা হয়।

কলফুলৰ খাৰ আঞ্জা :-

কলফুল এবিধ অতি উৎকৃষ্ট ঔষধি গুণসম্পন্ন। বিশেষকৈ ভীমকলৰ কলফুল বৰ উপকাৰী। ইয়াক ভাজি মচুৰ দাইলত দি খোৱাৰ উপৰি কলাখাৰ দি ব্যঞ্জন কৰি খালে বৰ উপকাৰ পোৱা যায়। কলফুলৰ লগত কলাখাৰ দি তাত শুকান পুঠি- খলিহৈ দি ৰন্ধা আঞ্জাখন খাবলৈ বৰ সোৱাদ লগা হয়।

নিম্ন ৰক্তচাপ হোৱা ৰোগীয়ে সপ্তাহত এদিনকৈ কলফুল খাৰ আঞ্জা খালে উপকাৰ পোৱা যায়। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে উচ্চ ৰক্তচাপ ৰোগীৰ বাৰে কলফুল খাৰ আঞ্জা মাৰাত্মক বুলি কোৱা হয়।

  • পাইলছ,
  • যক্ষ্মা,
  • জণ্ডিচ আৰু
  • ডায়েবেটিছ ৰোগৰ বাবে বৰ উপকাৰী।

কলফুলত লৌহ পদাৰ্থ যথেষ্ট থাকে। সেয়েহে এনিমিয়া আৰু তেজৰ হিম’গ্লবিন কম হোৱা ৰোগীয়ে কলফুল খালে উপকাৰ পায়। ই বৰ পুষ্টিকৰ শক্তিবৰ্ধক আৰু হজম শক্তি বঢ়ায়।

তিঁয়হৰ খাৰ :-

তিঁয়হৰ খাৰ আঞ্জা বৰ উপকাৰী। বিশেষকৈ তিঁয়হ সৰু সৰুকৈ কুটি তাত খাৰ দি খলে বৰ সোৱাদ লগা হয়। ইয়াত যদি পুঠি মাছ দি ৰন্ধা হয় বৰ উপাদেয় হয়। ই তেজ পৰিষ্কাৰ কৰে, হজম শক্তি বঢ়ায়।

উগাৰ তথা পেটফুলা ৰোগৰ উপশম হয়। গাৰ ছাল নিমজ হয়। সৌন্দৰ্য বঢ়ায় আৰু খোৱাৰ ৰুচি বঢ়ায়। পেট ঠাণ্ডা কৰি ৰাখিব পাৰে। ৰক্তহীনতা ৰোগত উপকাৰী।

অমিতাৰ খাৰ :-

অমিতা এবিধ বৰ পুষ্টিকৰ বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ পাচলি। অমিতাৰ খাৰ আঞ্জা বৰ উপকাৰী। ই কোষ্ঠকাঠিন্য দূৰ কৰে। অমিতাৰ খাৰ আঞ্জা-

  • পেটৰ অসুখ জণ্ডিচ,
  • ব্ৰংকাইটিছ,
  • কঁকালৰ বিষ আদিৰ বাবে বৰ উপকাৰী।

অমিতাক লিভাৰৰ টনিক বুলি কোৱা হয়। গেষ্ট্ৰিকৰ বাবে অমিতাৰ খাৰ আঞ্জা মহৌষধ বুলি কোৱা হয়। অমিতাৰ খাৰ আঞ্জাই বসন্ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

মূলা খাৰ আঞ্জা :-

মূলা খাৰ দি খোৱাৰ উপৰি ইয়াৰ ‘সুথি’ কৰিও খাৰ দি থপথপীয়াকৈ ৰান্ধি খালে বৰ জুতি পোৱা যায়। ই বায়ু ৰোগ নিৰাময় কৰিব পাৰে। জণ্ডিচ আৰু ছালৰ ৰোগৰ মহৌষধ। কাহ-কফ আদিৰ বাবে উপকাৰী।

ছজিনা ফুলৰ খাৰ আঞ্জা :-

বড়ো-কছাৰী লোকে চজিনা ফুলৰ আঞ্জা খাই বৰ ভাল পায়। চজিনা এবিধ বৰ উপকাৰী পাচলি। এশ গ্ৰাম চজিনাত ১১৩০০ এ-ভিটামিন একক পোৱা যায়। ইয়াত কেলৰি আৰু ভিটামিন-চি থাকে। চজিনাত থকা পুষ্টিগুণ হৈছে এনেধৰণৰ-

  • প্ৰ’টিন- ৬.৭ গ্ৰাম,
  • চৰ্বি ১.৭ গ্ৰাম,
  • কেলচিয়াম ৪৪০ মি: গ্ৰাম।

চজিনা বা চজিনাৰ ফুল বৰ উপকাৰী। ই ৰক্তহীনতা ৰোগৰ উপশম কৰে। চজিনাই বসন্ত ৰোগ নিৰাময় কৰিব পাৰে।

অমিতাৰ ফুলৰ খাৰ আঞ্জা :-

অমিতাৰ ফুলবোৰ ভালদৰে ভাজি লৈ তাত খাৰ দি কেঁচা জলকীয়া দি থপথপীয়াকৈ ৰান্ধি খাই বৰ সোৱাদ পায়। ই ডায়েবেটিছ ৰোগত মহৌষধ বুলি কোৱা হয়।

মাহৰ দাইলৰ খাৰ আঞ্জা :-

মাহৰ দাইলত কলাখাৰ দিয়া আঞ্জাখন বৰ জুতি লগা হয়। জনজাতি লোকসকলে মাহৰ দাইলত কলাখাৰ দি খাই বৰ ভাল পায়। ই বৰ পুষ্টিকৰ শক্তিবৰ্ধক। মাহৰ দাইল খাৰ দি খালে পেটৰ বিভিন্ন ৰোগ নিৰাময় হয়। স্নায়ুবোৰ সবল হৈ উঠে। খোৱাৰ ৰুচি বঢ়ায়।

গতিকে আমাৰ বিভিন্ন খাৰ আঞ্জাই এচিডিটী নাইকিয়া কৰিব পাৰে।

১) হাড় আৰু দাঁত মজবুত কৰে।

২) হজম শক্তি বঢ়ায় কৌষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।

৩) ব্লাড প্ৰেছাৰ থকা ৰোগীৰ বাবে খাৰ আঞ্জা মহৌষধ।

৪) খাৰ আঞ্জাই তেজ গোট মৰা ৰোগ নিৰাময় কৰিব পাৰে।

লেখক :- ধনেশ্বৰ হুজুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top