মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ক’লা জামুৰ ৰোগ প্ৰতিৰোধ গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক’লা জামুৰ ৰোগ প্ৰতিৰোধ গুণ :

ক’লা জামুৰ ৰোগ প্ৰতিৰোধ গুণৰ বিষয়ে লিখা হৈছে ।

ক’লা জামু বহু বৰ্ষজীৱী ডাঙৰ বৃক্ষ। ইয়াৰ পাত বল্লমৰ দৰে। ফল কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ক’লা বৰণৰ হয়। ক’লা জামুত এটা মাত্ৰ গুটি থাকে। ফলৰ সোৱাদ কেঁহা-মিঠা। ইয়াৰ বৈজ্ঞানিক নাম Eugenia Jambolana Lamk, ই Myrtaceae গোত্ৰৰ।

১০০ গ্ৰাম ক’লা জামুত:

ক)৮৩.৭ শতাংশ পানী,

খ)০.৭ শতাংশ প্ৰ’টিন,

গ)০.৩ শতাংশ চৰ্বি,

ঘ)০.৪ শতাংশ ফাইবাৰ,

ঙ)০.৯ শতাংশ খনিজ দ্ৰব্য আৰু

চ)১৪ শতাংশ কাৰ্বহাইড্ৰেট পোৱা যায়।

এইবিধ ফল এন্টি অক্সিডেন্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ কিছুমান ঔষধি গুন এনেধৰণৰ:

  • মধুমেহ ৰোগীৰ বাবে ক’লা জামু খোৱাটো উপকাৰী। কিন্তু উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে অপকাৰী।
  • হজম বৃদ্ধিত ক’লা জামু উপকাৰী।
  • হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা সমাধানত ক’লা জামু উপকাৰী।
  • কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰটো ক’লা জামুৱে সহায় কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top