অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক’লা তিলৰ ঔষধি গুণ

ক’লা তিলৰ ঔষধি গুণ

ক’লা তিল সকলোৱে চিনি পায়। অসমীয়াৰ বিহুৰ প্ৰধান খাদ্য পিঠা-পনাত ইয়াৰ প্ৰয়োজন। তিল তেল তিলৰ বীজৰ পৰা তৈয়াৰ কৰা হয়। অতি পুৰণি কালৰে পৰা এছিয়া মহাদেশৰ বিভিন্ন দেশৰ জনসাধাৰণে তিল ব্যৱহাৰ কৰি আহিছে। ইয়াৰ ফুড ভ্যেলু অতি বেছি। তিল সাধাৰণতে তিনিবিধ যেনে- ক’লা, বগা আৰু ৰঙা। ক’লা তিলৰ ঔষধি গুণ বেছি হোৱাৰ বাবে এই তিলৰ ব্যৱহাৰ মানুহে বেছিকৈ কৰে।

তিলৰ বটানিকেল নাম হ’ল ‘চিচেমাম ইণ্ডিকান’। ইংৰাজীত তিলক ‘জিনজেলি ছিডচ’ বোলা হয়। ইয়াৰ ভাৰতীয় নাম ‘তিল।‘ তিল প্ৰথমে আফ্ৰিকাত আৱিষ্কাৰ হয়। হৰপ্পাত মাটি খান্দোতে তিল চিনাক্ত কৰা হয় ২০০০ চনত যীশুখ্ৰীষ্টৰ জন্মৰ আগত। ভাৰতীয় সাহিত্যত বিশেষকৈ বৈদিক যুগত তিলৰ ব্যৱহাৰ হৈছিল ধৰ্মীয় শ্ৰাদ্ধ আৰু যজ্ঞ আদি অনুষ্ঠানত। তিলৰ ব্যৱহাৰ ভাৰত, চীন, জাপান আৰু লেটিন আমেৰিকাত বৰ্তমান প্ৰচলিত হৈ আছে। তিল কেলছিয়াম প্ৰসিদ্ধ এবিধ খাদ্য। তিলৰ বাকলিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন বি ১ প্ৰসিদ্ধ। বগা তিলত প্ৰচুৰ পৰিমাণে কেলচিয়াম থকাৰ বাবে কেলচিয়ামৰ অভাৱ হোৱা মানুহে ব্যৱহাৰ কৰা ভাল। তিলৰ পৰা উলিওৱা তেলৰ ঔষধীয় গুণ বহু। প্ৰাচীন ভাৰতৰ বৈদ্য চৰকে তিলৰ বহু গুণৰ কথা কৈছিল। ক’লা তিলৰ ঔষধি গুণ বহু। সেইবিলাকৰ কেইটামান গুণৰ বিষয়ে আৰু অসুখত ইয়াৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা হ’ল।

অৰ্শ বা পাইলছ্ অসুখ আৰোগ্যত তিলৰ ব্যৱহাৰ

অৰ্শ বেমাৰ নিৰাময় কৰাৰ বাবে ক’লা তিলৰ বীজ বা গুটি মহৌষধ স্বৰূপ। ক’লা তিল খুন্দি বা থেঁতালি লৈ পেষ্ট কৰি তাত মাখন সানি চেঁচা পানীৰ সৈতে খালে অৰ্শ বা পাইলছ্ ভাল হয়। তিলৰ পৰিমাণ ৩ চামুচ। থেঁতালি পেষ্ট কৰি ১ চামুচ মাখন মিশ্ৰণ কৰি তাত অলপ পানী মিহলাই মিশ্ৰণখিনি আধাকাপ পৰিমাণে খালী পেটত দিনে দুবাৰকৈ খালে ৩-৪ দিনৰ ভিতৰত ৰক্ত পৰা অৰ্শ ভাল হয়। এইদৰে খালে গুহ্যদ্বাৰত হোৱা খজুৱতি আৰু বিষ ভাল হয়। পায়খানা কৰি গুহ্যদ্বাৰ গৰম পানীত এটুকুৰা মিচিৰি মিহলাই বা গুলি কৰি গুহ্যদ্বাৰ ধুব লাগে। গৰম পানী সহ্য কৰিব পৰাকৈ প্ৰস্তুত কৰি ল’ব লাগে।

ৰক্তহীনতা বা এনিমিয়া

এই অসুখত ভোগা লোকৰ বাবে ক’লা তিলৰ ব্যৱহাৰে এই অসুখ নিৰাময় কৰিব পাৰে। ব্যৱহাৰ কৰাৰ নিয়ম- ক’লা তিল আইৰণপ্ৰসিদ্ধ হোৱাৰ বাবে ৰক্তহীনতাত ভোগা মানুহৰ বাবে মহৌষধ স্বৰূপ। একাপ বা এগিলাচ গৰম পানীত ২ চামুচ ক’লা তিলৰ গুৰি উতলাই মিশ্ৰণখিনিত ১ চামুচ গুৰ আৰু ২ চামুচ গৰুৰ গাখীৰ মিহলাই দৈনিক এবাৰকৈ এসপ্তাহ খালে ৰক্তহীনতা আঁতৰে। তেজৰ হিম’গ্লবিন বাঢ়ে। এইদৰে খাই থাকোঁতে সেই সময়ছোৱাৰ ভিতৰত ৰঙালাউ গছৰ আগ ১০ টা মান আঞ্জা কৰি খাই থাকিলে ৰক্তৰ পৰিমাণ বাঢ়ি যায়।

ডিছেণ্ট্ৰী আৰু ডায়েৰীয়াত ক’লা তিলৰ ব্যৱহাৰ

ক’লা তিল ২ চামুচ ভাজি সেইখিনি গুৰি কৰি তাত ১ চামুচ গৰুৰ ঘিউ মিশ্ৰণ কৰি সেইখিনি ৩ ভাগত ভাগ কৰি প্ৰতিভাগ মিশ্ৰণত ২ চামুচ ছাগলী গাখীৰত উতলাই প্ৰতিদিনে ৩ বাৰকৈ ৬ দিন খাব লাগে। ছাগলী গাখীৰৰ অভাৱত গৰুৰ গাখীৰ ১০ গ্ৰাম মিহলাই খালেও একে কাম কৰিব। এই মিশ্ৰণটো ক্ৰ’নিক ডায়েৰিয়া হ’লেও উপকাৰত আহিব।

মহিলাৰ মাহেকীয়া ঋতুত পেট খামোচ মাৰি ধৰা বিষত আৰু মাহেকীয়া ঋতুত কম ৰক্ত যোৱা অৱস্থাত আধা চামুচ ক’লা তিল একাপ গৰম পানীত মিহলাই দৈনিক ২ বাৰকৈ ২ দিন খালেই পেট খামুচি ধৰা, পেট বিষোৱা আৰু আন সমস্যা অতি সোনকালে নাইকিয়া হয়।

শ্বাস-প্ৰশ্বাসত বিজুতি ঘটা সমস্যাত ক’লা তিলৰ গুৰি ১ চামুচত অকণমান নিমখ দি বা মৌজোল মিশ্ৰণ কৰি খালে উপকাৰত আহে। ক্ৰ’নিক বা একুইট ব্ৰংকাইটিছ বেমাৰত, নিম’নিয়া আৰু হাপানী অসুখতো এই ব্যৱস্থাত উত্তম ফল পোৱা যায়।

চুলিত উফি হোৱা, চুলি ফাটি যোৱা সমস্যা দূৰ কৰিবলৈ ক’লা তিল গছৰ পাত আৰু শিপা এতোলা পৰিমাণে লৈ থেঁতালি চুলিত ঘঁহিব লাগে। চুলিৰ সমস্যা দূৰ হ’ব।

ছালৰ বিভিন্ন ৰোগত বিশেষকৈ শৰীৰৰ বিভিন্ন অংশত হোৱা ফোঁহা, খজুৱতি, গাত চকলা চকলকৈ ৰঙা পৰা, এলাৰ্জী হোৱা আদি সমস্যাত ক’লা তিল খুন্দি পেষ্ট কৰি আক্ৰান্ত হোৱা ঠাইত সানিব লাগে। মিশ্ৰণটোত অলপমান নেমুৰ ৰস দি ল’ব পাৰিলে উত্তম ফল পোৱা যায়।

লেখকঃ উপেন দত্ত, আমাৰ অসম

3.05714285714
Mridul Barman Oct 31, 2017 09:46 PM

বহু কথা জানিলো।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top