অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলৰ বিবিধ ঔষধীয় গুণ :

দৈনিক এটাকৈ কল খালে অনিদ্ৰা, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰেহাই পোৱা যায়। কল নিয়মীয়াকৈ খাই থাকিলে ভোকো বেছিকৈ লাগে। যদি পুৱাৰ জলপানৰ লগত কল খোৱা হয়, তেনেহ’লে ই শৰীৰৰ বিভিন্ন ৰোগৰ কাৰণে ঔষধ স্বৰূপে কাম কৰে।

পকা কল এটা পিটিকি তাৰ লগত আধাকাপ পানী মিহলাই ভালদৰে গুলি লৈ পিছত পানীখিনি নিগৰাই লৈ চেকি লওক। এই ৰসৰ লগত সামান্য পৰিমাণে নিমখ মিহলাই গলধন, ডিঙি আৰু হাত দুখনত বাউসীলৈকে সানক।

শুকাই যোৱাৰ পিছত পানীৰে ধুই পেলাওক। এনে কৰিলে ছাল কোচ খাই ওলমি যোৱা বিকাৰ নাইকিয়া হ’ব আৰু ছাল কমনীয় হৈ পৰিব।

কলে কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে -

কল খাই থকা লোকৰ শৰীৰত শক্তিৰ মাত্ৰা সাধাৰণ ব্যক্তিৰ তুলনাত বেছি থাকে। অন্য ভালেমান ফলৰ দৰে, গোটেই বছৰ ধৰি পাব পৰা ফল হৈছে এই কল। কিছুমান আবতৰীয়া ফলৰ দাম গোটেই বছৰ ধৰি একে সমানে নেথাকে কিন্তু কলৰ দাম প্ৰায় একেদৰে থাকে। বিভিন্ন ধৰণৰ কল বজাৰত পোৱা যায় আৰু প্ৰায় অধিকাংশ কলৰে গুণ কম বেছি পৰিমাণে একে। বিভিন্ন প্ৰজাতিৰ কলৰ সোৱাদ আৰু গোন্ধ বেলেগ হয় যদিও ইয়াৰ ভিতৰতে কিছুমান প্ৰজাতিৰ কল বৰ সুস্বাদু হয়।

কলে শৰীৰত যথেষ্ট শক্তি যোগান ধৰাৰ লগতে ইয়াত থকা ভিটামিন, আয়ৰণ আৰু ফাইবাৰ আদিয়ে শৰীৰক পুষ্টিৰ যোগান ধৰিব পাৰে। কলত অন্যান্য ফলতকৈ অধিক শক্তি যোগানৰ উৎস আছে বাবেই খেলুৱৈসকলে প্ৰতিদিনেই কল খাবই লাগে। কল বুলি ক’লে আমি সাধাৰণ পকা কলকেই বুজো যদিও কেঁচা কলো পাচলিৰূপে খাব পাৰি। অৱশ্যে পাচলি ৰূপে খোৱাৰ বাবে পুৰাকলজাতীয় কেইবাটাও জাতৰ কল আছে।

কল পকাৰ লগে লগে তাত এন্টিঅক্সিডেন্ত উপাদানৰ স্তৰ বৃদ্ধি পায়। কলত কেৰোটিনয়ড, এন্টিঅক্সিডেন্ট পোৱা যায় আৰু এইবিধ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ফলত কলত থক পুষ্টি উপাদানৰ মাত্ৰা আঠ গুণলৈকে বাঢ়ি যায়। কলত পটাচিয়াম, ভিটামিন-‘এ’, ‘চি’, ‘বি-১’ আৰু ‘বি-২’ৰ লগতে খাদ্য আঁহ পূৰা মাত্ৰাত থাকে। সেয়ে সম্পূৰ্ণকৈ পকা কলহে খাব লাগে আৰু এনে কলেহে শৰীৰক সম্পূৰ্ণকৈ পুষ্টিৰ যোগান ধৰিব পাৰে। কলত এফ.অ’.এইচ.উপাদানো পোৱা যায়।

কল খালে পেটৰ ৰোগ উপশম পাব পাৰি -

  • পকা কলে পেট জ্বলা-পোৰা কৰা, গেছ, এচিডিটি আদিৰ পৰা সকাহ দিয়ে। সেয়ে কল পকা হ’লেও ইয়াক চেনি মিহলাই খোৱাটো এটা ভাল বিকল্প।
  • কলত মেগনেচিয়াম যথেষ্ট পৰিমাণে থাকে কাৰণে কল সহজতে হজম হয় আৰু শৰীৰৰ বিপাক ক্ৰিয়া(মেটাবলিজিম) সহজ হয়। কলত শৰ্কৰাৰ পৰিমাণ প্ৰাকৃতিক ৰূপতকৈ বেছি পোৱা যায়। কল খাই থাকিলে শৰীৰৰ হিমোগ্ল’বিনৰ পৰিমাণ বৃদ্ধি পায়।
  • প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে, ৰৈ ৰৈ প্ৰস্ৰাৱ হ’লে কল গছৰ ভিতৰ অংশৰ পটুৱাৰ ৰস দিনে এগিলাচ পৰিমাণত খাব লাগে। ধাতু দুৰ্বলতা আৰু শাৰীৰিক দুৰ্বলতা থাকিলে পকা কল খাই থাকিলে উপকাৰ পাব পাৰি।
  • প্ৰদৰ বা লিউক’ৰিয়া হ’লে পকা কল খালে উপকাৰ পাব পাৰি। ডায়েৰিয়া বা পনীয়া শৌচ হ’লে পুৰাকল সিজাই ভাতৰ লগত খাব লাগে।
  • ভালদৰে পকা কল এটা বাটিত লৈ ফেটি তাৰ লগত এচামুচ মিচিৰি বা চেনি আৰু এটা সৰু ইলাচি গুড়ি কৰি মিহলাই খালে হতাশগ্ৰস্ততা নাইকিয়া হয়।
  • কলত পটাচিয়াম যথেষ্ট পৰিমাণে পোৱা যায় আৰু ইয়াত ছডিয়ামৰ পৰিমাণ তেনেই কম থাকে। সেয়ে কল খাই থাকিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। শৰীৰত পানীৰ পৰিমাণ কমি গ’লে পকা কল খাবলৈ দিব লাগে। কল খাই থাকিলে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ পৰা বাচি থাকিব পাৰি।
  • কল বেছিকৈ পকিলে বাকলিত ক’লা দাগ পৰে। এনে কলৰ ভিতৰত শাহ বেছি কোমল হৈ গলি যোৱা যেন লাগিলেও কিন্তু প্ৰকৃততে এনে নহয়। এনে কল খাই থাকিলে কেইবিধমান কেন্সাৰ ৰোগ প্ৰতিৰোধ হৈ থাকে।

জাপানত চলোৱা এটা অধ্যয়নত প্ৰমাণ পোৱা গৈছে যে, বাকলিৰ ওপৰত ক’লা দাগ পৰা কলত টি.এন.এফ. নামৰ এবিধ বিশেষ ৰাসায়নিক উপাদান পোৱা যায়। ‘টিউমাৰ লেক্ৰচিছ ফেক্টৰ’(TNF) নামৰ এই বিশেষ উপাদানবিধে শৰীৰত কেন্সাৰ সৃষ্টি কৰিব খোজা বিষাক্ত দ্ৰব্যৰ ক্ৰিয়া প্ৰতিহত কৰাত বিশেষভাৱে সহায় কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate