অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষ্ণচূড়া

কৃষ্ণচূড়াৰ ঔষধি গুণাগুণৰ বিষয়ে আলোচনা

'Peacock flower' কওক বা কৃষ্ণচূড়া, নামেই যাৰ পৰিচয় বহন কৰে । বসন্তকালত ৰাস্তাৰ কাষে কাষে ফুলি থকা ইয়াৰ ধুনীয়া ধুনীয়া গছবোৰত চকু পৰিলে এক অপূৰ্বআনন্দৰ ভাষাহীন অনুভৱে মনটো চুই যায় । ভাৰতবৰ্ষত কৃষ্ণচূড়াৰ ইতিহাস যথেষ্ট পুৰণি । সংস্কৃতত ইয়াক 'ৰাজ আভৰণ' বুলি কোৱা হয় । ইয়াৰ অৰ্থ হৈছে ৰাজকীয় আভূষণেৰে সুসজ্জিত বৃক্ষ । আনহাতে হিন্দু ধৰ্ম অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমাৰ মুকুটৰ ওপৰত কৃষ্ণচূড়াৰ ফুলেৰে শৃংগাৰ কৰা হয় । সেয়ে সংস্কৃতত এই ফুলক 'কৃষ্ণচূড়' বুলিও জনা যায় । ইয়াৰ পৰাই কালক্ৰমত 'কৃষ্ণচূড়া' শব্দটোৰ উৎপত্তি হৈছে বুলি কব পাৰি । ফ্ৰান্সত কৃষ্ণচূড়াৰ আকৰ্ষণীয় প্ৰকৃতিৰ বাবে ইয়াক 'স্বৰ্গৰ ফুল' বুলি কোৱা হয় । আনহাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ইয়াক 'Maxican bird of paradise','Red bird of paradise','Pride of Barbados' আদি নামেৰে জনা যায় ।
কৃষ্ণচূড়াৰ বানস্পতিক নাম 'Delonix Regiya' । ইয়াৰ বীজ মটৰমাহৰ দৰে এক ফলীয় হয় । কৃষ্ণচূড়া ফুলৰ ৰঙ দুটা । এটা ৰঙা আৰু আনটো কমলা । অৱশ্যে ঠায়ে ঠায়ে ইয়াৰ গোলপীয়া ফুলৰ গছবিধো দেখা যায় যি ৰাধাচূড়া নামেৰে জনাজাত ।কৃষ্ণচূড়া ফুলৰ পাঁচটা পাহি থাকে । চাৰিটা পাহিৰ আকাৰ আৰু ৰঙ সমান হয় । পঞ্চম পাহিটো আকাৰত অলপ দীঘল হয় আৰু তাত বগা-হালধীয়া দাগ থকা দেখা যায় । কৃষ্ণচূড়াৰ মনোমোহা পাত আৰু ফুলৰ ৰঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
কৃষ্ণচূড়াৰ বিশেষ গুণাগুণ

ঔষধ হিচাপে কৃষ্ণচূড়াৰ প্ৰয়োগ মন কৰিবলগীয়া । ইয়াৰ পাত আৰু ফুল মেলেৰিয়া ৰোগত দেখা দিয়া বিভিন্ন উপসৰ্গসমূহৰ ক্ষেত্ৰত বিশেষভাৱে উপকাৰী । কৃষ্ণচূড়াৰ বিভিন্ন অংশৰ পৰা প্ৰস্তুত কৰা ঔষধে মাহেকীয়া ঋতুস্রাৱ নিয়মীয়া কৰে আৰু শৰীৰক প্ৰয়োজনীয় শক্তি প্ৰদান কৰে । তদুপৰি ইয়াৰ দ্বাৰা বুকুৰ বিষ, জ্বৰ, ব্ৰংকাইটিচ, কলেৰা আদি ৰোগৰ চিকিৎসা কৰা হয় ।
বিশেষ দষ্ট্ৰব্যঃ- কৃষ্ণচুড়াৰ ফুলবোৰ দেখিবলৈ সুন্দৰ, যদিও ইয়াৰ সোৱাদ বিষাক্ত । তথাপি মধ্য আফ্ৰিকাৰ লোকসকলে জল পৰিৱৰ্তন সম্পর্কীয় কোনো বিশেষ নিয়ম অনুযায়ী ইয়াৰ বীজবোৰ খাদ্য হিচাপে গ্ৰহণ কৰা দেখা যায় । কৃষ্ণচূড়াৰ ফুল প্ৰধানকৈ গৰ্ভপাত কৰিবলৈ প্ৰয়োগ কৰা হয় । অৱশ্যে গৰ্ভধাৰণৰ প্ৰথম স্তৰতহে এয়া সম্ভৱ হয় । সেয়ে কৃষ্ণচূড়াৰ পৰা তৈয়াৰ কৰা যিকোনো ঔষধ কোনো সুদক্ষ চিকিৎসকৰ পৰামৰ্শ তথা তত্বাৱধানতহে গ্ৰহণ কৰা উচিত ।

3.09615384615
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top