অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইবিধমান টেঙাৰ ঔষধি গুণ :

 

আমি আহাৰৰ লগতে টেঙা শাকৰ জুতি লৈ তৃপ্তি লাভ কৰো। টেঙাজাতীয় ফল হিচাপে কাজি নেমু বা গোল নেমু গোটেল বছৰটোতে উপলব্ধ বাবে ইয়াৰ ব্যৱহাৰ বেছিকৈ হয়। কাজি নেমু বছৰৰ বেছিভাগ সময়তে থাকে যদিও গোল নেমু জহকালিহে উভৈনদী হোৱা দেখা যায়। টেঙা পকিলে কাঁচৰ বটলত নিমখ দি বহু দিনলৈ ৰাখি অবতৰতো বিভিন্ন অসুখত ব্যৱহাৰ কৰি সুফল পাব পাৰি। টেঙাত এন্টি-অক্সিডেন্ট, ভিটামিন চি, ফলিক এচিড, এছকৰবিক এচিড বা ছাইট্ৰিক এচিড আছে। টেঙা খালে কটা ঘা শুকায়, ডিঙিৰ বিষ ভাল হয়। কোষ্ঠকাঠিন্য দূৰ কৰাতো সহায় কৰে। ছালখনৰ সৌন্দৰ্য অটুট ৰখাৰ উপৰি ওজন হ্ৰাস কৰা, কলেৰা হ’লে আৰোগ্য হোৱা, কিডনীত পাথৰ হোৱাত প্ৰ্তিৰোধ কৰা আদি অনেক গুণ থকা টেঙা সদায় ব্যৱহাৰ কৰা দৰকাৰ। উচ্চ ৰক্তচাপ বা ডায়েবেটিছ ৰোগীৰ বাবেও টেঙা প্ৰয়োজন। ৰঙা গোল নেমুবিধত বিটা-কেৰ’টিন থাকেগ। দাঁতৰ বিষ হ’লে, জ্বৰ হ’লে বা শ্বাস-প্ৰশ্বাসত কষ্ট পালে টেঙা খালে আৰোগ্য লাভ কৰিব পাৰে। খাদ্য হজম হ’বলৈ কমকৈ টেঙা খোৱা উচিত। খালী পেটত বেছিকৈ টেঙা খালে পেটৰ পোৰণি হ’ব পাৰে। ডায়েবেটিছ ৰোগীৰ ডায়েৰীয়া হ’লে পুৰণা টেঙাৰ বাকলিৰে সৈতে চেপি পিটিকি পানীৰ লগত খালে অতি সোনকালে ৰোগী আৰোগ্য হয়। তদুপৰি শৰীৰৰ দুৰ্বল ভাব আঁতৰি যায়। বাকলি আৰু গুটিবোৰ উপকাৰী বাবে ই পেনক্ৰিয়াছ আৰু কেন্সাৰৰ প্ৰতিৰোধক বুলি জনা যায়।

জলফাই বা বেলফৈ(Olea europea)-

এবিধ টেঙা ফল। আকাৰত ডিম্বাকৃতিৰ জলফাইৰ ওপৰভাগ কোমল মঙহেৰে আবৃত। গুটি বা বীজটো ডাঙৰ সেউজীয়া বা ক’লা বৰণৰ জলফাই মানুহে আচাৰ তৈয়াৰ কৰি খায়। জলফাইত ফেট আছে যদিও ই ভাল কলেষ্ট’ৰেল সৃষ্টি কৰে। জলফাই এন্টি-অক্সিডেন্টযুক্ত। ইয়াৰ পৰা এবিধ তেল উৎপন্ন হয়। অলিভ অইল চুলি আৰু ছালৰ বাবে উপকাৰী। আয়ৰন অধিক থকাৰ বাবে ৰক্তসঞ্চালনত ইয়াৰ গুৰুত্ব অপৰিসীম। কপাৰ, কেলচিয়াম, মেগনেছিয়াম, জিংক আদি লৱণসমূহো জলফাইত পোৱা যায়।

কুজী থেকেৰা(Gareinia morella)-

থেকেৰা টেঙাজাতীয় ফল। ইয়াৰ কেইবাবিধো আছে। বৰথেকেৰা, ৰূপহী থেকেৰা অন্যতম। টেঙা থেকেৰাবোৰ কেঁচাতেই কাটি মানুহে শুকান কৰি বহু দিনলৈ ৰাখি খাব পাৰি। পুৰণা থেকেৰা কেইফুলমান পানীত তিয়াই নিমখ দি খালে গ্ৰহণী অতি সোনকালে ভাল হয়। পুৰি পিটিকা কৰিও চাটনিৰ দৰে খাব পাৰি। কোষ্ঠকাঠিন্য দূৰ কৰাত সহায়ক। ড্ৰপচি বা শোথৰোগত থেকেৰা উপকাৰী। মূৰ ঘূৰণি হ’লে, জ্বলা-পোৰা কৰিলে থেকেৰা পানী উপকাৰী।

ঔ টেঙা(Dillenia Indica)-

কেইবাটাও বাকলিৰে ঢকা এবিধ টেঙা ফল। বহল, খহটা পাতৰ ওখ গছত বছৰত এবাৰহে লাগে। বাকলিটো আঁহযুক্ত আৰু সুগন্ধিযুক্ত। আঞ্জাত দি খাবলৈ সোৱাদ লাগে। ঔষধি গুণ আছে। ঔ টেঙাত এন্টি-অক্সিডেন্ট আৰু এন্টি-মাইক্ৰবিয়েল গুণ থকা বাবে ই কেন্সাৰ প্ৰতিৰোধক। তেজ গ্ৰহণী হ’লে ইয়াক খালে আৰোগ্য হয়। ভিতৰত থকা গুটিৰ বীজলুৱা পদাৰ্থখিনি ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয়। উফি নাইকিয়া হয়।

লেখিকা: কবিতা ফুকন(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 10/30/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate