শেৱালি ফুল ভাজি বা পাতত দি খাব পাৰে। শেৱালি ফুল তেজ পৰিষ্কাৰক।
ভেট ফুল:
বগা ভেট ফুল এপাহ আৰু জালুক ১২ টাকৈ দিনে এবাৰকৈ সাত-আঠ দিন খালে হাঁইফাঁই ৰোগ ভাল হয়। ৰঙা ভেট ফুল আঞ্জা কৰি খালে তেজ পৰিষ্কাৰ হয়। বায়ু-পিত্ত-কফ নাশ কৰে।
বাহক ফুল:
শুকান বাহক ফুলে কফ বাহিৰ কৰে। বাহক ফুলৰ পাউডাৰ খহু আৰু হুপিং কাহত মৌৰ সৈতে খালে উপকাৰ পোৱা যায়। পেটৰ কামোৰণি আৰু অনিদ্ৰা ৰোগত বাহক ফুলে ভাল কামত দিয়ে।
ধতুৰা ফুল:
ধতুৰা ফুল এপাহ পিহি তাত আফিং মিহলি কৰি পিঠা খোৱা ৰোগত খুৱালে ভাল ফল পোৱা যায়।
নলা নাৰেঙীয়া ৰোগত গধূলি গোলাপ ফুল পিহি প্ৰলেপ দিলে নাৰেঙীয়া ঘা ভাল হয়। গধূলি গোলাপ ফুল খৰ-খজুৱতিত ব্যৱহাৰ কৰিও উপকাৰ পোৱা যায়।
মহানিমৰ ফুল:
প্ৰস্ৰাৱ বন্ধ হ’লে মহানিম ফুলৰ এচামুচ ৰসত অলপ মৌ মিহলি কৰি খালে প্ৰস্ৰাৱ হয়। মহানিমৰ ফুলৰ ৰসে নাইবা ইয়াৰ পাউডাৰে ক্ৰিমি নাশ কৰে। ইয়াৰে ছালত হোৱা খজুৱতি আৰু ফোহাও ভাল কৰিব পাৰি।
পাথৰি ৰোগত নাৰিকলৰ চাৰি-পাঁচ পাহ ফুল আৰু অলপ যখাৰ বটি খালে পাথৰি ৰোগ ভাল হয়।
তিতা ফুল:
এমুঠিমান তিতাফুল ভাজি বা পাতত দি ক্ৰিমি হোৱা ল’ৰা-ছোৱালীক খুৱালে কৃমি মৰে। তিতা ফুল পেট কামোৰণি, কাহ আদিৰ কাৰণেও উপকাৰী।
অতিৰিক্ত ৰক্তস্ৰাৱত শিমলু ফুল ঘিত ভাজি তাত অলপ নিমখ দি কিছুদিন খালে সমস্যা আঁতৰ হয়।
তৰুৱা কদম ফুল:
ঋতুস্ৰাৱৰ সময়ত তলপেট বিষালে আৰু মাহেকীয়াৰ সময়ত বেছিকৈ ঋতুস্ৰাৱ হ’লে তৰুৱা কদমৰ এপাহ ফুল পিহি দুচামুচ চেনি মিহলি কৰি দিনে এবাৰকৈ চাৰি-পাঁচ দিন খালে ভাল হয়।
লেখিকা: ৰূপা মেধি(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 2/15/2024