মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / কেইবিধমান ৰোগৰ বাবে বনৌষধ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেইবিধমান ৰোগৰ বাবে বনৌষধ

কেইবিধমান ৰোগৰ বাবে বনৌষধ

খৰ

নেমু ৰসৰ লগত নিশাদল মিহলাই লগালে খৰ ভাল হয়। খৰ হ’লে আকণ গছৰ আঠাও লগাব পাৰি। তুলসীপাত বটি নিমখ মিহলাই খাব লাগে।

পাথৰ হোৱা

আজোৱানৰ লগত কেঁচা মূলা নিয়মিতভাৱে খালে পাথৰ গলি প্ৰস্ৰাৱৰ লগত ওলাই আহে।

জৰায়ু বাহিৰ হোৱা

এই ৰোগ হ’লে কেঁচুমতা জুইত পুৰি ষ্টিলৰ পাত্ৰত ৰাখি গৰম পানী ঢালি দিব লাগে। তাৰ ভাপেৰে নিয়মিতভাৱে যোনিদ্বাৰ সেক ল’লে জৰায়ু ভিতৰলৈ সোমাই যায়।

অত্যাধিক ঋতুস্ৰাৱ

কেতিয়াবা ঋতুস্ৰাৱ সাত দিনতকৈ বেছি হয় আৰু স্ৰাৱ সম পৰিমাণত গৈ থাকে। ইয়াৰ ফলত বিভিন্ন ধৰণৰ ৰোগ আৰু সমস্যা হ’ব পাৰে। কেতিয়াবা নিৰ্দিষ্ট সময়ৰ বাহিৰেও আন সময়ত ঋতুস্ৰাৱ হোৱাটো এক ডাঙৰ সমস্যা।

চিকিৎসা

  • জনবক্ষাসন আৰু সুপ্ত বজ্ৰাসন কৰিলে ঋতুস্ৰাৱ হোৱা ৰোগ ভাল হয়। কিন্তু হৈ থকা সময়ত ভুলতো নকৰিব।
  • গৰম পানীৰে তলপেটতো ধুই নতুবা ঠাণ্ডা গৰম পানীৰে ঘূৰাই ঘূৰাই তলপেট ধুলেও এই ৰোগৰ উপশম ঘটে।
  • দুচামুচ তুলসী ৰসৰ লগত মৌ বা মিচিৰি গুড়ি মিহলাই খালে এই ৰোগ ভাল হোৱাৰ লগতে ঋতুজনিত আন আন ৰোগো ভাল হয়।
  • দুগিলাচ পানীত ধনিয়াপাত উতলাই এগিলাচ কৰি ল’ব লাগে। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ চাৰিদিনৰ আগৰ পৰা ৰাতিপুৱা খালী পেটত ধনিয়া পানী এগিলাচ খাব লাগে।
  • দুমাহমান নিয়মিতভাৱে বিটৰ ৰস আৰু গাজৰৰ ৰস সমপৰিমাণে মিহলাই খাব লাগে।
  • কেঁহেৰাজ বন, জালুক, ক’লা তুলসী একেলগে বটি খাব লাগে।

মধুমেহ ৰোগ

মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ আমৰ কুমলীয়া কোঁহ তিনিটা আধা লিটাৰ পানীত উতলাই চেকি সেই পানী একাপ পুৱা-গধূলি এমাহ খাব লাগে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

3.13157894737
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
মো ফাৰুক আহমেদ Aug 30, 2017 07:06 PM

শৰিৰৰ height বড়োৱাৰ উপায় জানিব বিচাৰো

দুলাল ডেকা Jan 24, 2017 10:19 PM

গন'ৰিয়া বেমাৰৰ লক্ষণ আৰু প্ৰতিকাৰ বিচাৰিছো । পাৰিলে মোৰ whatsapp নম্বৰত দিলে বৰ সুখী হম ।

চৈয়দ মহম্মদ Feb 27, 2017 03:16 PM

পেচাবৰ লগত ধাতু যোৱা বিষয়ে জানিব বিচাৰো

মনোজ গগৈ Nov 25, 2016 03:11 PM

খৰ হলে নেমু ৰসৰ লগত দিয়া নিশাদল কি আৰু কত পাম

চালামত দিন Nov 18, 2016 09:38 PM

মোৰ ধাতূ ৰোগ হৈছে বহোত বেছি

সঞ্জীৱ ৰিজাল Aug 06, 2016 11:08 AM

ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top