অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেকটাচ আৰু এলো-ভেৰাই অনা আগলি বতৰা

কেকটাচ আৰু এলো-ভেৰাই অনা আগলি বতৰা

“—— এতিয়া বসন্ত কাল, ফুলতকৈ কাঁইটেই ভাল !”

কবিৰ কবিতা এতিয়া আক্ষৰিত অৰ্থত ফলিয়াব ধৰিছে বুলিলে একো অত্যুক্তি কৰা নহব৷ কাঁইটীয়া নানা ধৰণৰ কেকটাচ আৰু এলো-ভেৰাই হয়তো টাবত আপোনাৰ ড্ৰইং ৰুমত নাইবা ফুলনিত শোভাবৰ্দ্ধন কৰি আহিছে৷ এতিয়ালৈকে মাত্ৰ দৃষ্টি শুৱনিৰ সামগ্ৰী বুলি ভবা নানা প্ৰজাতিৰ এনে কাঁইটীয়া গছ আমাৰ কিমান উপকাৰী – মোৰ এই চমু লিখনিৰ যোগেদি তাৰ এটি আভাস দাঙি আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ৷ ইয়াৰ দ্বাৰা উপলব্দ্ধি কৰিব পাৰি যে প্ৰকৃতি মানৱ জীৱনৰ প্ৰতি সঁচায়ে সদয় -আমি মাথো প্ৰকৃতিৰ এই মহানতাক চিনাক্ত কৰোতে বিলম্ব কৰোঁ৷
কেকটাচ গোটেই বিশ্বতে আজি উপলব্দ্ধ হলেও এসময়ত ইয়াক বনৰীয়া গছ বুলি গণ্য কৰা হৈছিল৷ আমেৰিকাৰ মেস্কিকোবাসীসকলে অতি প্ৰাচীন কালৰ পৰা ইয়াক খাদ্য হিচাবে ব্যৱহাৰ কৰি আহিছিল৷ পূৰাতত্ববিদসকলে জনোৱা মতে আজিৰ পৰা ১৫০০০ বছৰ পূৰ্বতেই পৃথিবীত কেকটাচৰ উপস্থিতি দেখা গৈছিল৷ আজি কেকটাচৰ কেইবাশ বিধ প্ৰজাতি চিনাক্ত কৰা হৈছে৷ কেকটাচৰ ওপৰত প্ৰয়োগশালাৰ জীৱ-জন্তুৰ বাহিৰেও মানুহৰ ওপৰত নানা প্ৰয়োগ বিশ্বৰ বিভিন্ন ঠাইত ইতিমধ্যে কৰা হৈছে৷
কেকটাচৰ আছে ৰোগ প্ৰতিৰোধক এন্টিঅস্কিডেন্ট গুণ ৷ ই প্ৰটিন,ভিটামিন আৰু মিনাৰেলযুক্ত ৷ ইয়াত কেলচিয়াম, পটাচিয়াম,মেংগ্নেচিয়াম আৰু ফচফৰাচৰ উপস্থিতি প্ৰমাণিত হৈছে৷ কেকটাচে তেজত ইনচুলিনৰ মাত্ৰা বঢ়োৱাত সহায় কৰে সেয়ে কেকটাচৰ দ্বাৰা তেজৰ শৰ্কৰা (চুগাৰ) লেভেল কমে আৰু ইয়াক এতিয়া ডায়েবেটিচৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে৷
কেকটাচে পেৰাথাইৰয়েডৰ ক্ৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ ফলত হাঁড়ৰ ঘনত্ব বৃদ্ধিত সহায়ক হয়৷ গতিকে বাৰ্দ্ধক্যজনিত বা আন ৰোগৰ বাবে যাৰ হাঁড় থুনুকা হৈ পৰে, তেওঁলোকৰ চিকিৎসাত ই উপযোগী সিদ্ধ হব৷

কেকটাচে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ প্ৰমাণ পোৱা গৈছে৷ প্ৰয়োগশালাৰ জন্তুক কেঞ্চাৰত ব্যৱহাৰ হোৱা চাইক্লফচফামাইড বেজী দিয়াৰ পিছত কেকটাচৰ যোগান ধৰাত দেখা গ’ল যে জন্তুবিলাকৰ শৰীৰত এন্টিবডি বৃদ্ধি পাইছে৷
চিনড্ৰম এস্কৰ ৬৮জন ৰোগীক ফ্ৰান্সত কেকটাচেৰে নিৰ্মিত দৰব খোৱাই দেখা গ’ল যে এনে ৰোগীৰ তেজৰ চৰ্বিৰ (ঘাইকৈ ট্ৰাইগ্লিচাৰাইড) কমে, শৰীৰৰ উপকাৰী এইচ ডি এল বাঢ়ে, তেজৰ শৰ্কৰাৰ পৰিমাণ কমে, উচ্চ ৰক্ত-চাপ নিয়ন্ত্ৰিত হয়, বি এম আই আৰু ওজন হ্ৰাস পায়৷
কেকটাচে লিভাৰৰ ক্ৰিয়াৰ উন্নতি সাধে-সেইবাবে ইয়াক নন এলক’হলিক ফেটি লিভাৰৰ বাবে এক উপযোগী ঔষধ বুলি এতিয়া গণ্য কৰা হৈছে৷
কেকটাচ ই-কলাই সংক্ৰমণৰ বিৰুদ্ধেও উপকাৰী প্ৰমাণিত হৈছে৷
বিশ্বৰ বজাৰত নিপুন্টিয়া -৫০০ ( Neopuntia ) নামেৰে কেকটাচৰ পৰা তৈয়াৰী, ফ্ৰান্সত নিৰ্মিত ঔষধ বৰ্তমান উপলব্দ্ধ হৈছে৷ শকত, উচ্চ ৰক্ত চাপ থকা, তেজত চৰ্বি আৰু চুগাৰ বেচি থকা কেইজনমান ৰোগীক মই নিজে এইবিধ ঔষধ প্ৰেচক্ৰাইব কৰি এতিয়া ফলাফলৰ প্ৰতীক্ষাত আছোঁ৷
এইবিধ দৰৱ আহাৰৰ আধা ঘন্টা আগত দিনে দুবাৰকৈ অন্তত: এমাহলৈ খাব দিব লাগে৷ দৰবে পাকস্থলীত গৈ তালৈ খাদ্যৰ যোগেদি অহা সকলো ধৰনৰ চৰ্বি,তেল জাতীয় পদাৰ্থক টানি লয় আৰু তেজলৈ প্ৰবেশ কৰাত বাধা দিয়ে ৷এতিয়ালৈকে দৰবৰ কোনো পাৰ্শক্ৰিয়া চকুত পৰা নাই৷ ভাৰতৰ বজাৰত এইবিধ দৰৱ আহিছেনে নাই গম পোৱা নাই ৷
এতিয়া চমুকৈ এলো ভেৰাৰ বিষয়ে কওঁ৷ এলো ভেৰাৰ গছৰ বৰ্তমান ২০০ ৰো অধিক প্ৰজাতিৰ কথা জনা গৈছে৷ আৰম্ভণীতে মাত্ৰ আফ্ৰিকাত পোৱা এলো ভেৰা এতিয়া বিশ্বৰ চুকেকোনে উপলব্ধ৷ এলো ভেৰাত ২০ বিধ মিনাৰেল, ১৮ বিধ এমাইনো এচিড আৰু ১২ বিধ ভিটামিন থাকে৷ ঘাইকৈ শৰীৰৰ ছালৰ বাবে উপকাৰী হলেও ইয়াৰ ৰসে শৰীৰক শক্তি যোগায়, হজম বঢ়ায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ জ্বলা-পূৰা, কটা-চিঙা আৰু খহু শুকোৱাত এলো -ভেৰা সহায়কাৰী৷ ৰ’দে ছাল ডেই পুৰি নিলে এলো ভেৰা লগালে উপশম হয়৷
এলোভেৰা আৰু কেকটাচৰ বিষয়ে আৰু ন-ন তথ্য আহি আছে ৷ পৰৱৰ্তী সময়ত সংযোজনৰ আশা ৰাখিলোঁ৷ কেঞ্চাৰৰ ৰোগীৰ আয়ুস বঢ়োৱাত আৰু কেঞ্চাৰৰ প্ৰতিৰোধক হিচাবে হয়তো ই এসময়ত ব্যৱহৃত হ’ব ৷

ডাঃ ভূপেন্দ্ৰ শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate