অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেক্টাচ আৰু এলো-ভেৰা

কেক্টাচ আৰু এলো-ভেৰা

কেক্টাচ গোটেই বিশ্বতে আজি উপলব্দ্ধ হ’লেও এসময়ত ইয়াক বনৰীয়া গছ বুলি গণ্য কৰা হৈছিল৷ আমেৰিকাৰ মেস্কিকোবাসীসকলে অতি প্ৰাচীন কালৰ পৰা ইয়াক খাদ্য হিচাবে ব্যৱহাৰ কৰি আহিছিল৷

পূৰাতত্ববিদসকলে জনোৱা মতে আজিৰ পৰা ১৫০০০ বছৰ পূৰ্বতেই পৃথিৱীত কেক্টাচৰ উপস্থিতি দেখা গৈছিল৷ আজি কেক্টাচৰ কেইবাশ বিধ প্ৰজাতি চিনাক্ত কৰা হৈছে৷ কেক্টাচৰ ওপৰত প্ৰয়োগশালাৰ জীৱ-জন্তুৰ বাহিৰেও মানুহৰ ওপৰত নানা প্ৰয়োগ বিশ্বৰ বিভিন্ন ঠাইত ইতিমধ্যে কৰা হৈছে৷

কেক্টাচৰ আছে ৰোগ প্ৰতিৰোধক এন্টিঅস্কিডেন্ট গুণ৷ ই প্ৰটিন, ভিটামিন আৰু মিনাৰেলযুক্ত৷ ইয়াত কেলচিয়াম, পটাচিয়াম, মেংগ্নেচিয়াম আৰু ফচফৰাচৰ উপস্থিতি প্ৰমাণিত হৈছে৷ কেক্টাচে তেজত ইনচুলিনৰ মাত্ৰা বঢ়োৱাত সহায় কৰে সেয়ে কেক্টাচৰ দ্বাৰা তেজৰ শৰ্কৰা (চুগাৰ) লেভেল কমে আৰু ইয়াক এতিয়া ডায়েবেটিচৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে৷

কেক্টাচে পেৰাথাইৰয়েডৰ ক্ৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ ফলত হাঁড়ৰ ঘনত্ব বৃদ্ধিত সহায়ক হয়৷ গতিকে বাৰ্দ্ধক্যজনিত বা আন ৰোগৰ বাবে যাৰ হাঁড় থুনুকা হৈ পৰে, তেওঁলোকৰ চিকিৎসাত ই উপযোগী সিদ্ধ হব৷

কেক্টাচে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ প্ৰমাণ পোৱা গৈছে৷

প্ৰয়োগশালাৰ জন্তুক কেঞ্চাৰত ব্যৱহাৰ হোৱা চাইক্লফচফামাইড বেজী দিয়াৰ পিছত কেক্টাচৰ যোগান ধৰাত দেখা গ'ল যে জন্তুবিলাকৰ শৰীৰত এন্টিবডি বৃদ্ধি পাইছে৷

চিনড্ৰম এস্কৰ ৬৮জন ৰোগীক ফ্ৰান্সত কেক্টাচেৰে নিৰ্মিত দৰব খোৱাই দেখা গ'ল যে এনে ৰোগীৰ তেজৰ চৰ্বিৰ (ঘাইকৈ ট্ৰাইগ্লিচাৰাইড) কমে, শৰীৰৰ উপকাৰী এইচ ডি এল বাঢ়ে, তেজৰ শৰ্কৰাৰ পৰিমাণ কমে, উচ্চ ৰক্ত-চাপ নিয়ন্ত্ৰিত হয়, বি এম আই আৰু ওজন হ্ৰাস পায়৷

কেক্টাচে লিভাৰৰ ক্ৰিয়াৰ উন্নতি সাধে-সেইবাবে ইয়াক নন এলক'হলিক ফেটি লিভাৰৰ বাবে এক উপযোগী ঔষধ বুলি এতিয়া গণ্য কৰা হৈছে৷

কেক্টাচ ই-কলাই সংক্ৰমণৰ বিৰুদ্ধেও উপকাৰী প্ৰমাণিত হৈছে৷

বিশ্বৰ বজাৰত নিপুন্টিয়া -৫০০(Neopuntia) নামেৰে কেক্টাচৰ পৰা তৈয়াৰী, ফ্ৰান্সত নিৰ্মিত ঔষধ বৰ্তমান উপলব্ধ  হৈছে৷ শকত, উচ্চ ৰক্ত চাপ থকা, তেজত চৰ্বি আৰু চুগাৰ বেচি থকা কেইজনমান ৰোগীক মই নিজে এইবিধ ঔষধ প্ৰেচক্ৰাইব কৰি এতিয়া ফলাফলৰ প্ৰতীক্ষাত আছোঁ৷

এইবিধ দৰব আহাৰৰ আধা ঘন্টা আগত দিনে দুবাৰকৈ অন্তত: এমাহলৈ খাব দিব লাগে৷ দৰবে পাকস্থলীত গৈ তালৈ খাদ্যৰ যোগেদি অহা সকলো ধৰনৰ চৰ্বি, তেল জাতীয় পদাৰ্থক টানি লয় আৰু তেজলৈ প্ৰবেশ কৰাত বাধা দিয়ে৷ এতিয়ালৈকে দৰবৰ কোনো পাৰ্শক্ৰিয়া চকুত পৰা নাই৷ ভাৰতৰ বজাৰত এইবিধ দৰব আহিছেনে নাই গম পোৱা নাই৷

এতিয়া চমুকৈ এলো ভেৰাৰ বিষয়ে কওঁ৷ এলো ভেৰাৰ গছৰ বৰ্তমান ২০০ ৰো অধিক প্ৰজাতিৰ কথা জনা গৈছে৷ আৰম্ভণীতে মাত্ৰ আফ্ৰিকত পোৱা  এলো ভেৰা এতিয়া বিশ্বৰ চুকেকোনে উপলব্দ্ধ৷ এলো ভেৰাত ২০ বিধ মিনাৰেল, ১৮ বিধ এমাইনো এচিড আৰু ১২ বিধ ভিটামিন থাকে৷ ঘাইকৈ শৰীৰৰ ছালৰ বাবে উপকাৰী হ’লেও ইয়াৰ ৰসে শৰীৰক শক্তি যোগায়, হজম বঢ়ায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ জ্বলা-পূৰা, কটা-চিঙা আৰু খহু শুকোৱাত এলো -ভেৰা সহায়কাৰী৷ ৰ'দে ছাল ডেই পুৰি নিলে এলো ভেৰা লগালে উপশম হয়৷

লিখক: ড০ ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate