অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট আৰু মগজুৰ ৰোগীৰ মহৌষধ :

 

সোৱাদেই নহয়, মছলা হিচাপে ব্যৱহাৰ হোৱা সামগ্ৰীয়েই ঔষধি গুণ থাকে। ডালচেনীৰ প্ৰয়োগো ভাৰতীয় খাদ্যত সোৱাদ আৰু সুগন্ধ মছলাৰ ৰুপত ব্যৱহাৰ কৰা হয়। ডালচেনীৰ সৈতে গাখীৰ মিহলালে দুয়োবিধৰ সংমিশ্ৰণে কিছুমান গুৰুতৰ ৰোগৰ ঔষধ হিচাপে কাম কৰে। তলত তেনে কিছুমান ৰোগৰ বিষয়ে উল্লেখ কৰা হ’ল।

গাঁঠিৰ আৰু হাৰৰ বিষ -

ডালচেনীত বিষ নিৰাময়ৰ অদ্ভুত শক্তি থাকে। সেয়ে কাঘীৰত ডালচেনী মিহলাই খালে হাৰে পুষ্টি লাভ কৰে আৰু গাঠি , হাৰৰ ৰোগ আদিত ৰোগীয়ে উপশম লাভ কৰে। এগিলাচ গাখীৰত এচামুচ ডালচেনী আৰু এচামুচ মৌ মিহলাই খাব।

কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগ আৰাম -

সকলো মছলা আৰু শাকৰ ভিতৰত এণ্টিঅক্সিডেণ্ট অধিক পোৱা যায় ডালচেনীত। ডালচেনীৰ ব্যৱহাৰে ডি এন এৰ ক্ষান্ত, কেঞ্চাৰৰ টিউমাৰৰ বিকাশ আদি ৰোধত সাহয় কৰে। কেঞ্চাৰৰ প্ৰতিৰোধক হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু কাৰোবাৰ যদি পুৰ্বৰে পৰা কেঞ্চাৰ হৈ থাকে তেন্তে ইয়াৰ প্ৰসাৰত বাধা দিয়ে হৃদৰোগত।

ডালচেনী -

ডালচেনী সেৱন কৰিলে হৃদৰোগ আৰু উচ্চ কলষ্টৰেল, উচ্চ ৰক্তচাপ সমস্যা সমাধান হয়। ডালচেনীযুক্ত গাখীৰ নিয়মীয়াকৈ সেৱন কৰিলে বেয়া কলষ্টৰেল হ্ৰাস হয় আৰু ভাল কলেষ্টেৰেল বৃদ্ধি পায়। ইয়াৰোপৰি ডালচেনীয়ে ৰক্তচাপ আৰু আভ্যন্তৰীণ ৰক্তক্ষয় উপশম ঘটায়।

ডায়েবেটিছৰ পৰা বাচি থকাৰ পথ -

ডালচেনীত ডায়েবেটিছৰ পৰা বচাৰ উপায় নিহিত আছে। ইয়াৰ সেৱনৰ ফলত তেজত চেনীৰ পৰিমান কম হয় আৰু হৰ্মনৰ ইনচুলিনলো সমতাত ৰাখে।

মগজুৰ ৰোগৰ পৰা উপশম -

ডালচেনীত যথেষ্ঠ এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াৰে বহুটো মগজুৰ ৰোগ যেনে পাৰ্কিচন্দ আৰু এলজাইমাৰৰ পৰা সুৰক্ষা দিয়ে। ডালচেনীয়ে স্নায়ুৰোগৰ পৰাও বচায়। মগজুৰ কোষৰ বিকাশ ঘটোৱাৰ লগতে ব্ৰেইন টিউমাৰৰ দৰে ৰোগৰ পৰাও আৰোগ্য কৰে।

উৎস: দেওবৰীয়া সুকন্যা

 

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate