অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খোৱাৰ আনন্দ আৰু ঔষধি গুণৰ সমাহাৰ

খোৱাৰ আনন্দ আৰু ঔষধি গুণৰ সমাহাৰ

বতৰৰ ফলৰ মাদকতা

 

আমাৰ দৈনন্দিন খাদ্য তালিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ ফলমূল। আমাৰ অসমৰ মানুহৰ পল খোৱাৰ চখ কম যদিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহৰ ফলমূল খোৱাটো একপ্ৰকাৰ অভ্যাস। কিন্তু আমাৰ অসমীয়া পৰিয়ালত ল’ৰা-ছোৱালীয়ে ফল মুখতেই নিদিয়ে বুলি প্ৰায়েই শুনা যায়।

এতিয়া ফলৰ বতৰ। বজাৰ নানা ধৰণৰ ফলমূলেৰে উভৈনদী হৈ পৰিছে। বছৰৰ বাৰ মাহেই বেলেগ বেলেগ ফল পোৱা যায় যদিও বাৰিষা ঋতুৰ ফলৰ আদৰেই সুকীয়া। ফলমূলৰ এই বতৰত আমাৰ থলুৱা ফলমূলসমূহৰ লগতে আন ঠাইৰ পৰা অহা ফলমূলসমূহৰ বিষয়ে কেইটামান কথাৰ মাজেৰে আজিৰ এই প্ৰতিবেদন।

বতৰৰ ফলসমূহৰ ভিতৰত সৰ্বাধিক প্ৰিয় ফলবিধ কি বুলি সুধিলে বোধহয় বহুতৰ উত্তৰ হ’ব- ‘আম’। ভাৰতৰ প্ৰতিখন ৰাজ্য বিশেষকৈ পশ্চিমবংগ, বিহাৰ আৰু অসমত সৰ্বাধিক উৎপন্ন হোৱা ফলবিধেই আম। আমক ‘ফলৰ ৰজা’ বুলি ক’ব পাৰি। সৰুতেই পঢ়া মনত আছে- আহাৰ মাহত বাৰীত পকে আম, কঁঠাল, জাম। আজিকালি অৱশ্যে কৃত্ৰিমতাৰ দয়াত আমকেইটাই পকিবলৈ আহাৰ মাহলৈ ৰৈ থাকিবলগীয়া নহয়। নানান প্ৰকাৰে বজাৰত জেঠ মাহৰ প্ৰথম সপ্তাহতে আম উভৈনদী হৈ পৰে। মালদহী, লেঙেৰা, চোচা, লখনভোগ আদি নানান নামেৰে জনপ্ৰিয় আমাৰ মাজত আমাৰ থলুৱা আমকেইটাৰ আদৰো কম নহয়। বিশেষকৈ প্ৰখৰ ৰ’দত গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে কেঁচা আম কাটি নিমখ-তেলৰ লগতে মুখ পুৰি যোৱাকৈ জলকীয়া সানি আম খোৱাৰ আনন্দ চহৰৰ গাভৰু-বোৱাৰীসকলে পাইছেনে নাই নাজানো, কিন্তু আমাৰ গাঁৱৰ গাভৰু-বোৱাৰীসকলে জিভাৰ পানী পৰি যোৱাকৈ এনেধৰণে আম খোৱাত কিন্তু বৰ পাকৈত। এয়াই আম খোৱাৰ আনন্দ। অসমৰ বহুতো গাঁৱত এতিয়াও কেঁচা আম এনেধৰণে চকলিয়াই খোৱাৰ পৰম্পৰা আছে।

আম খোৱাৰ বহুত ধৰণৰ পদ্ধতি আছে। তাৰ ভিতৰত পকা আমৰ চৰ্বত (মেংগো চেক) বহুতৰে প্ৰিয়। আজিকালিৰ ল’ৰা-ছোৱালী বহুতেই আমৰ পৰা প্ৰস্তুত কৰা মেংগো চেক খাইহে বৰ তৃপ্তি অনুভৱ কৰে। আমৰ কথা কৈ শেষ কৰিব নোৱাৰি। আমৰ আচাৰ, আমৰ মিঠা টক, আমৰ চাটনি বোধহয় কোনেও অপছন্দ নকৰে। পকা আম মধুমেহ ৰোগীৰ বাবে অপকাৰী যদিও আমৰ অপূৰ্ব সোৱাদে মধুমেহ ৰোগীৰ জিভাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আম সৰ্বকালৰ এক সুস্বাদু ফল।

আমৰ পাছতেই বতৰৰ আন এক ফল হৈছে কঁঠাল। অসমৰ প্ৰতি অঞ্চলতে কঁঠাল পোৱা যায় যদিও ভাৰতৰ আন ৰাজ্যত কঁঠালৰ উত্পাদন যথেষ্ট কম। আমৰ দৰে কঁঠালো সোৱাদৰ ফল। কঁঠাল বিভিন্ন জাতৰ আছে। কঁঠালৰ পৰা কোঁহ চালনিত চেকি ৰস উলিয়াই খাব পাৰি। কঁঠালৰ মুচিৰ তৰকাৰীখনৰো সোৱাদ অপূৰ্ব।

বতৰৰ অন্যতম এটি ফল হৈছে জামু। কলাজামু, গোলাপীজামকে মুখ্য কৰি ভাৰতৰ বিভিন্ন ৰাজ্যত কেইবাপ্ৰকাৰৰ জামু আছে। মধুমেহ ৰোগীৰ বাবে জামু আৰু জামুৰ ৰস উপকাৰী বুলি কোৱা হয়। অসমৰ থলুৱা ফলমূলৰ ভিতৰত দুটি ঘৰুৱা ফল হৈছে লেটেকু আৰু পনিয়ল। আজিকালি এই দুবিধ ফল কমি গৈছে। বজাৰো নাই, আদৰো নাই। অসমৰ পথাৰত উৎপন্ন হোৱা আৰু দুবিধ বতৰৰ ফল হৈছে তৰমুজ আৰু ছিঁৰাল বা বাঙী। শৰীৰ শীতল কৰা এই ৰসাল ফল দুবিধ গৰমৰ দিনৰ এক সুস্বাদু ফল। ছিঁৰালক গাখীৰেৰে মিহলাই চৰ্বত হিচাপে খালেও ভাল লাগে। তৰমুজৰ চৰ্বতো সমানেই প্ৰিয়। অসমৰ থলুৱা ফলসমূহৰ ভিতৰত লিচু অন্যতম। অসমৰ মানুহৰ প্ৰতিঘৰৰ আগতে এজোপাকৈ লিচু গছ আছিল যদিও ক্ৰমে লিচু গছৰ সংখ্যাও কমিব ধৰিছে। তেজপুৰৰ মঙহাল লিচু আৰু কামৰূপৰ বকো অঞ্চলৰ লিচু সৰ্বজনপ্ৰিয়। বতৰৰ ফলমূলৰ ভিতৰত আনাৰস আৰু বেল অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ পথাৰত উৎপাদিত অন্যতম ফল। আমাৰ কামৰূপ, গোৱালপাৰাকে ধৰি চুবুৰীয়া মেঘালয়ত আনাৰস প্ৰচুৰভাৱে উৎপন্ন হয়। বতৰৰ ফলসমূহৰ ভিতৰত দুটি ফল হৈছে প্লাম আৰু নাচপতি। অৱশ্যে এই দুটি ফল আমাৰ ৰাজ্যত উৎপন্ন নহয় বুলিয়েই ক’ব পাৰি। চুবুৰীয়া মেঘালয়ৰ পৰা অহা প্লাম আৰু ভাৰতৰ আন ৰাজ্যৰ পৰা অহা নাচপতিৰে আমাৰ বজাৰ ভৰি পৰে। এই দুবিধ ফলৰো সোৱাদৰ এক অনন্য মাত্ৰা আছে।

এইসমূহ জহকালিৰ বতৰৰ ফলৰ উপৰি জাৰকালি উভৈনদী হোৱা ফল সমূহৰ ভিতৰত অন্যতম ফলবিধেই হৈছে কমলা বা সুমথিৰা। আমৰ লেখীয়াকৈ কমলাৰো আছে বিশাল জনপ্ৰিয়তা। কমলাৰ ৰস অন্যতম প্ৰিয় চৰ্বত। পিকনিকৰ বতৰত কমলাৰ কদৰেই বেলেগ। সস্তাতে খাব পৰা কমলাকেইটা জাৰকালিৰ সৰ্বাধিক জনপ্ৰিয় এবিধ ফল। ৰবাব টেঙা আৰু বগৰীৰ জনপ্ৰিয়তা ক’বই নালাগে।

এইসমূহ বতৰৰ ফলৰ উপৰি প্ৰায় বাৰ মাহেই পাব পৰা ফলসমূহ হৈছে অমিতা, ডালিম, বেদানা, আপেল, কুঁহিয়াৰ, মধুৰিআম, মৌচম্বি, আঙুৰ, নাৰিকল আৰু কল। অৱশ্যে আপেল, আঙুৰ, মৌচম্বি আদি ফল অসমত উৎপন্ন নহয়। আনহাতে ডালিম, মধুৰিআম, কুঁহিয়াৰ, অমিতা, নাৰিকল আৰু কল অসমত প্ৰচুৰ পৰিমাণে উত্পাদন হয়। এইকেইবিধ ফল স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী বুলি বিশেষজ্ঞসকলে কয়। ৰুগীয়া মানুহক ডালিম, বেদানা, আপেল আদি বিনা দ্বিধাই খুৱাব পৰা যায়। কল আৰু নাৰিকল বোধহয় সৰ্বকালৰ শ্ৰেষ্ঠ ফলৰ ভিতৰত পৰে। কল ভাৰতৰ প্ৰত্যেক ঠাইতে প্ৰচুৰ পৰিমাণে উত্পাদন হয়। জাহাজী কল ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচুৰ যদিও আমাৰ ইয়াত ভীমকল, চেনিচম্পা, মালভোগ, বৰতমনি আদি কলৰ উৎপাদন বহুত বেছি। নাৰিকলক ফল হিচাপে খোৱাৰ লগতে নাৰিকলৰ লাডু (লচকৰা) বৰ প্ৰিয় খাদ্য তালিকাৰ অন্যতম।

এইসমূহ ফলৰ সোৱাদৰ লগে লগে যথেষ্ট উপকাৰিতা আছে। নানা ৰোগভেদে উক্ত ফলসমূহৰ গুণাগুণ বেলেগ বেলেগ।

আমাৰ অসমৰ মানুহৰ ফল খোৱাৰ অভ্যাস কম যদিও যুৱপ্ৰজন্মৰ মাজত অৱশ্যে ফলৰ ৰস বিশেষকৈ পেকেটত থকা ফ্ৰুটি, লিচি, মাজা আদি খোৱাৰ আগ্ৰহ যথেষ্ট বেছি। পেকেট যোগে খাব পৰা ফলৰ ৰসতকৈ বতৰৰ ফল বতৰতে খাব পাৰিলে অধিক সুফল পাব পাৰি। আনহাতে পেকেটৰ ফলৰ ৰসৰ ভিতৰত ভেজাল হোৱাৰ সম্ভাৱনা বহু বেছি। অৱশ্যে আপেল, কল, আম আদি বেছিকৈ বিক্ৰী হোৱাৰ ফলত যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰৰ বাবে ই কেতিয়াবা বিপজ্জনক হৈ পৰে। এইসমূহ দুৰ্ভাৱনা থাকিলেও পিছে বতৰৰ ফল বতৰত খোৱাৰ মাদকতাই বেলেগ।

ফলমূলৰ উপকাৰিতাৰ কথা বেলেগে কোৱাৰ প্ৰয়োজন নাই। ঋষি-মুনিসকলেওকেৱল ফলাহাৰৰ মাজেৰেই সুদীৰ্ঘ জীৱন লাভ কৰিছিল বুলি শুনা যায়। গতিকে ৰাসায়নিক দ্ৰব্য মিহলি কৃত্ৰিম ফলৰ ৰস খোৱাৰ পৰিৱৰ্তে আমি বতৰৰ ফল খোৱাৰহে অভ্যাস গঠন কৰিব লাগে। ইয়াৰ বাবে আমি নিজৰ বাৰীখনত এডাল হলেও ফলৰ গছ ৰোপণ কৰিব পাৰোঁ। বেছি ডাঙৰ গছ নোৱাৰিলেও একোডাল ডালিম, মধুৰিআম, লিচু, নাৰিকল, কল নাইবা অমিতাৰ পুলি আমি ঘৰতে ৰুব পাৰোঁ। এইসমূহ উত্কৃষ্ট ফলৰ মাজেৰে আমি এটি নিৰোগী জীৱনৰ সাধনা কৰিব পাৰোঁ।

লেখক: প্ৰণৱ কুমাৰ শৰ্মা, নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate