অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গছ-গছনি, লতা-পাতৰ ঔষধি গুণ

গছ-গছনি, লতা-পাতৰ ঔষধি গুণ

আমাৰ দেশৰ সৰহ অঞ্চলেই কম-বেছি পৰিমাণে গছ-গছনিৰে সেউজীয়া| কিছুমান গছ আমি গাঁৱে-ভূঞে সদায় দেখি আহিছো| গছ বোৰৰ নাম উচ্চাৰণ কৰিলেই আমাৰ মানসপটত সম্পুৰ্ণ গছ জোপাৰ ছবি ভাহি উঠে| অৱশ্যে এইবোৰ গছৰ বিষয়ে এনে কিছু খবৰ আছে-যিবোৰ আমাৰ বহুতৰেই অৱগত নহয়| তেনে ধৰণৰ কেইবিধমান গছৰ বিষয়ে চমুকৈ আলোচনা কৰিব বিচাৰিছো|

গুলঞ্চ বা গুলা

এইজোপা ফুলৰ গছ আমাৰ প্ৰাচীন মঠ-মন্দিৰ বোৰৰ প্ৰাংগনত প্ৰায়েই দেখা যায়| গাঁও অঞ্চলৰ ফুলনিত, কবৰস্থান, মৰিশালী আদিতো দেখা যায়| মন্দিৰ প্ৰাংগনত দেখা যায় বাবে ইয়াৰ নাম ‘টেম্পলট্ৰি’ বা ‘পেগোডা ট্ৰি’ আকৌ মৰিশালীতো সাধাৰণতে দেখা যায় বাবে আন এটা নাম ‘ডেড মেন্‌ছ ট্ৰি’| এই গছৰ সকলো অংগৰ পৰাই বগা আঠাযুক্ত ৰস ওলায় বাবে গুলঞ্চৰ সংস্কৃত নাম ‘ক্ষীৰ-চম্পা’| সাধাৰণতে ফুল বগা বা গুলপীয়া হয়, অৱশ্যে ৰঙাজাতৰ ফুলো দেখা যায়| সাধাৰণতে বছৰৰ আটাইকেইটা ঋতুতে এই ফুল ফুলে| ফুলৰ মৃদু সুগন্ধি আছে| ১৮৪১ খ্ৰীষ্টাব্দত এই গছ পোন প্ৰথম বাৰৰ বাবে অনা হয় ফিলিপাইনৰ পৰা| ইয়াৰ উৎপত্তি স্থান হ’ল মেক্সিকো আৰু গুৱাটেমালা| পৰম্পৰাগত ঔষধিত এই গছৰ ৰস ব্যৱহাৰ কৰা হয়| সাধাৰণতে বাত বিষ, খজুৱতিৰ মলম, দাঁতৰ ৰক্তক্ষৰণ ৰোধ আৰু পেট খোলোচা কৰা দৰৱত ইয়াৰ ব্যৱহাৰ হয়|

তেঁতেলী

হিমালয়ৰ পাদদেশৰ পৰা কন্যাকুমাৰিকালৈকে য’তে-ত’তে এই গছ দেখা যায়| ইংৰাজী নাম-‘টেমাৰিজ’| এই শব্দটি আকৌ ‘টেমাৰ-ই-হিন্দী’ নামৰ পাৰ্চী শব্দৰ পৰা আহিছে অপভ্ৰংশ হিচাপে-যাৰ অৰ্থ হ’ল ‘ভাৰতীয় খেজুৰ গছ’| এই গছৰ উৎপত্তি স্থান হ’ল বিষুৱীয় আফ্ৰিকাৰ চুডানীয় অঞ্চল| সাধাৰণতে গাঁও অঞ্চলত ইয়াৰ খেতি কৰা হয় যদিও জংঘলতো এই গছ পোৱা যায়| ৰাস্তাৰ দাঁতিত ৰোৱা গছবোৰৰ ভিতৰত তেঁতেলী অন্যতম| এই গছ বেছ ডাঙৰ হয়-প্ৰায় সাত মিটাৰলৈকে বেৰ আৰু পঁশ্চিচ মিটাৰলৈকে ওখ| গছৰ ঠাল-ঠেঙুলি বেছ ঘন, যৌগিক সৰু-সৰু| এই গছ চিৰসেউজীয়া| তথাপি গ্ৰীস্মকালত এই গছৰ পাত যথেষ্ট সৰে আৰু নতুন পাত ধৰে| প্ৰায় একে সময়তে সৰু ফুল ধৰে| তেঁতেলীৰ ফল দহৰ পৰা কুৰি ছেণ্টিমিটাৰ দীঘল আৰু বাৰটালৈকে গুটি থাকে| গুটিবোৰ ডাঠ মুগা| গুটিবোৰ আৱৰি ডাঠ আৱৰণ আৰু জাৱৰুৱা সাহ থাকে| গুটিৰ পৰা গছ হয় আৰু তেৰ/চৌধ বছৰত ফল ধৰে| প্ৰায় ষাঠি বছৰলৈ এই গছ জীয়াই থাকে| এটি জনবিশ্বাস মতে তেঁতেলী গছ চিৰযৌৱনৰ প্ৰতীক| আন এটি জনবিশ্বাস মতে আকৌ ই ডেও লগা গছ, ইয়াৰ তলত শোৱা স্বাস্থ্য হানিকাৰক| তেঁতেলীৰ প্ৰায় সকলো অংগই আমাৰ কামত লাগে| পকা ফলৰ সাহৰ সোৱাদ টেঙা-মিঠা, ইয়াত টাৰ্টাৰিক, মেলিক আৰু চাইট্ৰিক অচিড থাকে| বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে তেঁতেলী খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়| কেঁচা তেঁতেলীৰ পৰা সুস্বাদু চাট্‌নি কৰা হয়| পকা তেঁতেলী এনেয়ে ফল হিচাপে খাব পাৰি, পাছে অসমৰ মানুহে ইয়াৰে সুস্বাদু আঞ্জা তৈয়াৰ কৰে| দক্ষিণ ভাৰতত তেঁতেলী অধিক প্ৰিয়| এই অঞ্চলৰ দৈনন্দিক আহাৰৰ তালিকাই প্ৰায় এৰাব নোৱাৰা অংশ| Bramha dekh   ইয়াৰ পৰা ‘ফীৱয’য়ে’ নামৰ সুস্বাদু চৰ্বত তৈয়াৰ কৰা হয়| তেঁতেলীৰ সাহত টাৰ্টাৰিক এচিড থাকে বাবে ইয়াৰে মাজিলে পিতল, তাম, কাঁহৰ বাচন-বৰ্তন চিক্‌চিকীয়া হয়| তেঁতেলী গুটিৰ বাকলিত প্ৰায় ১৭ শতাংশ প্ৰ’টিন থাকে| জনজাতীয় কিছু লোকে তেঁতেলী গুটিৰ গুড়ি খাদ্য হিচাপে ব্যৱহাৰ কৰে| তদুপৰি তেঁতেলী গুটিত ‘জেল’জ্‌’ নামৰ এবিধ পলিচেক্কাৰাই থাকে| এই গুটি সিজাই শুকালে ৰবৰৰ নিচিনা হয়| সেইবাবে জেম, জেলী, আইচক্ৰিম আদি তৈয়াৰ কৰোতে আৰু প্ৰসাধন সামগ্ৰী, ছপাখানাৰ পেষ্ট আদি তৈয়াৰ কৰোতে ইয়াৰ বহুল ব্যৱহাৰ হয়| গছৰ কোমল পাত আৰু ফুল পাচলি হিচাপে ব্যৱহৃত হয়| তেঁতেলী গছৰ কাঠ খুব টান আৰু স্থায়ী| এই গছৰ শিপা দুই ধৰণৰ-এবিধ খুব দলৈ যায়, সেইবাবে শুকান বতৰতো ই বাচি থাকিব পাৰে| আনবিধ শিপা উপৰুৱা, এইবিধ শিপাই মাটিৰ উপৰিভাগৰ পৰাও ৰস টানি ল’ব পাৰে| এই ধৰণৰ শিপা থকা কাৰণে তেঁতেলী গছ ভূমি সংৰক্ষণ কৰাত যথেষ্ট সহায় কৰে|

অশোক ফুল

মঠ-মন্দিৰৰ ওচৰত, বিশেষকৈ বৌদ্ধ মন্দিৰ বোৰৰ ওচৰত সাধাৰণতে দেখা এবিধ গছ হ’ল অশোক ফুল| এই গছ মজলীয়া আকৃতিৰ| উৎপত্তি স্থান ভাৰত, Bramha দেশ আৰু মালয়েছিয়া| আমাৰ দেশৰ প্ৰায় সকলো ঠাইতে এই গছ দেখা যায়| পাত ডাঠ সেউজীয়া আৰু যৌগিক| অৱশ্যে কোমল পাতবোৰ ৰঙচুৱা আৰু পাট কাপোৰৰ দৰে মিহি| অশোক ফুল সধাৰণতে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুলে| অৱশ্যে ঠাই বিশেষে অন্য সময়তো ফুলে| ফুলবোৰ আৰম্ভণিতে পাতল হালধীয়া, পাছলৈ সেন্দুৰী ৰঙা হয়| জনবিশ্বাস মতে তিৰোতাৰ গচকতহে অশোক ফুল ফুলে| এই কথা কালিদাসৰ ‘মালৱিকা অগ্নিমিত্ৰম’ নাটকতো উল্লেখ আছে| ৰামায়ণত আছে ৰাৱণে সীতাক চুৰি কৰি নি অশোক বনত ৰাখিছিল| কোনো ঠাইত বিশ্বাস আছে-অশোকাষ্টমীৰ দিনা অশোক ফুল চোবাই খালে গোটেই বছৰ্টো দুখ-বেদনাৰ পৰা হাত সাৰিব পাৰি| বৌদ্ধ সকলৰ বিশ্বাস বুদ্ধৰ জন্ম অশোক গছৰ তলত| সেইবাবে এই গছ বৌদ্ধ সকলৰ বাবে পবিত্ৰ| অশোক গছৰ ঔষধি গুণ বিশেষ ভাৱে উল্লেখনীয়| গছৰ বাকলিৰ পৰা গ্লাইক’চাইড নামৰ পদাৰ্থ পোৱা যায়| জৰায়ুৰ মাংসপেশীৰ ওপৰত ইয়াৰ বিশেষ কাৰ্যকৰিতাত প্ৰমাণ পোৱা যায়| এইবাবে ভাৰতীয় ঔষধি বিজ্ঞানত অশোক ফুলৰ বিশেষ উল্লেখ আছে|

পাৰ্থ প্ৰতিম দাস

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate