গৰু বিহু অতীজৰ পৰা গ্ৰাম্য জনসাধাৰণে পালন কৰি আহিছে। গৰু বিহুত গৰুক নানা দ্ৰব্যৰে গা-পা ধুওৱা হয় যাতে গৰুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ হয়। অৱশ্যে, কেৱল গৰু বিহুৰ দিনাইযে গৰুৰ যতন ল’ব লাগে এনে নহয়, গোটেই বছৰটোৱেই গৰুৰ প্ৰতি যতন লোৱা উচিত। গৰু বিহুত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ ভিতৰত অতি উল্লেখযোগ্য দ্ৰব্যবিধ হ’ল – কেঁচা হালধি আৰু কেটকুৰি। গৰু বিহু আৰু মানুহ বিহুৰ দিনা (ব’হাগ বিহুত) অসমীয়াৰ ঘৰে ঘৰে এই কেঁচা হালধি ব্যৱহাৰ হয়। আমাৰ সকলোৰে পৰিচিত এই হালধি জন্ম দিনত, বিয়া-সবাহ, বিহুৱে-সংক্ৰান্তিয়ে আমাৰ দৈনন্দিন জীৱনত অতীজৰ পৰাই ব্যৱহাৰ হৈ অহা কথা আমি সকলোৱে জানো। গৰুৰ গা নোওৱা হালধি আমি সাধাৰণতে ব্যৱহাৰ কৰা হালধিত কৈ অলপ বেলেগ, ইয়াক বন হালধি বুলিও কোৱা হয়। বন হালধি আৰু আমি ব্যৱহাৰ কৰা খোৱা হালধিৰ গুণ প্ৰায় একে বুলি ক’ব পাৰি। হালধি আৰু মাটি মাহ একেলগে খুন্দি তাত সৰিয়হ তেল মিহলি কৰি গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুৰ গা ধুওৱা বা নোওৱা হয়। এনেদৰে গৰু-ম’হ নোওৱালে গৰু-ম’হৰ ছালৰ বেমাৰ প্ৰতিৰোধ হয়। ছালত ফাপৰ, ওকণি আদি হ’ব নোৱাৰে। এনেদৰে গা-ধুওৱাৰ ফলত ছালৰ বীজাণু আৰু কীটাণু নাশ কৰাৰ উপৰি ছাল নিমজ-সতেজ কৰে। ছালৰ যিকোনো ঘা সহজে শুকুৱায় আৰু বিষ-কোপ নাইকিয়া কৰে। এই গৰু বিহুৰ দিনা গৰু-ম’হক নোওৱা হালধিৰে নোওৱাৰ পিছত এখন চালনীত সৰু সৰুকৈ চকল চকল কৰি কাটি লোৱা বৰথেকেৰা, বেঙেনা, জাতিলাও, তিয়ঁহ আদি গৰুৰ গালৈ দলিয়াই ‘লাও খা, বেঙেনা খা, দিনে দিনে বাঢ়ি যা’ বুলি আশীৰ্বাদ দিয়াৰ উপৰি গৰুৰ এই দ্ৰব্যবোৰ খাবলৈ দিয়া হয় আৰু দ্ৰব্যৰ চকল বিলাক বাঁহৰ কাঠিৰে তৈয়াৰী চাতত খুচি গোহালিৰ ছালত ৰখা হয়। এইবিলাক দ্ৰব্যৰ ঔষধি গুণ বিশেষ মন কৰিবলগীয়া। গৰু বিহুৰ দিনা গৰুক বৰ থেকেৰা খুৱালে আনকি, বৰ থেকেৰা টুকুৰা টুকুৰকৈ কাটি বাঁহৰ শলাত গোহালিৰ ছালত ৰাখিলেও গৰুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। বৰ থেকেৰাই গৰুৰ পেট ওফন্দা ৰোগ নিৰাময় কৰিব পাৰে। গ্ৰহণী ৰোগ বৰ থেকেৰাই নাশ কৰে। ঠিক সেইদৰে গৰু বিহুৰ দিনা বা আনসময়তো থেকেৰা, লাও, বেঙেনা আদি গৰুক খুৱালে গৰুৰ জীৰ্ণ শক্তি বৃদ্ধি পায়। ফলত গৰু হৃষ্ট পুষ্ট হোৱাত সহায় হয়। ইয়াৰ উপৰি লাও আৰু বেঙেনাই গৰুৰ প্ৰজনন শক্তি বৃদ্ধি কৰিব পাৰে, গৰুৰ গা ধোৱাওতে গৰুৰ শিঙত আৰু খুৰাত হালধি, নহৰু, বচ আদি খুন্দি তাত সৰিয়হ তেল মিহলি কৰি সানিলে গৰুৰ শিং আৰু খুৰাত হোৱা বেমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। মাখিয়তি বা দীঘলতি পাতেৰে কোবাই গা ধুৱাবলৈ নৈ, বিল, পথাৰ আদিলৈ নিয়া হয় আৰু গা ধোওৱাৰ পিছতো কোনো এচাৰি আদি ব্যৱহাৰ নকৰি মাখিয়তি আৰু দীঘলতিৰ ডাল-পাতেৰে কোবাই সেই দীঘলতি আৰু মাখিয়তি গোহালিৰ ছালত গুজি ৰখা হয়। সন্ধিয়া গোহালিৰ সন্মুখত আৰু পদূলিৰ বাটত অন্যান্য গুণ সম্পন্ন গছ-লতাৰ লগতে বিহলঙনীৰ ডাল, লাই জাবৰি, দীঘলতি, মাখিয়তিৰ জাগ দি মহ, ডাঁহ, চেৰেপা আদি খেদোৱা হয় আৰু ৰোগৰ বীজাণু নাশ কৰা হয়। এই জাগ দিওঁতে কেঁচা গোবৰ, মাখিয়তি, দীঘলতি, বগৰীৰ ডাল, সিজুগছ, ঠুঠনি বন, বন জৰা, টিকনি বৰুৱা, বিৰিণা, শোকোতা আদি একেলগে গোটাই তাৰ ধোঁৱা গোহালিৰ মুখত বা গোহালিৰ ভিতৰত দিব লাগে। মাখিয়তি আৰু দীঘলতি পাতেৰে গৰু কোবালে গৰুৰ ছালত বীজাণু বা কীটাণু আদি নাশ হোৱাই নহয়, গৰুৰ গা আটিল হয়। গৰুক মৰাপাট বা নাৰিকলৰ পঘাৰে নাবান্ধি নতুন মৰাপাটৰ পঘাত কেঁচা হালধিৰ এটা প্ৰলেপ দি পঘাৰ লগতে তৰা গছৰ পাতৰ ৰচি মেৰিয়াই গৰু বন্ধা হয়। এনেদৰে গৰু বন্ধাৰ কাৰণে গৰুৰ ডিঙিৰ ছালত পঘা ডালত থকা বীজাণুৱে ৰোগ সৃষ্টি কৰিব নোৱাৰে। সন্ধিয়া সময়ত জাগ দিয়াৰ সময়ত নহৰুৰ পানী গোহালিৰ ভিতৰে- বাহিৰে ছটিওৱা হয় যাতে মহ-ডাঁহৰ কণী বা অন্য অনিষ্টকাৰী কীট-পতংগ নাইবা ৰোগৰ বীজাণু নাশ কৰিব পাৰে। ইয়াৰ পিছত গৰুক গোহালিত বন্ধাৰ পিছত পিঠাপনা খুওৱা হয় যাতে দেহৰ শক্তি বৃদ্ধি হয়। সেইদিনাই সিজু গছৰ ১ টা ডাল তিনিটা বাঁহৰ চুঙাত বা মাটিত গোজ মাৰি থোৱা হয়। এই সিজুৱে বিজুলী ঢেৰেকণি আদিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। কাৰণ, সিজু গছ ঘৰৰ ওচৰত থাকিলে ঘৰত বজ্ৰপাত পৰিব নোৱাৰে বুলি জনবিশ্বাস আছে।
উৎস: বনদৰব আৰু আৰোগ্য।
শেহতীয়া উন্নীতকৰণ: : 4/9/2020
অগৰুৰ ব্যৱহাৰ
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে
অনিষ্টজনক মুখাভ্যাস
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ