অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘনিৰ ঔষধি গুণ

ঘনিৰ ঔষধি গুণ

ঘনি সাধাৰণতে অসমীয়া মানুহে মচলা হিচাপে ব্যৱহাৰ কৰে| ভাৰতবৰ্ষৰ সকলো ঠাইৰ মানুহে এই ঘনি খাদ্যত ব্যৱহাৰ কৰি আহিছে যদিও ইয়াৰ ঔষধি গুণৰ বিষয়ে বিশেষ ভাৱে জ্ঞাত নহয়| ঘনিৰ খেতি প্ৰায় ২,০০০ বছৰৰ পৰাই কৰি অহা হৈছে| চীনদেশত ৫ম শতিকাৰ পৰা ইয়াৰ খেতি কৰি অহা বুলি জানিব পাৰি| ইংলেণ্ডত ঘনি বনৰীয়া গছ বুলি চিহ্নিত হৈছিল যদিও চিকিৎসক সকলে বিভিন্ন ঔষধত ইয়াক ব্যৱহাৰ কৰিছিল| ১৭শ শতিকাত ইংলেণ্ডত এই জোপোহা জাতীয় ঘনি গছ ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বিষয়ে ব্ৰিটিছ চিকিৎসা জাৰ্নেলবিলাকত পোৱা যায়| ভাৰতবৰ্ষত ঘনিৰ উৎপাদন পঞ্জাৱ, উত্তৰপ্ৰদেশ আদিত প্ৰচুৰ পৰিমাণে হয়| ঘনি মিনাৰেল আৰু ভিটামিন প্ৰসিদ্ধ| ইয়াৰ ভাৰতীয় নাম ‘চেলাৰী’ ইয়াৰ পাতক থাকে ৮৮ শতাংশ ভাগ বাস্পীয় উপাদান| প্ৰ’টিন ৬.৩ শতাংশ, ফেট ০.৬ শতাংশ, মিনাৰেল ২.১ শতাংশ, ফাইবাৰ বা আঁহ ১.৪ শতাংশ, কাৰ্বহাইড্ৰেট ১.৬ শতাংশ প্ৰতি ১০০ গ্ৰামত| ঘনিত কেলচিয়াম, ফছফৰাছ, আইৰন, কেৰ’টিন, নিয়াচিন আৰু ভিটামিন ‘চি’ থাকে| ঘনিৰ ঔষধীয় গুণবোৰ- চেলাৰী শব্দটো লেটিন শব্দশ্চিলেৰী শব্দৰ পৰা উৎপত্তি হৈছে| ইয়াৰ অৰ্থ হৈছে অতি খৰতকীয়াভাৱে কাম কৰা| অৰ্থাৎ Quick action ঘনিৰ পাত, শিপা, বীজ ঔষধৰ বাবে ব্যৱহৃত হয়| ঘনি গুটিৰ নিয়মিত ব্যৱহাৰ পেটফুলা, প্ৰসাৱ জলাপোৰা লক্ষণ নাশ কৰে| আৰ্থ্ৰাইটিছ, গাউট বাত বিষ আদি বেমাৰত ভোগা মানুহে ঘনি গুটিৰ পাউদাৰ কুহুমীয়া পানীত মিহলাই ১০০ গ্ৰাম পৰিমাণে ব্যৱহাৰ কৰিলে এইবোৰ বেমাৰ আৰোগ্য হয়| ঘনিত থকা ছডিয়ামে আৰ্থ্ৰাইটিছ, গাঁঠিৰ যোৰাত হোৱা বিষ আতৰাই ৰোগ নিৰাময় কৰে| দিনে ২ বাৰকৈ ১ মাহ সময় ব্যৱহাৰ কৰিব লাগে| এইক্ষেত্ৰত ঘনিৰ পাতৰ ৰস বা শিপাৰ ৰস ব্যৱহাৰ কৰিলে সমানে উপকাৰ পাব পাৰি| স্নায়ৱিক দুৰ্বলতা দুৰ কৰাত ঘনি গছৰ পাতৰ ৰস ১০০ গ্ৰামত গাজৰৰ ৰস ৫০ গ্ৰাম মিহলাই দিনে দুবাৰকৈ ২০-২৫ দিন নিয়মিত খাব লাগে| তেজৰ দোষত হোৱা বেমাৰ যেনে-ৰক্তহীনতা, লিউকেমিয়া, হেমফলিয়া আদিত ঘনি গছৰ শিপাৰ ৰসৰ লগত গাজৰৰ ৰস মিহলাই নিয়মিত ব্যৱহাৰ কৰিলে এই ৰোগ বহু পৰিমাণে নিৰাময় হয়| পৰিমাণ-শিপাৰ ৰস ৫০ গ্ৰাম, গাজৰৰ ৰস ১০০ গ্ৰাম| দিনে এবাৰকৈ এমাহ পৰ্যন্ত ব্যৱহাৰ কৰিব লাগে| এজ্‌মা, ব্ৰংকাইটিছ, প্লুৰেচি আৰু যক্ষ্মা বেমাৰত ভোগা ৰোগীয়ে ঘনিৰ গুটিৰ পাউদাৰ প্ৰস্তুত কৰি ১০ গ্ৰাম পৰিমাণে দিনে ১ বাৰকৈ এমাহ খাব লাগে| বদহজমীত ভোগা মানুহে ঘনি গুটিৰ পাউদাৰ ১ চামুচ পৰিমাণে লৈ গাখীৰত লৈ ৩-৪ ঘণ্টা তিয়াই থৈ খালে বদহজম দূৰ হয়| কিড্‌নী ষ্ট’ন আৰু গ’লব্লাডাৰ ষ্ট’নৰ সমস্যাত ভোগা লোকৰ বাবে ঘনি বৰ উপকাৰী| নিয়মীয়াকৈ ঘনিৰ গুটিৰ পাউদাৰ প্ৰস্তুত কৰি ১ চামুচ পৰিমাণে ১ গিলাচ পানীত মিহলাই দিনে ১ বাৰকৈ ২০-২৫ দিন খালে কিড্‌নী ষ্ট’ন আৰু গ’লব্লাডাৰত হোৱা ষ্ট’ন বা পাথৰ ভাগি-ছিগি প্ৰস্ৰাৱত বাহিৰ হৈ যায়| শৰীৰ দুৰ্বল হ’লে, বল শক্তি কমি গ’লে ঘনি গছৰ শুকান শিপাৰ গুৰি প্ৰস্তুত কৰি ১ চামুচ পৰিমাণে ১ চামুচ মৌ মিহলাই দিনে ১ বাৰকৈ খোৱাৰ পিছত নিয়মিত ১ মাহ খাব পাৰিলে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি| টোপনি নোহোৱা সমস্যাত ভুগিলে নিয়মিত টোপনি অহাত সহায় কৰে ঘনি গছৰ পাতৰ ৰস ২ চামুচত ১ চামুচ মৌজোল মিহলাই ৰাতি শুবৰ সময়ত নিয়মিত কিছুদিন খাব লাগে| ঘনিৰ গুড়ি, নিমখ আৰু পিয়াঁজ মিহলাই চালাড কৰি খালেও ভোক নলগা, পেটফুলা, বদহজম হোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি|

লিখক: উপেন দত্ত।

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate