অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চম্পা ফুলৰ গুণ :

চম্পা ফুলৰ গুণৰ বিষয়ে লিখা হৈছে ।

 

চম্পা এবিধ সুগন্ধি ফুল। কঁঠাল চম্পা, ভূমি চম্পা আদি কেইবাবিধো চম্পা ফুল আছে যদিও সাধাৰণতে বগা বা পাতল হালধীয়া বা সোণবৰণীয়া চম্পা ফুল সহজতে চকুত পৰে। গ্ৰীষ্ম আৰু বৰ্ষাকালত এই ফুল ফুলে। বিভিন্ন ভাষাত ইয়াক ভিন ভিন নামেৰে জনা যায়। হিন্দীত ইয়াৰ নাম চম্পক। চম্পা ফুলো ঔষধি গুণেৰে ভৰপূৰ।

*বদহজমৰ বাবে বমি হ’লে চম্পা ফুলৰ গুটি গুড়ি কৰি পানৰ লগত খালে বমি ভাব দূৰ হয়।

*ভূমি চম্পাৰ গছৰ আলুৰ পৰা মলম তৈয়াৰ কৰি কটা-ছিঙাত লগালে সোনকালে ঘা শুকায়।

*পেট ফুলিলে ভূমি চম্পাৰ আলু গুড়ি কৰি খালে ৰোগ উপশম হয়।

*ডিঙি উখহিলে অৰ্থাৎ মাম্পছ(Mumps) হ’লে ভূমি চম্পাৰ শিপা গুড়ি কৰি খালে ৰোগ সোনকালে ভাল হয়।

*জননতন্ত্ৰত ঘা হ’লে কঁঠাল চম্পাৰ ছালৰ তৈয়াৰী ঔষধ ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় হয়।

*বহুমূত্ৰ ৰোগতো কঁঠাল চম্পাৰ ছাল উপকাৰী।

*বাত বিষতো চম্পা ফুল, পাত, বকুল ফুলৰ লগত পিহি উখহা বা বিষ হোৱা স্থানত লগালে আৰাম পোৱা যায়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top