মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / চিনক’না গছৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিনক’না গছৰ ঔষধি গুণ :

চিনক’না গছৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

চিনক’না এবিধ ঔষধি গছ। ওখ পৰ্বতীয়া অঞ্চলত চিনক’না গছ পোৱা যায়। ইয়াৰ কেইবাটাও প্ৰজাতি আছে। এই গছৰ ছাল শুকুয়াই ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। চিনক’না গছৰ বাকলিৰ পৰা তৈয়াৰ কৰা ‘কুইনান’ মেলেৰিয়া ৰোগত অব্যৰ্থ ঔষধ। ইয়াৰ উপৰিও চিনক’না গছৰ আন বহুতো ঔষধি গুণ আছে। এই গছৰ কিছুমান ঔষধি গুণৰ বিষয়ে আলোচনা কৰা হ’ল-

*চিনক’না গছৰ বাকলি জ্বৰনাশক।

*নিম’নিয়া হ’লে চিনক’না গছৰ বাকলি শুকুৱাই গুড়ি কৰি খালে, ৰোগ সোনকালে নিৰাময় হয়।

*ডিঙিৰ বিষ হ’লে চিনক’না গছৰ শুকান বাকলি সিজোৱা পানীৰে কুলকুলি কৰিলে আৰাম পোৱা যায়।

*গাঠিয়া ৰোগত ইয়াৰ বাকলি পিহি মূৰত লগালে বিষ কমে।

*কাপোৰ পোক-পৰুৱাৰ পৰা ভালে ৰাখিবলৈ চিনক’না গছৰ বাকলি কাগজত বান্ধি কাপোৰৰ মাজত থ’লে পোক-পৰুৱাই অনিষ্ট কৰিব নোৱাৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top