মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / চেংমৰা শাকৰ গুণাগুণ (Spiny arum):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চেংমৰা শাকৰ গুণাগুণ (Spiny arum):

চেংমৰা শাকৰ গুণাগুণ (Spiny arum)ৰ বিষয়ে লিখা হৈছে ।

 

বৈজ্ঞানিক নাম- Lasia spinosa)

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে কিছুমান ঔষধি গুণসম্পন্ন বনশাক বিভিন্ন ব্যঞ্জন হিচাবে বনাই খায়। জুতি লগা এই ব্যঞ্জন সমূহ বহু ৰোগৰ উত্তম পথ্য। পৰম্পৰাগত ভাবে চলি অহা এই থলুৱা ব্যঞ্জন সমূহ খাই থাকিলে আমি প্ৰত্যেকেই নিৰোগী হৈ থাকিব পাৰিম। সুস্বাস্থ্যৰ চাবিকাঠি এইবোৰ ব্যঞ্জনৰ মাজতে লুকাই থাকে। বহাগ বিহুৰ 'সাত শাকী'ত খোৱা বনশাক সমূহ ঔষধি গুনেৰে ভৰপূৰ। এই এশ এবিধ বনশাকৰ ভিতৰত 'চেংমৰা' ও অন্যতম। পিতনি, নদীৰদাতি কাষৰীয়া সেমেকা ঠাইত পোৱা চেংমৰা দেখাত কচুৰ দৰে, গাত কাঁইটৰ দৰে কিছুমান শুঙ থাকে,গা গছ মঙহাল আৰু পাত ত্ৰিভুজাকৃতিৰ। দাইলৰ লগত বনোৱা চেংমৰাৰ আঞ্জা, চেংমৰাৰ খাৰ,আলুৰ লগত বনোৱা চেংমৰাৰ শুকান ভাজিখন আৰু ঢেকীয়াৰ লগত বনোৱা চেংমৰাৰ ভাজিখন সোৱাদেৰে ভৰা। মাগুৰ, শিঙি মাছ দি বনোৱা চেংমৰা শাকৰ জালুকীয়া ব্যঞ্জনৰ সোৱাদ অপূৰ্ব। খাওঁতাজনেহে জানে এইবোৰ ব্যঞ্জনৰ জুতি কি! থাইলেণ্ড আৰু শ্ৰীলংকাত চেংমৰা বিবিধ ব্যঞ্জনত ব্যৱহাৰ হয়। থাইলেণ্ডত এক বিশেষ ধৰণে বনোৱা মাছৰ লগত (fermented fish) ইয়াক ব্যঞ্জন হিচাবে খোৱা হয়। দক্ষিণ পূব এছিয়াৰ দেশ সমূহৰ খাদ্যাভ্যাসৰ লগত আমাৰ উত্তৰ পূৱৰ খাদ্যাভ্যাসৰ যথেষ্ট খিনি সাদৃশ্য আছে। তেল ,মচলা বিহীন খাদ্য খোৱা এইসকল লোকৰ ছাল, চুলিৰ সৌন্দৰ্য্য চালে চকুৰোৱা। উত্তৰ পূৱৰ জনজাতীয় লোকসকলে এতিয়াও তেল মচলা কম ব্যৱহাৰ কৰে। গাহৰি মাংসৰ লগত চেংমৰাৰ জুতি লগা ব্যঞ্জন তেওঁলোকৰ মাজত খুবেই প্ৰচলিত। এইবিধ শাকৰ উপকাৰীতা সমূহ তলত থুলমূলকৈ দাঙি ধৰা হৈছে ।

১)অৰ্শ বা কেঁচুমুৰীয়া( piles) ৰোগত চেংমৰা খালে সুফল পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ (dietary fiber) থাকে যিয়ে পেট খোলোচা কৰাত সহায় কৰে।

২)প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু আঁহ (dietary fiber) থকা বাবে মেদবহুলতাৰ সমস্যাত উপকাৰী । মেদবহুলতাত ভোগা লোকে মাজে সময়ে চেংমৰা শাকৰ ব্যঞ্জন খোৱা উচিত।

৩)স্বাদত অলপ তিতা হোৱাৰ বাবে ই ৰক্তশোধক আৰু কৃমিনাশক । আমাৰ শৰীৰৰ চলি থকা বিপাকীয় ক্ৰিয়া (metabolism) সমূহত কিছুমান অলাগতিয়াল বৰ্জ্য পদাৰ্থৰ (toxins) সৃষ্টি হয় যিবোৰ শৰীৰৰ বাবে অপকাৰী। চেংমৰা এনে এবিধ ঔষধি উদ্ভিদ যিয়ে শৰীৰৰ পৰা এই টক্সিনচ(toxins) ওলাই যোৱাত সহায় কৰে।

৪)ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চেংমৰা খালে উপকৃত হয়। চেংমৰাই ডায়েবেটিচ ৰোগৰ পৰা হ'ব পৰা জটিলতা সমূহৰ পৰা শৰীৰক ৰক্ষা কৰে।

৫)এন্টিঅক্সিডেন্ট আৰু আঁহ থকাৰ বাবে লিভাৰৰ বিভিন্ন সমস্যাত ই খুবেই উপকাৰী। ই বিভিন্ন প্ৰকাৰৰ এঞ্জাইমক সক্ৰিয় কৰি পাচনতন্ত্রৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

৬)বিভিন্ন প্ৰকাৰৰ স্ত্রীৰোগত চেংমৰা উপকাৰী। মাগুৰ, শিঙি মাছ দি বনোৱা চেংমৰা শাকৰ জালুকীয়া এবিধ ঔষধি ব্যঞ্জন। তিৰোতাসকলে সুস্বাস্থ্যৰ বাবে মাজে সময়ে এই ব্যঞ্জনসমূহ খোৱা উচিত।

আধুনিকতাৰ পৰশত ঔষধি গুণসম্পন্ন পৰম্পৰাগত থলুৱা ব্যঞ্জনসমূহ আমি খাবলৈ পাহৰি গৈছো। তাৰ ঠাইত বিদেশী ব্যঞ্জনৰ জুতি ল'ব ধৰিছো আৰু নিজকে ৰোগীয়া কৰিছো। ইয়াৰ বাবে আমিয়েই জগৰীয়া। গতিকে সকলোৱে পুনৰ এইবোৰ থলুৱা খাদ্যক আদৰি লওক আৰু নিৰোগী হৈ সুন্দৰ জীৱন যাপন কৰক।

লেখিকা: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

ফোন নম্বৰ: ৭৩৯৯১১৪৬১৭

 

2.86666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top