অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চেঙৰী টেঙাৰ ঔষধি গুণ

চেঙৰী টেঙা সকলোৰে পৰিচিত শাক। ই টেঙা ৰসযুক্ত। ইয়াৰ পাত আৰু সকলো অংশই টেঙা। ই সকলো ঠাইত জন্মে। আঞ্জা ৰান্ধি খাব পাৰি।

পৰিমাণ

চেঙৰী টেঙাৰ কোনো অংশই অদৰকাৰী নহয়। ইয়াৰ পাত, ঠাৰি, মূল সকলো অংশই ব্যৱহাৰ কৰা হয়। কেঁচা ৰসৰ পৰিমাণ এক তোলাৰ পৰা দুই তোলালৈকে।

গুণাগুণ আৰু কাৰিকৰী জ্ঞান

চেঙৰী টেঙা বহুৰোগৰ গুণকাৰক। ই জ্বলা, কেঁহা আৰু অম্ল ৰসযুক্ত, উন্নত বীৰ্য, ৰুক্ষ, পাচক, অগ্নি দীপক, ৰুচিকাৰক আৰু পিত্তকাৰক। কফ, বায়ু, অতিসাৰ, গ্ৰহণী, কুষ্ঠ আৰু অৰ্শ ৰোগৰ শান্তিকাৰক। চেঙৰী টেঙাৰ ৰস আমাশয়ৰ অতি উপকাৰী।

চেঙৰী টেঙাৰ পাত ঠাৰি, শিপা আৰু ফলৰ ৰসত চেনি মিহলাই খালে জ্বৰ আদি ৰোগত শৰীৰৰ শীতলতা বাঢ়ে আৰু দাৰুণ পিয়াহ আদি নিবাৰণ হয়। চেঙৰী টেঙাৰ পাতৰ অম্বল আৰু চাটনি প্ৰস্তুত কৰি খালে অৰুচি নিবাৰণ হয়।

ৰক্তামাশয় আৰু শুদভ্ৰংশ ৰোগত ইয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। কেতিয়াবা ধতুৰা খাই বিষক্ৰিয়া হ’লে বা মত্ততা হ’লে চেঙৰী টেঙাৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে এই দোষৰ নিবাৰণ ঘটে। ক’লা চিয়াহীৰ দাগ উঠাবলৈও চেঙৰী টেঙা ব্যৱহাৰ কৰিব পাৰি।

চেঙৰী টেঙাৰ আন এটা মহৎ গুণ যে ই প্ৰস্ৰাৱ কাৰক। অশ্মৰী বা মূত্ৰকৃচ্ছা ৰোগত ইয়াক উপযুক্ত পৰিমাণে ব্যৱহাৰ কৰিলে শুভ ফল পোৱা যায়। অতিসাৰ, গ্ৰহণী, পেটৰ কামোৰ, তেজ গ্ৰহণী আদি ৰোগত ইয়াৰ পাতৰ ৰস খালে উপশম হয়। চেঙৰী টেঙা অৰ্শৰোগ আৰু কুষ্ঠ ৰোগতো ব্যৱহাৰ হয়।

গ্ৰহণী, অৰ্শ, প্ৰৱাহিকা, মূত্ৰকৃচ্ছ, শুদভ্ৰংশ ৰোগত চেঙৰী টেঙাৰ ৰস, বন্ধ আৰু ঘিউৰ চৰ্তুগুণ দৈ, গাখীৰ দি ঘিত পগাই সেই ঘি এক অনা পৰিমাণত ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate