ছালকুঁৱৰীৰ ইংৰাজী নাম এলোভেৰা(Aloe-vera), সংস্কৃতত ইয়াক ঘৃতকুমাৰী, হিন্দীত ঘৃতকুমাৰী, তামিল ভাষাত কাটালাই আৰু তেলেগুত কালাৱানদা বোলা হয়।
ছালকুঁৱৰী বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
ছালকুৱৰী সৌন্দৰ্য চৰ্চাত সমগ্ৰ বিশ্বতে ব্যৱহাৰ কৰা হয়।
সৌন্দৰ্য বৰ্ধনত বিশেষভাৱে ছালকুঁৱৰীয়ে সহায় কৰে। ছালকুঁৱৰীৰ বিজলখিনিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলিৰ অকালপক্কতা ৰোধ কৰে, উফি নাশ কৰে, চুলি সৰা ৰক্ষা কৰে।
জুয়ে পোৰাত ছালকুঁৱৰীৰ বিজল লগালে ঢৌ নুঠে আৰু ঘাঁ সহজে শুকায়।
শিশুৰ কৃমি হ’লে ছালকুঁৱৰীৰ বিজল এচামোচাকৈ পাঁচ দিন একেৰাহে খুৱালে কৃমি নাশ হয়।
ছালকুঁৱৰীৰ বিজল আধা কাপ গৰুৰ গাখীৰৰ লগত মিহলি কৰি তাত দুচামোচ মিচিৰিৰ গুড়ি দি দিনে দুবাৰকৈ একেৰাহে এমাহ খালে শুক্ৰ গাঢ় হয়।
ছালকুঁৱৰীৰ বিজল নিয়মীয়াকৈ খালে মহিলাৰ বগাস্ৰাৱ আৰু যুৱকৰ শুক্ৰক্ষয় ৰোগ নাশ হয়। জ্বৰ হৈ মূৰত উঠিলে উচ্চ ৰক্তচাপ ত ছালকুঁৱৰীৰ পাত এখন বা দুখন ভালদৰে থেতালি মূৰত ২০-২৫ মিনিট সময় প্ৰলেপ দি থ’লে জ্বৰ কমি যায় আৰু ৰক্তচাপ নিয়মীয়া হয়।
অৰ্শ আৰু কেঁচুমূৰীয়া ৰোগত ছালকুঁৱৰীৰ পাতৰ বিজল অংশ পাঁচ চামুচত এচামুচ গৰুৰ ঘিউ মিহলাই দিনে দুবাৰকৈ ৫-৬ দিন খালে অৰ্শ আৰুকেঁচুমূৰীয়া অসুখ নিউৰাময় হয়।
প্লীহা বৃদ্ধি হ’লে(Spleen en-largement) দুচামুচ ছালকুঁৱৰীৰ পাতৰ বিজলত এচামুচ কেঁচা হালধিৰ পৰা মিহলাই দিনে এবাৰকৈ ১০-১৫ দিন একেৰাহে খালে প্লীহা বৃদ্ধি কমি যায়।
মাইগ্ৰেইন বিষত ছালকুঁৱৰীৰ বিজলৰ লগত কধনিয়াৰ গুড়িসম পৰিমাণৰ লৈ পিহি মলম তৈয়াৰ কৰি তালুত ভৰণ দিলে মূৰৰ বিষ, মাইগ্ৰেইনৰ বিষ কমি যায়।
জণ্ডিছ ৰোগত ছালকুঁৱৰীৰ ৰস ১০ গ্ৰামত ৫০ গ্ৰাম গৰুৰ গাখীৰ মিহলাই দিনে এবাৰ মাত্ৰ এমাহ খালে সমস্যাটো দূৰ হয়।
পিত্ত বেমাৰত ছালকুঁৱৰীৰ পাতৰ বিজল দুচামুচ প্ৰতি দিনে আহাৰ খোৱাৰ পাছত খাব লাগে।
প্ৰস্ৰাৱৰ জ্বলা-পোৰা হ’লে, প্ৰস্ৰাৱ কম হ’লে ছালকুঁৱৰীৰ পাতৰ বিজল দিনে দুচামুচকৈ ৭ দিন খাব লাগে। ছালকুঁৱৰীৰ বিজলত আধা চামুচ মিচিৰি মিহলাই ল’লে অধিক কামত আহে।
বিষম জ্বৰত প্ৰস্ৰাৱ কৰোতে কষ্ট পালে ছালকুঁৱৰীৰ পাতৰ বিজল তিনি চামুচ এচামুচ পানী মিশ্ৰণ কৰি খুৱালে অসুখটো ভাল হয়।
ছালত হোৱা বিভিন্ন ধৰণৰ খৰ-খজুৱতি, উফি, ওকণি আদি নাশ কৰিবৰ বাবে ছালকুঁৱৰীৰ বিজল সানিব লাগে। তেজ গ্ৰহণী ৰোগতো এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
লেখক: উপেন দত্ত(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 3/12/2020