অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালৰ উপকাৰী হিচাপে বনৌষধ

তুলসী

তুলসী সহজতে গজি উঠা উদ্ভিদ। মানুহে পূজা কৰিবলৈ ঘৰতে যতনেৰে এইবিধ উদ্ভিদ ৰুই লয়। তুলসী আমাৰ ছালৰ বাবে খুবেই উপকাৰী। তুলসীৰ কোমল পাতৰ পৰা উলিওৱা ৰস ছালৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী। বিশেষকৈ গালত হোৱা শালমইনা আৰু বগা চোম ভাল কৰাত তুলসী ৰসে সহায় কৰে। তুলসীৰ ৰস উলিয়াই শালমইনা হোৱা ঠাইত প্ৰতিদিনে দহ মিনিটমানৰ বাবে লগাই ৰাখিব লাগে। বগা চোম পৰা অংশতো ঠিক একে ধৰণেই তুলসীৰ ৰস দিনে দুবাৰকৈ লগালে এই ৰোগৰ পৰা উপশম পোৱা যায়।

ৰঙা চন্দন

ৰঙা চন্দনৰ গুড়ি শৰীৰৰ ছালৰ বাবে উপকাৰী। ইয়াৰ গুড়ি গৰু গাখীৰৰ সৰৰ লগত মিহলাই পেক তৈয়াৰ কৰি ছালত লগালে শালমইনাৰ দাগ আঁতৰে। এই পেক্‌ ৰাতি শোৱাৰ সময়ত লগাব লাগে।

কেঁচা হালধি

কেঁচা হালধি ছালৰ উজ্জ্বলতাৰ বাবে বিশেষভাৱে উপকাৰী। কেঁচা হালধিৰ ৰসৰ লগত সামান্য কেঁচা গাখীৰ আৰু বেচন মিহলাই মুখত ঘঁহিলে মুখৰ উজ্জ্বলতা বৃদ্ধি পায়। এই পেক্‌টো সমগ্ৰ শৰীৰত ঘঁহিব পাৰে। কেঁচা হালধিৰ ৰস ঘঁহিলে শৰীৰত হোৱা খৰ খজুৱতীৰ পৰাও ৰক্ষা পাব পাৰি। মুঠতে কেঁচা হালধিৰ ৰসে ছাল উজ্জ্বল, কোমল আৰু নমনীয় কৰে।

নিম

নিমপাত ছালৰ বিভিন্ন ধৰণৰ ছালৰ ৰোগৰ বাবে বিশেষ উপকাৰী। খৰ, খজুৱতী, চৰিয়াছিছ আদি বেমাৰ নিৰাময় কৰাৰ বাবে নিমে সহায় কৰে। নিমপাত সিজোৱা পানীৰে গা ধুলে ছালৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। নিমৰ কোমল পাত সিজাই খালে তেজ পৰশোধন হোৱাৰ লগতে চৰিয়াছিছ, ৰোগৰ ক্ষেত্ৰত উপকাৰী।

খুতুৰা

বনশাক হিচাপে ব্যৱহাৰ কৰা খুতুৰা বিভিন্ন ৰোগৰ বাবেও উপকাৰী। অৰ্শ বেমাৰ, অনিয়মিয়া ঋতুস্ৰাৱ, হাঁপানি, ৰক্তস্ৰাৱ আদি ৰোগৰ বাবে উপকাৰী পথ্য।

নৰসিংহ

নৰসিংহ এনেও ভাজি কৰি বা চাটনি কৰি খোৱা হয়। নৰসিংহৰো ঔষধি গুণ আছে। ইয়াৰ পাতত তেলজাতীয় পদাৰ্থ থাকে যি অজীৰ্ণতা দূৰ কৰাত সহায় কৰে। তদুপৰি ঋতুস্ৰাৱ নিয়মীয়া হোৱাতো উপকাৰী।

টেঙেচি টেঙা

বনজাতীয় টেঙেচি টেঙা শাক হিচাপে খোৱা হয়। এই শাক পাতত দি খালে স্মৃতি শক্তি বৃদ্ধি পায়।

ভেকুৰী

ভেকুৰী এবিধ সৰু সৰু গুটি। অলপ তিতা। এই গুটিবোৰ খালে হাঁপানী ৰোগ ভাল হোৱাত সহায়ক হয়।

ৰূপহী থেকেৰা

ৰূপহী থেকেৰা ফল বৰ ধুনীয়া ৰঙা হয়। গ্ৰহণী ৰোগ আৰু পেটৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী। ই ছাল নিমজ কৰাটো সহায় কৰে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate