মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ছালৰ ৰোগৰ ফলপ্ৰসূ ভেষজ ‘গটু কলা’:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছালৰ ৰোগৰ ফলপ্ৰসূ ভেষজ ‘গটু কলা’:

ছালৰ ৰোগৰ ফলপ্ৰসূ ভেষজ ‘গটু কলা’ৰ বিষয়ে লিখা হৈছে ।

 

ই গাজৰ গোত্ৰৰ এক প্ৰকাৰৰ উদ্ভিদ। আমবেলিফেৰি(Unbelliferae) গোত্ৰৰ ভিতৰত ভালেকেইবিধ ঔষধ গুণযুক্ত প্ৰজাতি আছে। সেইবিলাকৰ ভিতৰত এঞ্জেলিকা, চফগুটি, এবিধ জিৰা আৰু ধনিয়া আদিয়ে প্ৰধান যদিও ‘গটু কলা’ নামৰ এইবিধ উদ্ভিদ বহু পুৰণিকালৰে পৰা মানুহে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ছালৰ বিভিন্ন বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰি আহিছে। এইবিধ মাটিত বগাই থকা চাপৰ জাতৰ উদ্ভিদ প্ৰধানকৈ আফ্ৰিকা মহাদেশত পোৱা যায় যদিও এচিয়া মহাদেশৰ কেইবাখনো দেশৰ লগতে ভাৰততো পোৱা যায়। হেজাৰ হেজাৰ বছৰ ধৰি এইবিধ উদ্ভিদ প্ৰাকৃতিকভাৱে গজা ঠাইবিলাকত ইয়াৰ পূৰঠ পাত আৰু ঠাৰি আদি ছালৰ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰি  অহা হৈছে।

এইবিধ উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰা গৱেষক বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে এইবিধ উদ্ভিদৰ পাত আৰু ঠাৰি আদিত যথষ্ট পৰিমাণে ফাইটোষ্টেৰল(Phytosterol) নামৰ এবিধ ঔষধি গুণসম্পন্ন ৰাসায়নিক যৌগ পোৱা যায়। এইবিধ ৰাসায়নিক যৌগ পোৱা যায়। এইবিধ ৰাসায়নিক যৌগৰ ভালেমান এলোপেথিক ঔষধত থকা উপাদান ষ্টেৰয়ড’ৰ লগত সাদৃশ্য আছে। এইবিধ উদ্ভিদত থকা ফাইটোৰেষ্টৰলে ইয়াৰ বিষ নাশক ঔষধি গুণ প্ৰদান কৰিছে।

ঔষধ হিচাপে ‘গটু কলা’ ছালৰ ভালেমান পুৰণি একজিমা, ছৰিয়াছিছ আদি ৰোগত আভ্যন্তৰীণ আৰু বাহ্যিকভাৱেও ব্যৱহাৰ কৰা হয়।

এইবিধ ভেষজৰ ঔষধি গুণ সম্পৰ্কে আধুনিক বিজ্ঞানে কি কয়, চাওঁ আহকচোন-

*জুই বা গৰম বস্তুৱে পোৰা দাগ নাইকিয়া কৰাত গটু কলা যথেষ্ট ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

*মানুহৰ ওপৰত কৰা পৰীক্ষামূলক ব্যৱহাৰৰ দ্বাৰা প্ৰমাণ পোৱা গৈছে যে গটু কলাই শৰীৰৰ যিকোনো ধৰণৰ ঘা সোনকালে শুকুৱায়।

*মানুহৰ শৰীৰৰ নিম্নাংশত হোৱা ছালৰ ঘা শুকুওৱাত সহায় কৰে।

*দুৰ্ঘটনাবশতঃ ফালি যোৱা পেশীৰ মাজত অভাৱ হোৱা কোষ সৃষ্টি কৰি, পেশীৰ মাজত ৰৈ যোৱা খালী ঠাই পূৰণ কৰাত ‘গটু কলা’ই ছালৰ সামৰ্থ বৃদ্ধি কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.91666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top