অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জবা :

জবাৰ বিষয়ে লিখা হৈছে ।

বৈজ্ঞানিক নাম : Hibiscus rosa sinensis

পৰিয়াল : Malvaceae

প্রধান ব্যবহাৰ :ঔষধ

সংস্কৃত : জপা, জবাপুষ্পম।
সমার্থক বাংলা নাম : জবা, ঝুমকা জবা, জবা কুসুম।
ইংৰাজী : Chinese hibiscus, China rose আৰু shoe flower।
বৈজ্ঞানিক নাম : Hibiscus rosa-sinensis Linn

জবাফুল Malvaceae গোত্ৰৰ গুল্ম জাতীয় উদ্ভিদ। এই উদ্ভিদৰ আদি নিবাস চীন। ভাৰতবৰ্ষ আৰু দক্ষিণপূৱ এছিয়াৰ এবিধ জনপ্রিয় ফুল। হিন্দু ধৰ্মাৱলম্বী লোকে এই ফুল কালিপূজা বা শক্তিপূজাত ব্যবহাৰ কৰে। মালয় উপদ্বীপত এই ফুলক কোৱা হয় বুঙ্গা ৰাইয়া (Bunga Raya)। ১৯৮০ খ্ৰীষ্টাব্দত মালয়েছিয়াত জবা'ক জাতীয় ফুল হিচাবে স্বীকৃতি দিয়া হয় ।

এই উদ্ভিদ প্রায় ৪ পৰা ৬ মিটাৰ পৰ্যন্ত ওখ হয়। পাতৰ দৈর্ঘ্য ১০ ছেন্টিমিটাৰ আৰু প্রস্থ ৬ ছেন্টিমিটাৰ । পাতৰ প্রান্তভাগ খাঁজকটা, গা মসৃণ। পাতবোৰ ডালত একান্তৰভাবে সজ্জিত থাকে। পাতৰ গুৰিত সৰু সৰু উপপত্র থাকে।

এই ফুলৰ একোডাল দীঘল বৃন্ত থাকে। বৃ্ন্তৰ আগত ফুলৰ পাঁচটা উপবৃতি আছে। উপবৃতিৰ বৰণ সেউজীয়া । উপবৃতিৰ ওপৰত আছে ৫টা বৃতি। এই বৃতিবোৰ নলকাৰে থাকে। ইয়াৰ পিছত আছে মূল ফুল। ফুলৰ পাপৰিৰ সংখ্যা ৫টা । পাপৰি বিলাকৰ ওপৰৰ দিশ বিভাজিত কিন্তু তলফালে সংযুক্ত থাকে। ফুলৰ মধ্যভাগৰ পৰা এডাল দীঘল পুষ্পদণ্ড বঙ্কিমাকাৰে থাকে। এই দণ্ডৰ গাত অসংখ্য পুংকেশৰ থাকে। পুষ্পদণ্ডৰ শীর্ষাভাগত থাকে স্ত্রীকেশৰ। স্ত্রীকেশৰৰ মুৰৰ ফালে পাঁচটা গর্ভপত্র আছে । এই গছৰ গোলাকাৰ বীজকোষত বহুত বীজ থাকে।

এই উদ্ভিদৰ নানা বৰণৰ ফুল দেখা যায়। ভাৰতবৰ্ষত ৰঙা ৰঙৰ জবাক ৰক্তজবা বোলা হয়। ইয়াৰোপৰি বগা জবা, হালধীয়া জবা, গোলাপী জবা।

গুণাগুণ :

জবা ফুলৰ ৰসৰ পৰা জবাকুসুম তেল বনোৱা হয়। চক্রদত্তৰ মতে- প্রায় ৮ লিটাৰ জবাফুলৰ ৰস আৰু গাখীৰ , ষষ্ঠিমধু ৮ তোলা, এক লিটাৰ খাটি সৰিয়হৰ তেল একেলগে মিহলাই, নির্দিষ্ট সময় পর্যন্ত গৰম কৰি জবাকুসুম তেল তৈয়াৰ কৰা হয়। এই তেল চুলিত ব্যবহাৰ কৰিলে, চুলি সৰা বন্ধ হয় আৰু চুলি কলা হয়।

ফুলৰ ক্বাথ চৰবতৰ লগত পান কৰিলে জ্বৰ আৰু কাহ উপসম হয়।

অন্যান্য ব্যবহাৰ :

মূৰৰ চুলি সৰিলে জবা ফুল নাৰিকল তেলৰ লগত গৰম কৰি সেই তেল ঠাণ্ডা কৰি মূৰত মালিচ কৰিলে চুলি সৰা বন্ধ হয়। জবা ফুলত এনেকুৱা প্রাকৃতিক উপাদান আছে যিবোৰ চুলিৰ যত্নৰ বাবে অতি উপযোগী ।মাত্ৰ চুলি সৰা ৰোধেই নহয়, চুলি ঘন কলা আৰু মসৃণ কৰে জবা ফুলৰ নিয়মিত ব্যবহাৰে ।টাক পৰা ৰোগ, য'ত চুলি স্বাভাবিক আছে অথচ মাজত অলপ ঠাইত চুলি সৰি টাক হৈ গৈছে, এনেকুৱা অবস্থাত জবাফুল বটি সেই ঠাইত লগালে কিছুদিনৰ ভিতৰত চুলি গজি যায় । এটা /দুটা ফুল বটি ৭/৮ দিন যে কোনো সময়ত লগাই দুই/এক ঘণ্টা অথবা যিমান সময় সম্ভৱ ৰাখিব লাগে।

আমাশয় হলে ৰঙা জবাফুল ৫টা লৈ ৫টা মধুৰীআমৰ কুমলীয়া পাতৰ লগত বহি খালে আমাশয় ভাল হয়।

মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত পেট বিষ হলে ৰক্তজবা ফুল হাতেৰে মোহাৰি বড়ি বনাই তিনি দিন ৰাতিপুৱা বাহি পেটত খালে বিষ কমি যায়। মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত বেছি ৰক্তক্ষৰণ হলে ৰাতিপুৱা বাহি মুখে গা ধুই তিনিদিন তিনিটা কৈ জবা ফুল চোবাই খালে এই সমস্যাৰ পৰা মুক্তি পোৱা যায়। এই ফুল ভাজি খালে অনিয়মিত আৰু অল্প ঋতুস্রাবজনীত অসুবিধা দূৰ হয়।মাহেকীয়া ঋতুস্ৰাৱ প্ৰথম দুই এদিন অলপ অলপ হয়, আকৌ সময় হৈ যোৱাৰ পিছতো নোহোৱাকৈ থকা বা এক দুই মাহ বন্ধ হৈ থকা , এইক্ষেত্ৰত দুই তিনিটা পঞ্চমুখী জবা ফুলৰ কলি আৰু ৩/৪ ইঞ্চি দালচেনি প্ৰায় এক গ্ৰাম, একেলগে বটি চৰবত বনাই কেইদিনমান খাব লাগে। জবাফুলৰ ৰসৰ লগত এক গিলাচ পানী মিহলাই ৰাতিপুৱা কিবা খোৱাৰ পিছত ঋতুস্ৰাৱৰ সময়ত দিনে এবাৰ কৈ ৩/৪ দিন মাহেকীয়া স্বাভাবিক হোৱা পৰ্যন্ত খাব লাগে।

জবা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে ।মাজে মাজে জবা ফুলৰ চাহ বনাই খাব লাগে ।

এটা নির্দিষ্ট বয়সত প্ৰায় সকলো মানুহৰ শালমইনা হয়। এইটো এনেকুৱা এটা সমস্যা যি সহজে দূৰ হব নিবিচাৰে । জবা ফুলত এন্টি-ইনফ্লামেটৰি আৰু ভিটামিন চি থাকে যিয়ে শালমইনা দূৰ কৰাত বহুত সহায় কৰে ।

জবা ফুল নিয়মিত সেৱনৰ ফলস্বৰূপে শৰীৰৰ বিভিন্ন সমস্যা সমাধানৰ উপৰিও হজম শক্তি বঢ়াই । ফলে শৰীৰ সুস্থ আৰু স্বাস্থ্যবান থাকে।

শৰীৰৰ পানীৰ পৰিমাণ কম বা বেছি হলে বিভিন্ন ধৰনৰ ৰোগ আৰম্ভ হয়। জবা ফুল নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয় ফলত কোনো ৰোগে সহজে আক্রমণ কৰিব নোৱাৰে।

মানৱ দেহৰ কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি এই জবা ফুলে হৃদপিণ্ডক সতেজ ৰাখে।

জবা ফুল খালে সাধাৰণ ঠাণ্ডা লগা , ডিঙিৰ বিষ, মুৰৰ বিষ দূৰ হয় । কাৰণ জবা ফুলত যঠেষ্ট পৰিমাণে ভিটামিন চি থাকে।

ৰূপ-লাবণ্য কাৰ কাম্য নহয় ? সৌন্দৰ্য্য বঢ়োৱাৰ ক্ষেত্ৰতো জবা ফুল যঠেষ্ট অৱদান আছে। জবা ফুল খালে যৌন শক্তি বৃদ্ধি পাই আৰু যৌনমিলনৰ স্থায়ীত্ব বৃদ্ধি হয় বুলিও কোৱা হয় ।

‪‎ চকুৰ কোণত ক্ষত হৈ পুঁজ পৰিলে জবা ফুল বটি চকুৰ ভিতৰভাগ বাদ দি চকুৰ ওপৰ আৰু তলৰ পতাত গোল কৈ লগালে উপকাৰ পোৱা যায়। দিনৰ যি কোনো সময়ত এটা /দুটা ফুল বটি ৭/৮ দিন লগাব লাগে আৰু এঘন্টা ৰাখিব লাগে ।

‪হঠাৎ কোনো কুখাদ্য খালে , যিটো খোৱাত অভ্যস্থ নহয়, যাক বোলা হয় অসাত্ম্য দ্রব্য, যেনে অজানিতে মাখি, চুলি অথবা এই ধৰনৰ কোনো বস্তু পেটৰ ভিতৰলৈ গ'ল, ইয়াৰ পৰিণতিত বমি ভাৱ হয়, অথচ বমি হোৱা নাই । এইক্ষেত্ৰত ৪/৫ টা জবা ফুলৰ ফুল অংশটোক পানী আৰু চেনি পৰিমাণ মতে দি গুলি চৰবত বনাই দিনে ২/১ বাৰ খালে বমি হৈ পেটৰ পৰা অসাত্ম্য দ্ৰব্য বোৰ বাহিৰ হৈ যাব।

‪ যিজনে প্ৰচুৰ পৰিমাণে পানী পান কৰে আৰু ঘন ঘন প্রস্রাব কৰে অথচ তেওঁ ডায়েবেটিজ ৰোগী নহয়, এই ক্ষেত্ৰত জবা গছৰ ছালৰ ৰস এক কাপ পানীৰ লগত পৰিমাণ অনুসৰি চেনি মিহলাই ৭/৮ দিন খালে উপকাৰ পোৱা যায়।

‪ শীত কালত হাতৰ তলুৱাত ছাল উঠি খৰখৰিয়া হৈ পৰে, তেতিয়া জবা ফুল হাতৰ তলুৱাত মাখিলে খুব উপকাৰ পোৱা যায়। দিনে দুই তিনি বাৰ এটা /দুটা ফুল হাতৰ মাজত মোহাৰি থাকিলেই হ'ল। এনেকৈ লগোৱা অবস্থাত যিকোনো স্বাভাবিক কাম কাজো কৰি থাকিব পাৰি।

গতিকে জবাফুল ঘৰৰ সন্মুখত ৰুই বাগিচাৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ লগতে নিজৰ শৰীৰৰ সৌন্দৰ্য্যও অটুট ৰখাটো বুদ্ধিমানৰ কাম নহয়জানো।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী , ফোন নং- 9864242002

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top