অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জবাকুসুম

জবাকুসুম ফুলৰ ঔষধি গুণৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে

সাধাৰণতে আমাৰ ঘৰবিলাকত থকা ফুলনি বাগিছাসমুহত এনে বহু পুষ্পজাতীয় উদ্ভিদ পোৱা যায়,যি ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ হোৱা স্বতেও বাহিৰৰ পৰা দেখাত অতি সাধাৰণ হোৱা বাবে সততে আমাৰ দৃষ্টিগোচৰ নহয় । তেনে এবিধ পুষ্পজাতীয় উদ্ভিদ হৈছে জবাকুসুম । ৰঙা জবাকুসুমৰ গছ প্ৰায়বিলাক মানুহৰ ঘৰৰ চৌহদত দেখা যায়,যদিও ইয়াৰ বগা,হালধীয়া গুলপীয়া, বেঙুনীয়া ইত্যাদি বিভিন্ন ৰঙৰ প্ৰজাতিও আছে । দেখিবলৈ আকৰ্ষণীয় আৰু মনোমোহা এই জবাকুসুমৰ ফুলবোৰ খাদ্যসামগ্ৰী আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । বিশেষকৈ জবাকুসুম হৈছে ভিটামিন চি, কেলছিয়াম, আইৰণ, প্ৰটিন আৰু ফাইবাৰৰ এটা ভাল উৎস । ইয়াৰ দ্বাৰা প্ৰধানকৈ কলেষ্টৰল, মধূমেহ, উচ্চ ৰক্তচাপ আৰু ডিঙিত হোৱা সংক্ৰমণৰ চিকিৎসা কৰা হয় ।

জানো আহক জবাকুসুমৰ কেইটামান বিশেষ ঔষধীয় প্ৰয়োগৰ বিষয়ে.....
(১) জবাকুসুমৰ পৰা তৈয়াৰ কৰা চাহ চৰ্দি, পানীলগা আৰু জ্বৰ নিৰাময় কৰিবলৈ প্ৰয়োগ কৰা হয় ।
(২) জবাকুসুমৰ পাত আৰু ফুল ৰ'দত শুকুৱাই চূৰ্ণ তৈয়াৰ কৰি মিচিৰিৰ লগত এচামুচ এচামুচকৈ পানীৰে সৈতে সেৱন কৰিলে স্নায়ৱিক ৰোগ তথা মগজুৰ দূৰ্বলতা নাশ হয় ।
(৩) জবাকুসুমৰ সুগন্ধি হৃদয়ৰ স্বাস্থ্য সুস্থ ৰখাৰ ক্ষেত্ৰত লাভজনক । লগতে এই সুগন্ধিয়ে শৰীৰৰ অৱশিষ্ট কলেষ্টৰলৰ মাত্ৰা হ্ৰাস কৰে । এই কথা বৈজ্ঞানিকভাবে প্ৰমাণিত হৈ গৈছে ।
(৪) জবাকুসুমৰ ফুল ৰ'দত শুকুৱাই তৈয়াৰ কৰা পাউডাৰ গাখীৰৰ সৈতে এচামুচ এচামুচকৈ নিতৌ সেৱন কৰিলে শৰীৰত কমি যোৱা তেজৰ পৰিমাণ বৃদ্ধি পায় ।
(৫) জবাকুসুম পানীত উতলাই বা হাৰ্বেল টিৰ সৈতে সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয় তথা শৰীৰৰ বৰ্ধিত কলেষ্টৰল হ্ৰাস পায় । কাৰণ ইয়াত এণ্টি অক্সিডেণ্ট থাকে ।
(৬) ডায়েটিং কৰা বা মূত্ৰাশয়ৰ ৰোগত আক্ৰান্ত ব্যক্তিসকলে প্ৰায়ে জবাকুসুমৰ পাহি বৰফৰ সৈতে চেনি নোলোৱাকৈ সেৱন কৰে । কাৰণ ইয়াত প্ৰাকৃতিক মূত্ৰবৰ্ধক গুণ থাকে ।
(৭) জবাকুসুমৰ ফুল চুলিৰ স্বাস্থ্য অটুট ৰাখিবলৈ প্ৰয়োগ কৰা হয় । বিশেষকৈ চুলি পকা,চুলি সৰা,ওকণি আৰু উফি হোৱা ইত্যাদি সমস্যাৰ ক্ষেত্ৰত ই এক মহৌষধ হিচাপে কাম কৰে । তদুপৰি জবাকুসুম কেশতেল প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয় ।

3.05357142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top