অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলকীয়া

পৰিচয়

জলকীয়া সৰ্ব্বজন বিদিত গছ। ইয়াৰ নতুন পৰিচয় নিষ্প্ৰয়োজন। সকলো গৃহস্থই জলকীয়াৰ গছ বেছ প্ৰতিপালন কৰি ৰোৱে। কাৰণ ই আমাৰ নিত্য ব্যৱহাৰ্য্য বস্তু। এইবিধ গছ দৰৱত ব্যৱহাৰ নহয় যদিও জলকীয়াৰ গুণাগুণ অস্বীকাৰ কৰিব নোৱাৰি। জলকীয়া শাস্ত্ৰীয় নাম দগ্ধান্যও কুমৰিচক।

গুণাগুণ

শুকান জলকীয়া উত্তেজক আৰু আগ্নেয়, ইয়াৰ উপকাৰ কম আৰু অপকাৰহে বেছি। আনহাতে, কেঁচা জলকীয়া অজীৰ্ণ ৰোগত আৰু পকাশয়ৰ অন্যান্য পীড়াত সুফলদায়ক। জলকীয়া গাৰ ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে। মেধা শক্তি আৰু স্মৰণ শক্তি বৃদ্ধিৰ বাবে কেঁচা জলকীয়া উপযোগী। জ্বৰত ভৰিৰ তলুৱাত জলকীয়াৰ ৰসৰ লগত মালিচ কৰিলে জ্বৰৰ উগ্ৰতা কমে। জলকীয়া তীক্ষ্ণ, বাতকাৰক আৰু পিত্তবৰ্দ্ধক। শিঙে মাছে বিন্ধিলে বা ঢোৰা সাপে খুটিলে খুটা ঠাইত কেঁচা জলকীয়াৰ প্ৰলেপ দিব লাগে। ই বিষনাশ কৰে।

লিখক: কবিৰাজ ধৰ্মকান্ত শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate