মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / জিৰা আৰু অজৱাইনৰ চমৎকাৰিক ঔষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জিৰা আৰু অজৱাইনৰ চমৎকাৰিক ঔষধি গুণ

জিৰা আৰু অজৱাইনৰ চমৎকাৰিক ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

অতীজৰে পৰা আমি "জিৰা" আৰু "অজৱাইন" মচলাৰ ৰূপত ব্যৱহাৰ কৰি আহিছো। বিশেষকৈ জিৰা অবিহনে আমাৰ ৰান্ধনিঘৰবোৰ চলিবই নোখোজে। আচলতে আমাৰ ৰান্ধনিঘৰবোৰ একো একোখন ঔষধকেন্দ্ৰৰ দৰে যত প্ৰত্যেকবিধ মচলাই একো একোবিধ ঔষধ।
প্ৰকৃতাৰ্থত "মচলা" শব্দটো ভাৰতীয় শব্দ নহয়। এইটো এটা আৰবী শব্দ। এই শব্দটো ফাৰ্চীৰ পৰা আৰবীত সোমায় আৰু আৰবীৰ পৰা অন্যান্য ভাৰতীয় ভাষালৈ যায়। চৰক সংহিতা, অষ্টাংগহৃদয়ম আদি প্ৰাচীন আয়ুৰ্বেদিক গ্ৰন্থসমূহত মচলা শব্দটো কতো দেখা নাযায়। সকলো ঔষধি বুলিহে উল্লেখ আছে।।

জিৰাৰ ঔষধি গুণ

পিত্তজনিত ৰোগ যেনে--গেচ, অম্লতা, বুকু জ্বলা, বদহজম, বমিভাৱ ইত্যাদি সকলো ৰোগতে জিৰা এবিধ বহুত ভাল ঔষধি।

খোৱাৰ নিয়ম

  • দাইল, তৰকাৰী আৰু অন্যান্য ব্যঞ্জণৰ লগত মচলা হিচাপে। ইয়াৰ ব্যৱহাৰ আৰু পৰিমাণ সকলোৱে জানোৱেই।
  • আধা চামুচ গোটা জিৰা এক কাপ পানীত ভালদৰে উতলাই লৈ ঠাণ্ডা কৰি ৰাতিপুৱা খালী পেটত খাব পাৰে। নাইবা আধা চামুচ জিৰা ৰাতি তিয়াই থৈ ৰাতিপুৱা পানীৰে সৈতে জিৰাখিনিও চোবাই খাওক। এনেকৈ কিছুদিন ব্যৱহাৰ কৰিলে পিত্তজনিত বহু ৰোগ নিয়ন্ত্ৰণ হয়। এনেকৈ একেৰাহে এমাহতকৈ বেছি দিন নাখাব। কিডনি, লিভাৰ সম্পৰ্কীয় ৰোগ থাকিলে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈহে খাব ।
  • সাধাৰণ পেটচলা হলে ১ চামুচ গোটা জিৰা এক কাপ কুহুমীয়া গৰম পানীৰে সৈতে চোবাই খালে ভাল ফলাফল পোৱা যায়। এনেকৈ দিনত ২/৩ বাৰ লব পাৰে। একেৰাহে দুদিনতকৈ বেছি নাখাব।

অজৱাইনৰ ঔষধি গুণ

অজৱাইন ও এবিধ পিত্তনাশক। জিৰাৰ দৰে অজৱাইনেও পিত্তজনিত বহুতো ৰোগ বিশেষকৈ গেচ,অম্লতা আৰু বদহজম নিৰাময় কৰিব পাৰে।

খোৱাৰ নিয়মঃ

  • আহাৰ খোৱাৰ পিছত অজৱাইনৰ গুড়ি (অলপ কলা নিমখ মিহলাই লব) সৰু চামুচেৰে আধা চামুচ দিনত দুবাৰকৈ খালে দুই তিনিদিনতে গেচ,এচিডিতি নিয়ন্ত্ৰণ হয়।
  • দাইল, তৰকাৰী আৰু অন্যান্য ব্যঞ্জণৰ লগত মচলা হিচাপে ব্যৱহাৰ কৰক।।

বনৌষধি বা আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰাৰ সময়ত কিছু জানিবলগীয়া কথা

কিছুমান মানুহৰ আয়ুৰ্বেদৰ ওপৰত বিশ্বাস কম।কিছুমান আকৌ আয়ুৰ্বেদত বিশ্বাসী লোকেও কেতিয়াবা ব্যৱহাৰ কৰিও সুফল নোপোৱাত হতাশ হৈ পৰা দেখা যায়। এটা কথা জানি লওক ঔষধে ভালদৰে কাম নকৰাৰ কাৰণ আপোনাৰ অপৰিষ্কাৰ পেট ও হব পাৰে। কাৰণ, পেট পৰিষ্কাৰ হৈ নাথাকিলে আয়ুৰ্বেদিক ঔষধে ১০০% কাম নকৰে ।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাদ্য দ্য হেলথ ছলিউশ্যনছ

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top