প্ৰায় সকলো ঠাইতে ডালিম গছ হয়। ওখ শুকান পানী জমা নোহোৱা ঠাইত এইবিধ গছ বেছিকৈ হয়। ইয়াৰ ডাল কাইটীয়া ঠাইভেদে ডালিম ফলৰ স্বাদ বিভিন্ন হয়। ডালিমৰ অস্বাভাৱিক স্বাদ মিঠা-টেঙা যদিও কিছুমান ঠাইত একেবাৰে মিঠা হয়। পশ্চিমৰ ফালৰ ডালিম অসমত জন্ম পোৱা ডালিম ফলতকৈ ডাঙৰ আৰু বেছি মিঠা। ডাঙৰ বিধ ডালিমক শাস্ত্ৰীয় নাম কেইবাটাও যেনে-ডাড়িম্ব, কৰক, দন্তবীজ, বৃত্তফল ইত্যাদি।
ডালিমৰ ফল সুপথ্য। ই ৰুচিকৰ তৃষ্ণাৰোধক, কন্ঠশোধক আৰু মলৰোধক। বাত কফৰ বাবে পৰম উপকাৰী। তদুপৰি ডালিম ফল শুক্ৰবদ্ধক, বলকাৰক, মেধাজনক আৰু মুখ পৰিষ্কাৰক। ত্ৰিদোষ নাশক হিচাপে ডালিম প্ৰসিদ্ধ। দাহজ্বৰ, অতিসাৰ গ্ৰহণী আদি ৰোগত উপকাৰী। নাকেৰে তেজ ওলালে ডালিম ফুলৰ ৰস উলিয়াই নস্য ল’লে তেজ ওলোৱা বন্ধ হয়। জ্বৰত ডালিম অতি উপকাৰী। সৰু সৰু ল’ৰা-ছোৱালীৰ ক্ৰিমিৰ উপদ্ৰবৰ ফলত হোৱা জ্বৰ দাঁত কামোৰা, পেটফিকা, হাগনি, বমি আদি লক্ষণত ডালিমৰ শিপাৰ ৰস খুৱালে অতি উপকাৰ পোৱা যায়। ফিতা ক্ৰিমিতো ডালিমৰ শিপাৰ কোৱাথ খুৱালে উপকাৰ হয়। দৰবত ব্যৱহাৰ কৰিবলৈ ডালিম গছৰ ছালৰ ৰস বা কোৱাথ বা ফলৰ বাকলিৰ এক তোলাৰ পৰা দুই তোলালৈ দৰ্কাৰ।
ডালিমৰ ৰস অত্যন্ত পুষ্টিকাৰক। দুৰ্বল ৰোগীৰ বাবে বলকাৰক। অনুপান হিচাপে পকা ডালিমৰ ৰস সদায় চিকিৎসক সকলে ব্যৱহাৰ কৰে। ডালিম ফলৰ বাকলি আৰু গছৰ পাত সকলো প্ৰকাৰ অতিসাৰ আৰু গ্ৰহণীৰোগত উপকাৰী। শৌচৰ লগত তেজ শাও পৰিলে ডালিমৰ পাতৰ ৰস বা কহ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। তিৰোতাৰ গৰ্ভস্ৰাৱৰ আশংকা নিবাৰণৰ বাবে পঞ্চম মাহত ডালিমৰ পাত, বগা চন্দন দৈ আৰু মৌৰ লগত নিতৌ খোৱা দৰকাৰ।
আমাৰ প্ৰতিঘৰ গৃহস্থই চৌহদত ডালিমৰ গছ প্ৰতিপালন কৰা অতি প্ৰয়োজন। কাৰণ ডালিম ফলৰ ৰস সঘনে খাব পাৰিলে পেটৰ বিভিন্ন ৰোগৰ পৰা নিৰাময় পাব পাৰি। যিকোনো ৰোগত ৰোগীৰ পথ্য হিচাপে ডালিম ব্যৱহাৰ্য্য।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 7/12/2020