মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ডায়েবেটিছ ৰোগৰ উত্তম বনৌষধি বনমধুৰি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ ৰোগৰ উত্তম বনৌষধি বনমধুৰি

ডায়েবেটিছ ৰোগৰ উত্তম বনৌষধি বনমধুৰিৰ বিষয়ে লিখা হৈছে ।

 

বনমধুৰি গছ সাধাৰণতে ডেৰ ফুটৰ পৰা দুই ফুটলৈ ওখ হয়। ইয়াৰ কাণ্ড টান আৰু বেছি শাখা-প্ৰশাখা যুক্ত। ই গুল্ম জাতীয় উদ্ভিদ। কাণ্ডত এক ইঞ্চি মানৰ আঁতৰে আঁতৰে গাঁঠিত তিনিটা পাত ওলায়। পাতৰ দুয়ো মূৰ জোঙা আৰু পাতৰ কাষ কাঁচিৰ নিচিনা কটা কটা। পাত প্ৰায় এক ইঞ্চি দীঘল আৰু আধা ইঞ্চি মান বহল হয়। ফুল সৰু সৰু আৰু বগা। পাতৰ গুৰিৰ পৰা ওলোৱা খুব মিহি ঠাৰিৰ আগত ফুল ফুলে, পিছত পাতৰ গুৰিত তিনিটাকৈ ফল হয়। ফলৰ ভিতৰত সৰু সৰু ২/৩ টাকৈ বীজ থাকে। শৰত, হেমন্ত কালত ফুল আৰু ফল হয়। বসন্তকালৰ বীজৰ পৰা নতুন গছৰ জন্ম হয়। বসন্তকালৰ বীজৰ পৰা নতুন গছৰ জন্ম হয়। শীত কালত গছ মৰি যায়। কিন্তু যত্ন সহকাৰে ৰাখিলে জীয়াই ৰাখিব পাৰি। ফলবিলাক দেখাত ধনীয়াৰ নিচিনা লাগে।

বিভিন্ন  নাম:

বনমধু, বনমধুৰি, যষ্টিমধু, মিঠাপত্ৰী, বনধনীয়া

গুণাগুণ:

পাতৰ ৰস মিঠা, তিতা, কেহা। শিপা কেহা, পিচল শীতল গুণবিশিষ্ট।

ঔষধাৰ্থে প্ৰয়োগ:

মধুমেহ বা ডায়েবেটিছ: এই উদ্ভিদজোপাৰ কাণ্ডত এমিলিন নামৰ এবিধ যৌগ থাকে, ইয়েই মধুমেহ ৰোগ নিবাৰক। এমিলিন খালে মূত্ৰ শৰ্কৰা নষ্ট হয়, ৰক্ত শৰ্কৰাৰ বৃদ্ধিৰ হ্ৰাস পায়। ইয়াৰ বাহিৰেও ই যিহেতু তেজৰ ৰক্ত কণিকা বৃদ্ধিৰ সহায়ক সেইহেতু ৰক্তাল্পতাত উপকাৰী। আনহাতে, প্ৰস্ৰাৱত থকা এলবুমিন, কিটোন প্ৰভৃতিৰ উপস্থিতি, অক্ষিপত প্ৰদাহ (চকুৰ পোৰণি) আৰু মধুমেহৰ অন্যান্য উপদ্ৰৱত ব্যৱহাৰ কৰিব পাৰি। ই শৰীৰৰ কোষ কলা (টিচ্যু) নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। আমি খাদ্যৰ লগত যি প্ৰ’টিন খাওঁ, তাক শৰীৰৰ কামত লগোৱাত সহায় কৰে। ইয়াৰ উপৰি শৰীৰৰ মেদবহুলতা কমায় আৰু ক্ষত নাশক।

মধুমেহ ৰোগীৰ বাবে ব্যৱহাৰৰ পৰিমাণ গছজোপাৰ কোমল আগ ১০/১২ টা খুন্দি এচামুচ ৰস খালী পেটত খাব লাগে। ৭ দিন খোৱাৰ পিছত অথবা ব্লাড ছুগাৰ কঅম যেন বোধ হ’লে পৰীক্ষা কৰাব লাগে। ছুগাৰ নিয়মিত অৱস্থালৈ আহিলে। গছ জোপাৰ ৩/৪ টা আগ নিয়মিতভাৱে চোবাই খালেও ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকে। এই ঔষধ খাই থকা অৱস্থাত মিঠা দ্ৰব্য বৰ্জন কৰা উচিত।

প্ৰস্ৰাৱৰ ৰোগ:

পাতৰ ৰসে প্ৰস্ৰাৱ সৰল কৰায়। সেয়েহে মধুমেহ ৰোগত ইয়াৰ ৰস খোৱাৰ অলপ পিছতে দুবাৰমান অলপ বেছি পৰিমাণে প্ৰস্ৰাৱ হয়।

মূত্ৰ পাথৰি:

সমগ্ৰ গছ জোপা সৰু সৰু কৰি কাটি সিজাই তাৰ ৰস দুচামুচ দিনে দুবাৰ খালে মূত্ৰথলিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পাথৰ ওলাই যায় আৰু বৃক্কৰ ৰোগৰ উপশম হয়। এইধৰণেৰে খালে দাঁতৰ যন্ত্ৰণা আৰু মুখৰ ভিতৰত হোৱা ঘা শুকায়।

মুখ ছিগা বা মুখৰ ঘা:

এই গছৰ শিপা ৰোগীৰ বয়স অনুপাতে এডালৰ পৰা তিনিডাল পৰ্যন্ত জালুক তিনিটাৰ লগত খুন্দি দুচামুচ পানীত শিপাৰ ৰস উলিয়াই খালে এই ৰোগ ভাল হয়। এনেকৈ খালে নাৰীৰ মাহেকীয়াত হোৱা অতিমাত্ৰা ৰক্তস্ৰাৱ কমি যায়।

সংৰক্ষণ:

ফুল ফুলাৰ সময়ত গছৰ ডাল-পাত কুটি ছাঁত শুকাই ২/৩ মাহলৈ সংৰক্ষণ কৰিব পাৰি।

লেখিকা: বাসন্তী দেৱী পূজাৰী (আমাৰ অসম পূৰ্বাচল)

2.68421052632
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top