অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছৰ মহৌষধ হালধি

ডায়েবেটিছৰ মহৌষধ হালধি

‘ডায়েবেটিছ’ বা ‘বহূমুত্ৰ’ বা ‘ৰাজসূয়’ ৰোগ এক ভায়ানক শাৰীৰিক ব্যাধি। ‘ৰাজসূয়’ ৰোগ বোলা মূল কাৰণেই হ’ল অত্যধীক মাছ-মাংস-সুৰা, ধূমপান আদিৰ ব্যৱহাৰ আৰু পৰিশ্ৰমহীন জীৱন-যাপন। উদ্বেগ, মানসিক চিন্তা আৰু বংশানুক্ৰমে এনে ৰোগ হ’ব পাৰে। এনে ৰোগে দেহা দুৰ্বল কৰে আৰু উচ্চ ৰক্তচাপ বৃদ্ধি কৰি আয়ুস কাল কমাই দিয়ে। সেয়েহে এনে ৰোগ নিবাৰণ আৰু প্ৰতিৰোধ ব্যৱস্থা জনাটো প্ৰয়োজন।

হালধিক ইংৰাজীত ‘ টাৰমাৰিক’ আয়ুৰ্বেদ শাস্ত্ৰমতে ‘হৰিদ্ৰী’ বোলে। হালধি মছলা জাতীয় শস্য আৰু ঔষধী গূণ বহুল বিস্তৃত। আঞ্জা হালধিবিহীন, লোণহীন হ’লে তৃপ্তিকাৰক হ’ব নোৱাৰে। ঠিক তেনেদৰে জিৰা, ধনিয়া, জালুক, মিথি, কালজিৰা, তেজপাত, গুৱামূড়ী, লং, ইলাচি, দালচেনি আদিৰ ঔষধী গুণ থকাৰ বাবে পৃথিৱী জুৰি ব্যৱহৃত হয়।

অলপতে ‘নিউকাচাল’ বিশ্ববিদ্যালয়ত ভাৰতীয় গৱেষক মনোহৰ গাৰ্গৰ দ্বাৰা সম্পাদিত এক গৱেষণাত ই প্ৰমাণিত হৈছে যে হালধীৰ ৰস বহূমুত্ৰ ৰোগ নিবাৰক আৰু প্ৰতিৰোধক।

  • ডায়েবেটিছ বা বহূমুত্ৰ ৰোগত ভুগি থকাসকলে দিনৌ পুৱা শুদাপেটে একাপকৈ হালধিৰ ৰস সেৱন কৰি এমাহৰ অন্তত ডাক্তৰৰ পৰীক্ষা কৰিলে সত্য প্ৰমাণিত হ’ব; কিয়নো ই ‘ইনচুলিন’ৰ দৰে ক্ৰিয়া কৰে।
  • সাধাৰণতে ডায়েবেটিছ বা বহূমুত্ৰ ৰোগ ৩০ বছৰৰ পৰা ৭০ বছৰীয়া লোকৰ ক্ষেত্ৰত প্ৰাধান্য লাভ কৰে। প্ৰতিৰোধৰ বাবে দিনে পুৱা শুদা পেটে হালধীৰ ৰস সেৱনে প্ৰতিৰোধ শক্তি বৃদ্ধি কৰিব।
  • হালধি পিহি গাত সানি গা ধূলে খৰ-খজুৱতি, ঘাঁ-ফোহা, ঘামচি আদি হ’ব নোৱাৰে আৰু ই শৰীৰৰ উজ্জ্বলতা আৰু মুখৰ কমনীয়তা বঢ়ায়। বিবাহত নোওৱা কাৰ্যত হালধিৰ ব্যৱহাৰৰ মূল কাৰণ এইটোৱেই।
  • কৃমি, লিভাৰৰ নানা ৰোগ, মাত বহি গ’লে, খোনা হ’লে হালধীৰ ৰস সেৱনে ভাল ফল দেখুৱায়।
  • শৰীৰত তেজৰ পৰিমাণ কমিলে, তেজ দূষিত হ’লে হালধিৰ ৰস সেৱনে সুফল প্ৰদৰ্শন কৰে। কমেও এমাহ ব্যৱহাৰ কৰিলে উপকৃত হ’ব।
  • বুকু জ্বলা পোৰা কৰা অৰ্থাত পিত্ত শূল, ৰসবাত অম্লপিত্ত আদিত হালধীৰ ৰস ব্যৱহাৰে উপকাৰ সাধে।
  • হাত-ভৰি মোচোকা খালে বা ভাঙিলে হালধি আৰু চুণ মিহলাই বান্ধি থ’লে বিষ-বেদনাৰ উপশম হ’ব।
  • চকু উঠা, চকু ৰঙা পৰা আদি ৰোগত হালধি ৰস চেকি ধুলে ৰোগৰ প্ৰতিকাৰ হ’ব।
  • পানী লগা, মূৰৰ বিষত হালধি পুৰি ধোৱা নাকেৰে শুঙিলে তুৰন্তে বিষৰ উপশম হ’ব।
  • আচিনা, কাঠ আচিনা আদিত হালধি পুৰি প্ৰলেপ দিলে ২/৩ দিনৰ ভিতৰতে সুফল পাব।
  • অৰ্শৰোগ বা পাইলছত হালধিৰ প্ৰলেপ সানিলে বিষৰ উপশম হোৱাৰ লগতে অৰ্শৰোগ আৰোগ্য হয়।
  • ধাতু দুৰ্বল, যৌন ব্যাধি, প্ৰস্ৰাৱৰ ৰোগ, প্ৰসৱৰ অন্তত তল পেটৰ বিষত হালধিৰ ৰস সামান্য গুৰ মিহলাই খালে তুৰন্তে বিষৰ উপশম ঘটে।

মুঠৰ ওপৰত হালধিৰ ঔষধি গুণ অলেখ। উল্লেখ কৰা ৰোগত হালধিৰ ব্যৱহাৰেৰে উপকৃত হ’ব পাৰে বুলি বিনা দ্বিধাৰে ক’ব পাৰি।

ডা0 কৃপা সিন্ধু অধিকাৰী, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/5/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate