মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ডায়েৰিয়া-গ্ৰহণী ৰোগ আৰু ৰক্তহীনতা ৰোগ আৰোগ্যত মধুৰিআমৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েৰিয়া-গ্ৰহণী ৰোগ আৰু ৰক্তহীনতা ৰোগ আৰোগ্যত মধুৰিআমৰ ঔষধি গুণ :

ডায়েৰিয়া-গ্ৰহণী ৰোগ আৰু ৰক্তহীনতা ৰোগ আৰোগ্যত মধুৰিআমৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

মধুৰী বা মধুৰিআম সকলোৰে পৰিচিত এবিধ সুস্বাদু ফল। ইংৰাজীত ইয়াক গুৱেভা Guava নামে জনা যায়। মধুৰিৰ ঔষধি গুণ বহুত। ই গ্ৰহণী আৰু ডায়েৰিয়া ৰোগ মহৌষধ স্বৰূপ। সেয়ে প্ৰত্যেক মানুহৰ ঘৰত এজোপা মধুৰিআমৰ গছ থকা উচিত।

গ্ৰহণী আৰু ডায়েৰিয়া বা পেটচলা অসুখত মধুৰিআমৰ পাতৰ ৰস, মধুৰিৰ কেঁচাফল অতি দৰকাৰী। গ্ৰহণী ৰোগ আৰু ডায়েৰিয়া দুয়োটা ৰোগ নিৰাময় কৰাত মধুৰিআমৰ পাত, ফল আদি ব্যৱহাৰ কৰা হয়।

গ্ৰহণী ৰোগত মধুৰিআমৰ ব্যৱহাৰ -

*মধুৰিআমৰ কোমলপাত ১০/১৫ খন পানীৰে ধুই তাৰ ৰস  উলিয়াই খাব লাগে। আধাকাপ পানী হ’লে ভাল। দিনটোত দুবাৰকৈ ২/৩ খাব লাগে।

*মধুৰিআমৰ কোমল পাত ৬/৭ খিলা চোবাই খালেও এই ভাল হয়। অৱশ্যে গ্ৰহণী ৰোগ সম্পূৰ্ণ ভাল হ’বলৈ ৬/৭ দিনৰ প্ৰয়োজন হয় বা এই ব্যৱস্থাৰে এসপ্তাহ ব্যৱহাৰ কৰা ভাল।

*গ্ৰহণী বা ডায়েৰিয়া অসুখত মধুৰিআমৰ কুমলীয়া পাত ১০০ গ্ৰাম পতাত বটি তাত অকণমান নিমখ মিহলাই খাব লাগে। দিনে দুবাৰ বা তিনি বাৰকৈ ৪/৫ দিন খালে এইৰোগ আৰোগ্য হয়।

*গ্ৰহণী বা ডায়েৰিয়া ৰোগৰ কেঁচা অমৰা ফল সিজাই তেল নিদিয়াকৈ নিয়মিত ৪/৫ দিন খালে ডায়েৰিয়া ভাল হয়।

*ভীম কল গছৰ কুমলীয়া পাতৰ ৰস আধাকাপ পৰিমাণে দিনে দুবাৰকৈ তিনি দিন খালেও ডায়েৰিয়া ভাল হয়।

*পেটৰ বিষ থাকিলে নৰসিংহ গছৰ পাতৰ ৰস ৩ চামুচ উলিয়াই দিলে ২/৩ বাৰ খালে ৩ দিনতে ডায়েৰিয়া আৰু ইয়াৰ পৰা হোৱা পেটৰ বিষ ভাল হয়।

*অৰুচী বা খাবলৈ মন নোযোৱা অসুখত মধুৰিআমৰ কলি বা অপৈণত মধুৰি চোবাই খাই অলপ চেঁচা পানী খালে অৰুচী কমি যায় আৰু ভোক লাগে। মধুৰিআমৰ গুটিবোৰ চোবাই নেখাই গিলি খাব লাগে। গুটি বেছিকৈ খালে কোষ্ঠকাঠিন্য হ’ব পাৰে।

*ৰক্তহীনতা বা এনিমিয়া অসুখত মধুৰিআম আৰু ইয়াৰ পাতৰ ৰসে বৰ ভাল কাম কৰে। পকা মধুৰিআমৰ গুটিৰে সৈতে খাব লাগে।

*মধুৰিআমৰ পাতৰ ৰস আধাকাপ পৰিমাণে দিনে অন্ততঃ দুবাৰকৈ ১৫ দিন খালে ৰক্তহীনতা দূৰ হয়। মধুৰিআমৰ পাতত লৌহ পদাৰ্থ (Iron) প্ৰচুৰ পৰিমাণে থকাৰ বাবে ৰক্তহীনতা ৰোগ দূৰ কৰাত বহুত সহায় কৰে।

*ৰক্তহীনতা দূৰ কৰাৰ বাবে এই ৰোগত ভোগাসকলে ক’লা কিচমিচ পানীত তিয়াই শুবৰ সময়ত ৪/৫ টা কৈ খাব লাগে। অন্ততঃ ১৫/২০ দিন এবাৰকৈ ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি ৰঙালাউৰ পাতৰ আগ, চজিনা শাক, বা ফল, ভেদাইলতা, নৰসিংহ, মানিমুনি শাক, পালেং শাক, আপেল, আঙুৰ, তৰমূজ, গাজৰ, বিট আদি নিয়মিত খালে ৰক্তহীনতা গুচে।

*সৰু ল’ৰা-ছোৱালী ৰক্তহীনতাত ভুগিলে পেলুৰ দৰব বছৰটোত দুবাৰ খুৱাব লাগে। হোমিঅ’পেথিক ঔষধ- চিনা টিউক্ৰিয়তাম, কালমেঘ আদি খুৱাব লাগে। আজিকালি এদিন মাত্ৰ ১ পালি দৰব খুৱাবৰ বাবে ব্যৱস্থা আছে। চিকিৎসকৰ পৰামৰ্শ মতে খুৱাব লাগে। এসপ্তাহৰ পিছত লিভাৰৰ টনিক বা অন্য দৰব খুৱাব লাগে।

দাঁতৰ ৰোগত মধুৰিআমৰ ফল আৰু পাতে দাঁতৰ বিভিন্ন ৰোগ নাশ কৰে। এই ফলৰ পাতত থকা কেলচিয়ামে হাড় গঠন আৰু বৰ্ধনত সহায় কৰে।

কুকুৰী কণা -

এই অসুখ দূৰ কৰাত পকা মধুৰীয়ে বৰ সহায় কৰে। মধুৰি ফল আৰু পাতত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ পোৱা যায়।

ৰক্তক্ষমণ -

শৰীৰৰ কোনো অংশ কিবা কাৰণে আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষৰণ হ’লে মধুৰিআমৰ পাতৰ ৰসে তেজ বন্ধ কৰিব পাৰে। মধুৰিআমৰ পাতে সহজে তেজ গোট মৰাত সহায় কৰে। ঘা শুকুৱাৰ বাবে মধুৰিআমৰ পাতৰ মিহলাই দিনে দুবাৰকৈ খাব লাগে।

হুপিং কাহত ভুগি থকা লোকৰ বাবে কেঁচা মধুৰিআম সৰু সৰু কৈ কাটি ৰ’দত শুকুৱাই খালে হুপিং কাহ ভাল হয়। ১০/১৫ দিন দিন এবাৰকৈ ৫০ গ্ৰাম পৰিমাণে খাব লাগে।

*পায়োৰিয়া হ’লে- দাঁতৰ আলুৰ পৰা পুঁজ পানী আদি ওলালে, মুখত দুৰ্গন্ধ হ’লে ২০ খন মধুৰিআমৰ কুমলীয়া পাত দুগিলাচ পানীত সিজাই পানীখিনি আধা কৰিব লাগে। তাত অকণমান নিমখ আৰু এচামুচ আমলখিৰ দিনে ২/৩ বাৰকৈ কুলকুলি কৰিব লাগে। এইদৰে ৪/৫ দিন কৰিলে এই ৰোগ নাশ হয়।

*মধুৰিৰ পাত (কুমলীয়া) চোবাই খালে দেহৰ ৰোগ প্ৰতিৰোধ শক্তি (Immunity) বাঢ়ে।

*পেটৰ বিষ হ’লে মধুৰিআমৰ ১০/১৫ টা কুমলীয়া পাত খালে এই সমস্যা দূৰ হয়।

মধুৰিত খাদ্যপ্ৰাণ ‘ক’ (ভিটামিন ‘এ’) ৩২৬ আই, ইউ, পোৱা যায়। খাদ্যপ্ৰাণ ‘গ’ (ভিটামিন ‘চি’) আৰু লৌহ পদাৰ্থ মধুৰিৰ পাতত পোৱা যায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top