অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিতা কেৰেলাৰঔষধি গুণাগুণ

তিতা কেৰেলাৰঔষধি গুণাগুণ

তিতা কেৰেলাৰ নাম শুনিলেই সকলোৰে মুখ বিকটাই যায় নহয়নে বাৰু। নাম শুনিলেই মুখ কোচাই। গতিকে ভাবকচোন খাই বাৰু কিমানে ভাল পাব। ইয়াক খাবলৈ তিতা হ’লেও ইয়াৰ ঔষধি গুণ বহুতো আছে। আহকচোন আমি ইয়াৰ বিষয়ে অলপ আলোচনা কৰোঁ।

তিতা কেৰেলাৰ বৈজ্ঞানিক নাম হৈছে—- Momordica charantia। ইয়াৰ গোত্ৰ হ’ল— Cucurbitaceae আৰু ইংৰাজীত Bitter gourd বুলি জনা যায়।
আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে। পাতবোৰ ৩-৮ ছেঃমিঃ দীঘল আৰু বহল, ৫-৭ টা খলপা। খলপাবিলাক কাষ কটা। হালধীয়া ৰঙৰ ফুলবিলাক একলিংগ, স্ত্ৰীপুষ্প আৰু পুংপুষ্প দুয়োটা একেডাল লতাতে ধৰে। পাঁচটা পাহিৰে প্ৰায় ৩ ছেঃমিঃ বহল। ফলবোৰৰ দুই মূৰ জোঙা আৰু গাত দীঘলীয়াকৈ থোপাৰে আবৰা। অসংখ্য গুটিৰে ভৰা আৰু এইবোৰ ৰঙা লেপথেপীয়া দ্ৰব্যৰে আবৰি থাকে।


ঔষধি গুণ ঃ খাবলৈ ভাল নলগা এইবিধ খাদ্য বহুতো ঔষধি গুণেৰে সমৃদ্ধ হৈ আছে। ছিডিনীস্থিত এন. এফ. পি. গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক ডাঃ ডাইন’কিটিংগে তিতা কেৰেলাৰ বিষয়ে অধ্যয়ন কৰি এই মতামত দাঙি ধৰে। তেওঁৰ মতে যিসকল লোক বদহজমত আক্ৰান্ত সেইসকলৰ কাৰণে তিতাকেৰেলাক মহৌষধ স্বৰূপ।

দ্বিতীয়তে নিয়মিত তিতাকেৰেলা খালে মেলেৰীয়া ৰোগে সহজে আক্ৰান্ত কৰিব নোৱাৰে। বেছিকৈ তিতা কেৰেলা খোৱাজনৰ এইডছ, কৰ্কট ৰোগ আদিও সহজে হ’ব নোৱাৰে।

তৃতীয়তে প’টেছিয়াম, আইৰণ, বিটা, কেৰ’টিন, কেলছিয়ামাৰ উপৰি ভিটামিন বি-১, বি-২, বি-৩, চিৰে আদিৰে তিতাকেৰলা সমৃদ্ধ হৈ থাকে। ইয়াৰ ফলত এই খাদ্য সেৱনৰ ফলত ই মানুহক কু-পোষণৰ আঁতৰাই ৰখাত সহায় কৰে।

চতুৰ্থতে— ই ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰণত ৰাখে। মধুমেহ ৰোগীৰ বাবে ই মহৌষধৰ কাম কৰে।
তদুপৰি ছালত হোৱা দুৰাৰোগ্য ৰোগ যেনে ছ’ৰাইছিছত আক্ৰান্তসকলৰ কাৰণেও তিতাকেৰেলা অতি লাভদায়ক। গাত খজুৱতি হ’লে ইয়াক সিজাই গা ধুৱাৰ লগতে খালেও বহুখিন উপশম পোৱা যায়।

কিন্ত পেটত আলচাৰ হোৱা ৰোগীসকলে তিতাকেৰেলা অধিক সেৱনৰপৰা বিৰত থাকিব লাগে।

আবাস ঃ অসমৰ মানুহে তিতা কেৰেলাৰ খেতি কৰে খাবলৈ আৰু কিছুমানে ব্যৱসায়ৰ বাবেও। বনৰীয়া অৱস্থাতো ইয়াক পোৱা যায়।

উত্স: https://www.facebook.com/Mahiruh.sss

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate