অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তুলসী

তুলসী

পৰিচয়

তুলসী এবিধ পবিত্ৰ দেবোপচাৰ। প্ৰতি ঘৰতে তুলসী গছ আদৰ যত্নেৰে প্ৰতিপালন কৰা হয়। তুলসী গছত ভগৱান ব্যপ্ত বুলি জনসাধাৰণৰ বিশ্বাস। সেয়েহে পুৱা গধূলি গা পা ধুই তুলসীৰ গুৰিত চাকি জ্বলাই সেৱা কৰা বা নাম সংকীৰ্ত্তণ কৰা হয়। অশুদ্ধ ঠাইত বা বস্তুত তুলসী পাতেৰে পানী চটিয়াই দিলে শুদ্ধ বা পবিত্ৰ হয় বুলি লোকবিশ্বাস আছে। পূজা-পাৰ্বণত তুলসী পাত অতি দৰকাৰী। তুলসী চুলেও পাপ বিমোচন হয় বুলি আমাৰ বিশ্বাস। তুলসীৰ শাস্ত্ৰীয় নাম বহুতো। যেনে-গ্ৰাম্য, সুলভা, সুৰসা ইত্যাদি। তুলসী তিনি প্ৰকাৰৰ আছে। বগা, কলা, বনতুলসী। বগা অৰ্থাৎ সেউজীয়া তুলসীকে আচল তুলসী বোলা হয়। বন তুলসী একোতে ব্যৱহাৰ কৰা নহয়।

গুণাগুণ

তুলসী বহুধা গুনসম্পন্ন। তুলসীৰ ৰস ৰুচিকাৰক, হজমকাৰক, কফ আৰু বাতনাশক। ক্ৰিমি, বমিভাৱ, ৰক্তচাপ আৰু পোৰণি জ্বৰত তুলসী পাতৰ ৰস মহৌষধ। কাঁহত তুলসী পাতৰ ৰস তপতাই খালে শুকান কফ গলাই বাহিৰ কৰে।

তুলসী পাতৰ ৰস দুই টোলা মাত্ৰাত দৰবৰ লগত ব্যৱহাৰ হয়। ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এটোলা বা আধাতোলা, মৌজোলৰ লগত ব্যৱহাৰ কৰিব পাৰি। তুলসীৰ গছ বা শিপাও দৰবৰ লগত লগোৱা হয় যদিও আচলতে তুলসীৰ পাতহে ঘাইকৈ ব্যৱহৃত হয়। তুলসী পাতৰ ৰস গা বা মূৰৰ বিষ, কঁকালৰ, হাত-ভৰিৰ গাঁঠিৰ বিষ তথা বাতবিষত ব্যৱহাৰ কৰিলে বিষৰ পৰা উপশম পোৱা যায়। শৌচ কঠিন হ’লেও তুলসী পাতৰ ৰস খাব লাগে। তুলসী পাতৰ বীজ প্ৰস্ৰাৱকাৰক। প্ৰস্ৰাৱ কম হ’লে বা হোৱাত অতি কষ্ট হ’লে তুলসী বীজৰ চূৰ্ণ খালে প্ৰস্ৰাৱ নিয়মীয়া হয়। তুলসী পাতৰ ৰস, আদাৰ ৰস, মৌৰ লগত মিহলাই খালে কাঁহ, শ্বাসত উপকাৰ পোৱা যায়। বন তুলসী বটি জুইৱে পোৰা ঠাইত লেপ দিলে বেদনা কমে। তুলসীৰ চূৰ্ণ আৰু পিপলি গুড়ি মৌৰ লগত মিহলাই ব্যৱহাৰ কৰিলে যিকোনো কাঁহ, কফ আৰু শ্বাস ৰোগৰ উপশম ঘটে।

লিখক: কবিৰাজ ধৰ্মকান্ত শৰ্মা।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top