অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তুলসী :

তুলসী :

 

ষ্টাষ্পৃষ্টাতথা ধ্যাতা কীর্ত্তিতা নমিতা শ্রুতা । ৰোপিতা সেবিতা নিত্যং পূজিতা তুলসী শুভা ।
নবধা তুলসীং নিত্যং যে ভজন্তি দিনে দিনে। যুগকোটী সহস্রণি তে বসন্তি হৰির্গৃহে।। [স্কন্দ পুৰাণ]

অৰ্থাৎ : তুলসী সর্বমঙ্গলময়ী প্রত্যহ তুলসীৰ দর্শন, স্পর্শন, ধ্যান, গুণকীর্ত্তন, প্রনাম, গুণ শ্রবণ, ৰোপণ, পানী ঢালি প্ৰনামৰ দ্বাৰা পূজা কৰিলে সকলো ধৰণৰ কল্যাণ লাভ কৰা যায়। এইদৰে বিধিৰ মাধ্যমেৰে তুলসী সেৱা কৰিলে সহস্রকৌটি যুগ পর্যন্ত বিষ্ণুলোকত বাস হয়।

তুলসীৰ দর্শনেৰে পাপ আৰু ৰোগ নাশ হয়, স্পর্শৰ ফলত শৰীৰ শুদ্ধ হয়, পানী ঢালিলে ভয় দূৰ হয়, ৰোপণ কৰাৰ ফলত ভগবৎভক্তি় লাভ হয় তথা শ্ৰীকৃষ্ণৰ চৰণত অর্পণ কৰাৰ ফলত পূর্ণভগবৎ -প্রেম লাভ হয়, সেই তুলসীদেবীৰ চৰণত সশ্রদ্ধ প্ৰণিপাত নিবেদন কৰো। (স্কন্ধ পুৰাণ)

তুলসীৰ অন্যান্য নাম: Holy basil, Tulsi ,Trittavu (মালয়ম), Tulshi (মাৰাঠী)
বৈজ্ঞানিক নামঃ Ocimum tenuiflorum L. - holy basil
ইংৰাজী নামঃ Sacred Basil, Holy Basil

তুলসী এবিধ ঘন শাখা প্রশাখা বিশিষ্ট ২/৩ ফুট ওখ এক চিৰহৰিৎ গুল্ম। ইয়াৰ মূল কাণ্ড কাষ্ঠল, পাত ২-৪ ইঞ্চি লম্বা হয়। পাতৰ কাষ খাঁজ কটা, শাখাপ্রশাখাৰ অাগভাগৰ পৰা ৫ টা পুষ্পদণ্ড বাহিৰ হয় আৰু প্রতিটো পুষ্পদণ্ডৰ চাৰিওফালে ছাটিৰ আকৃতিৰ দৰে ১০-২০ টা স্তৰত ফুল থাকে। প্রতিটো স্তৰত ৬টা কৈ সৰু ফুল ফুলে । তুলসীৰ পাত, ফুল আৰু ফলৰ এটা নিৰ্দিষ্ট গোন্ধ আছে।

ধর্মীয় দৃষ্টিভংগীঃ
ব্রহ্মবৈবর্তপুৰাণত তুলসীক সীতাস্বৰূপা, স্কন্দপুৰাণত লক্ষীস্বৰূপা, চৰকসংহিতাত বিষ্ণুৰ ন্যায় ভুমি, পৰিবেশ আৰু আমাৰ ৰক্ষাকাৰী বুলি বিষ্ণুপ্রিয়া, ঋকবেদত কল্যাণী বোলা হৈছে । স্বয়ং ভগবান বিষ্ণুৱে তুলসী দেবীক পবিত্র বৃন্দা বুলি আখ্যায়িত কৰি তেওঁৰ সেৱা কৰিব কৈছে ।

পৰিবেশগত দৃষ্টিভংগীঃ
পৰীক্ষা কৰু দেখা গৈছে যে তুলসীগছ একমাত্র উদ্ভিদ যিয়্ দিন ৰাতি চব্বিশ ঘণ্টা অক্সিজেন সৰবৰাহ কৰি বায়ু বিশুদ্ধ ৰাখে য'ত অন্য যিকোনো গছ ৰাতি কার্বন ডাই অক্সাইড ত্যাগ কৰে আৰু সেয়ে ৰাতি তুলসীৰ তলত শয়ন কৰা ব্যক্তিৰ বাবে উপকাৰী ।ইয়াৰোপৰি তুলসীগছ ভুমি ক্ষয়ৰোধক আৰু তুলসী গছ থাকিলে মহ মাখি কীটপতঙ্গ আৰু সাপ দূৰত থাকে। তুলসী এবিধ ঔষধিগছ। তুলসীৰ অর্থ যাৰ তুলনা নাই । সুগন্ধিযুক্ত, কটু তিক্তৰস, ৰুচিকৰ । ই চর্দি, কাহ, কৃমি আৰু বায়ুনাশক তথা মুত্রকৰ, হজম কাৰক আৰু এন্টিচেপটিক হিচাপে ব্যবহৃত হয়। তথাপি বিশেষকৈ কফৰ প্রাধান্যতাত যিবোৰ ৰোগ সৃষ্টি হয় সেই ক্ষেত্ৰত তুলসী সৰ্বাধিক ফলদায়ক।

শাস্ত্রত কৈছে , তুলসীগছ থাকিলে মৃত্যুৰ দেবতা যমৰাজো হেনো ঘৰৰ ভিতৰত সোমাব নোৱাৰে ! শাস্ত্ৰৰ কথাত যদি অবিশ্বাসো থাকে, তেতিয়া হলেও মাত্ৰ অসাধাৰণ ভেষজ গুণৰ বাবে আপুনি ঘৰত এডাল তুলসীগছ ৰাখিব পাৰে।

বাস্তুশাস্ত্ৰৰ দিশৰ পৰাও তুলসীৰ গুৰুত্ব কম নহয় । সেইবাবে ঘৰত তুলসী গছ ৰাখিলে সংসাৰৰ শুভ-অশুভৰ প্ৰতি দৃষ্টি ৰাখি কিছুমান নিয়ম মানি চলা উচিত।

১. বাস্তু মতে, ঘৰৰ ভিতৰত বা বাৰান্দাত তুলসী ৰাখিলে উত্তৰ বা উত্তৰ -পূর্ব দিশত ৰাখিব লাগে।

২. শিৱলিঙ্গ বা শিবৰ পুজাত তুলসী নালাগে। পৌৰাণিক আখ্যান অনুযায়ী দানব শঙ্খচূড়ৰ স্ত্রী হ'ল তুলসী। এই শঙ্খচূড়ক শিবই বধ কৰিছিল । ফলত , শিবৰ পুজাত তুলসী দিয়াৰ কোনো মানে নাথাকে ।

৩. ৰবিবাৰ বা কোনো একাদশীৰ দিনা গছৰ পৰা তুলসীৰ পাত চিঙিব নাপায় । আনকি সূর্য বা চন্দ্রগ্রহণৰ সময়তো তুলসীৰ চিঙিব নালাগে। ইয়াক অশুভ বুলি পৌৰাণিক আখ্যানে কয়।

৪. তুলসী গছ শুকাই বা মৰি গলে তুলি নি যতে ততে পেলাব নালাগে । নদী বা পুখুৰী পেলাব লাগে। ঘৰত বা বাগানত মৰা তুলসী গছ ৰখা সংসাৰৰ বাবে অশুভ। মৰা গছ আতৰাই তুলসীৰ নতুন পুলি লগাব লাগে ।

৫. তুলসীক আমি স্ত্রী গছ হিচাপে গণ্য কৰো। মন কৰিব লাগে তুলসী গছৰ ওচৰত ক্যাকটাচ বা কাঁইটজাতীয় গছ নাথাকে। তেতিয়া সংসাৰৰ অশান্তি বাঢ়ে বুলি কৈছে ।

৬. মন কৰিব লগীয়া তুলসী হ'ল অক্সিজেনৰ 'শক্তিঘৰ'। দিনে এবাৰ অন্ততঃ তুলসীগছৰ সন্মুখলৈ আহি প্ৰাণভৰি শ্বাস লওক । শৰীৰৰ ভিতৰত কোনো সংক্রমণ থাকিলে , দূৰ হব ।

৭. ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ দিনে অন্তত দুটা কৈ তুলসীৰ পাত খোৱা ভাল ।

৮. বতাহ শুদ্ধ কৰাৰ লগে লগে তুলসীয়ে ঘৰৰ নানা দোষো দূৰ কৰে আৰু পজিটিভ এলাৰ্জিৰ যোগান ধৰে ।

ঔষধিগুণ:

শিশুৰ চর্দি কাহৰ বাবে ই এটি মহৌষধ হলেও যিকোনো বয়সৰ মানুহে ইয়াৰ পৰা উপকাৰ পায়। কেৱল পুজা -অর্চনাত বাহিৰেও তুলসী পাতৰ বহুত গুণ আছে ৷

* জ্বৰ হলে তুলসী পাত, জালুক আৰু মিচিৰি পানীৰ লগত মিহলাই ভালদৰে গৰম কৰি, অথবা তিনিওবিধ দ্রব্য মিহলাই বড়ি বনাই লব লাগে ৷ দিনে তিনি -চাৰি বাৰ এটাকৈ বড়ি পানীৰ লগত খালে জ্বৰ খুব কম সময়ৰ ভিতৰতে কমি যায়।

* কাহ যদি নকমে, তুলসী পাত আৰু আদা বটি মৌৰ লগত মিহলাই খালে উপকাৰ পোৱা যায়৷

* পাতল পায়খানা হলে তুলসীৰ ১০ টা পাত সামান্য জিৰাৰ সৈতে বটি ৩-৪ বাৰ খালে পায়খানা বন্ধ হৈ যায়।

* মুখৰ দুর্গন্ধ দূৰ কৰিবলৈ দিনে ৪-৫ বাৰ তুলসীৰ পাত একোটা চোবাব লাগে ৷

* ঘা দ্রুত কমাবলৈ হলে তুলসীৰ পাত আৰু ফিটকিৰি একেলগে বটি ঘা হোৱা স্থানত লগালে ,সোনকালে শুকাই যায় ৷

* শৰীৰৰ কোনো অংশত পুৰিলে তুলসীৰ ৰস আৰু নাৰিকলৰ তেল ফেটি লগালে , জ্বলন কমে ৷ পোৰা ঠাইডোখৰ সোনকালে শুকায়, আৰু কোনো ডাগ নাথাকে ৷

* ছালৰ চমক (glazing) বঢ়োৱাৰ বাবে, ইয়াৰোপৰি ছালত পৰা বয়সৰ ছাপ আৰু ব্রণ দূৰ কৰিবলৈ তুলসীৰ পাত বটি মুখমণ্ডলত লগাব লাগে ৷

* বুদ্ধি আৰু স্মৰণ শক্তি বঢ়োৱাৰ বাবে প্ৰতিদিনে ৫-৭ টা তুলসীৰ পাত চোবাওক ৷

* প্ৰস্ৰাব জ্বলিলে তুলসীৰ পাতৰ ৰস ২৫০ গ্রাম গাখীৰ আৰু ১৫০ গ্রাম পানীৰ লগত মিহলাই পান কৰিলে উপকাৰ পোৱা যায় ৷

* ছালৰ সমস্যা দূৰ কৰিবলৈ তিল তেলৰ লগত তুলসী পাতৰ ৰস মিহলাই অলপ গৰম কৰি ছালত লগালে ভাল ৷

*তুলসীৰ পাত আৰু দুবৰি বন বটি গাত লগালে ঘামচি আৰু খজুৱতি ভাল হয়।
দাদ আৰু অন্যান্য চৰ্মৰোগত : স্থানীয়ভাবে তুলসী পাতৰ ৰস দাদ আৰু অন্যান্য চৰ্মৰোগত ব্যৱহাৰ কৰিলে বহু উপকাৰ পোৱা যায়।
তুলসী পাতৰ ৰস ফোঁটা ফোঁটা কৈ কানত দিলে কানৰ বিষ কমি যায়।

*পাত আৰু শিপাৰ ক্বাথ মেলেৰিয়া জ্বৰৰ বাবে বহু উপকাৰী । মেলেৰিয়াৰ প্রতিষেধক হিচাপে প্রতিদিনে ৰাতিপুৱা জালুকৰ লগত তুলসীৰ পাতৰ ৰস যিমানদিন সম্ভৱ খাব দিয়া হয়।

* বসন্ত ওলালে তুলসীৰ পাতৰ ৰস খালে সোনকালে শুকাই যায়।

* তুলসীৰ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই খালে ক্রিমি ৰোগত ভাল উপকাৰ পোৱা যায়। শুকান তুলসী পাতৰ ক্বাথ চর্দি, স্বৰভঙ্গ, বক্ষপ্রদাহ, উদাৰাময় প্রভৃতি ৰোগ নিৰাময় কৰে।

*অজীর্ণজনিত পেটৰ বিষত তুলসী পাতে খুব ভাল কাম কৰে। ই হজম কাৰক । প্ৰতিদিনে ৰাতিপুৱা ১৮০ গ্রাম পৰিমানৰ তুলসী পাতৰ ৰস খালে পুৰণি জ্বৰ , ৰক্তক্ষয়, আমাশয়, ৰক্ত অর্শ আৰু অজীর্ণ কমে।

* বাত বিষত আক্রান্ত স্থানত তুলসী পাতৰ ৰসত সৰু কাপোৰ এখন ভিজাই পট্টি দিলে বিষ কমি যায়।
* কীট-পতংগ মৌমাখি ,কোদোবৰল , বিছা প্রভৃতি বিষাক্ত জীৱে কামুৰিলে, কামোৰা স্থানত তুলসী পাতৰ ৰস গৰম কৰি লগালে জ্বালা-যন্ত্রণা কমি যায়।

*যি সহজতেই চর্দিৰ দ্বাৰা আক্রান্ত হয় (বিশেষকৈ শিশু) তেওঁলোকক কিছুদিন ৫ ফোঁটা মৌৰ লগত ১০ ফোঁট তুলসীৰ ৰস খুৱালে তর্দি প্রবণতা দূৰ হয়।

তুলসী মূল(শিপা) শুক্র গাঢ়কাৰক আৰু বাজীকৰ। তুলসী পাতৰ ক্বাথ, ইলাচি গুড়ি আৰু এক তোলা পৰিমাণৰ মিছিৰি পান কৰিলে ধাতুপুষ্টি সাধন হয়। ই অত্যন্ত ইন্দ্রিয় উত্তেজক। প্ৰতিদিনে এক ইঞ্চি পৰিমাণৰ তুলসী গছৰ শিপা পানৰ লগত খালে যৌনদূর্বলতা কমি যায়।

কোনো কাৰণত তেজ দূষিত হলে কলা তুলসী পাতৰ ৰস কিছুদিন খালে উপকাৰ পোৱা যায়।শ্লেষ্মা বা কফৰ কাৰণে নাক বন্ধ হৈ কোনো গোন্ধ নোপোৱা হলে তুলসীৰ শুকান পাতৰ চূর্ণৰ নস্য ললে নাক খুলি যায়। পাতৰ চূর্ণ দুই আঙুলিৰে টিপি ধৰি নাকেৰে উশাহ টানাকে নস্য বুলি কোৱা হয় । তুলসী পাত চাহৰ নিচিনা খালে দীর্ঘদিন সুস্থ জীৱন যাপন কৰিব পাৰি। তুলসী চাহ হিচাবেও বহু স্থানত জনপ্রিয়।

তুলসী পাতৰ ৰসত নিমখ মিহলাই দাদ খুজলিত লগালে উপশম হয়।

* তুলসীৰ বীজ পানীত তিয়াই থলে পিছল হয়। এই পানীত চেনী মিহলাই চৰবতেৰ নিচিনা খালে প্রস্রাবজনিত জ্বালা যন্ত্রনাত বিশেষ উপকাৰ হয়।

* মুখত বসন্তৰ কলা দাগ হলে তুলসীৰ ৰস লগালে দাগ নাইকিয়া হয়। শিশুৰ শৰীৰত কল দাগ হলে তুলসী পাতৰ ৰস লগাই থাকিলে গালৈ স্বাভাবিক ৰং ঘুৰি আহে ।

তুলসীত Eugenol অধিক পৰিমাণে থকা বাবে ই Cox-2 Inhibitor ৰূপে কাম কৰে অৰ্থাৎ ই বিষনাশক হিচাপে ব্যৱহাৰ হয়।

তেজস্ক্রিয়তাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কোষসমুহক তুলসীয়ে মেৰামতি কৰে।

তুলসীয়ে বহুধৰণৰ Phytochemicals (যেনে oleanolic acid, beta caryophyllene ইত্যাদি) বহন কৰে বাবে কেঞ্চাৰৰ চিকিৎসাতো ব্যবহাৰ হয়।

তুলসীয়ে Immune system ৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে ।

তুলসী স্নায়ুটনিক আৰু স্মৃতিবর্ধক।

দাঁতৰ ৰোগত উপকাৰী কাৰণে টুথপেস্টত বনোৱাৰ বাবে তুলসী ব্যবহাৰ কৰা হয়।

শেষত হিন্দু ধৰ্মৰ ধাৰ্মিক সকলৰ বাবে তুলসীদেবীৰ প্রনাম মন্ত্র
ওম বৃন্দায়ৈ তুলসিদেব্যৈ প্রিয়ায়ৈ কেশবস্য চ ।
বিষ্ণুভক্তিপ্রদে দেবী সত্যবত্যৈ নমো নমঃ ।।
অৰ্থাৎ : কেশব প্রিয়া বৃন্দাদেবী যিয়ে কৃষ্ণ ভক্তি প্রদান কৰে ।

লেখক:  মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate