মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / তুলসী পূজাতো লাগে ৰোগতো লাগে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তুলসী পূজাতো লাগে ৰোগতো লাগে :

তুলসী পূজাতো লাগে ৰোগতো লাগে :

 

পূজা-পাতলৰ বাবে তুলসী নহ’লেই নহয়। তুলসী গছৰ গুৰিত বন্তি জ্বলোৱা কথাটো কোনে নাজানে? কাতি মাহত মহিলাসকলে কোনোদিনে বাদ নপৰাকৈ সন্ধিয়া পৰত তুলসীৰ গুৰিত চাকি জ্বলাই সেৱা জনায়।

তুলসী পাঁচবিধ-

*ক’লীয়া তুলসী,

*বন তুলসী,

*ৰাম তুলসী আৰু

* নিম তুলসী।

তুলসী এবিধ ঔষধী গুণসম্পন্ন অতি প্ৰয়োজনীয় পূজাৰ সামগ্ৰী।

সৰুতে কাহ হ’লে মা-আইতাই আমাক তুলসী পাতৰ ৰস উলিয়াই মৌৰ লগত মিহলাই গৰম কৰি খুৱাই দিছিল আৰু এইদৰে কেইদিনমান খোৱাৰ পাছত কাহো অন্তৰ্ধান হৈছিল। তেতিয়াৰ পৰাই বুজি আহিছো যে তুলসীপাতৰ ৰস কাহৰ পৰম ঔষধ।

বিশেষজ্ঞৰ মতে, তুলসী পাতৰ ৰস, শিপা আৰু গুটি বহুবিধ বেমাৰত দৰব হিচাপে ব্যৱহাৰ কৰা হয়। পেটত গেছ হ’লে তুলসীৰ ৰসে উপশম কৰে। কৃমি, চৰ্মৰোগ, কিডনীৰ অসুখ আদিত তুলসীৰ কাম অতি চমকপ্ৰদ। তুলসীৰ ৰসে অনিয়মীয়া প্ৰস্ৰাৱ নিয়মীয়া কৰে আৰু গা জ্বলা-পোৰাও শাম কটায়।

মূৰৰ বিষ হ’লে তুলসীৰ পাত খুন্দি চেগুণ কাঠৰ গুড়িৰ লগত মিহলাই কপালত প্ৰলেপ দিব লাগে। কিছু সময়ৰ পাছতেই কপালৰ উত্তাপ আৰু মূৰৰ বিষ নাইকিয়া হয়। সেইদৰে তুলসীৰ পাত খুন্দি মৌৰ লগত মিহলাই অলপ ক’লা জালুক গুড়ি দি খালে ঠাণ্ডা লাগি হোৱা জ্বৰ আৰু কাহ আৰোগ্য হয়।

পুৱা তুলসী পাতৰ ৰস উলিয়াই পানীৰ সৈতে মিহলাই খালী পেটত খাব লাগে। ই দেহৰ ৰং উজ্জ্বল কৰে আৰু শক্তি যোগায়।

বিশেষজ্ঞৰ মতে, এচামুচ তুলসী পাতৰ ৰস আৰু আদাৰ ৰসৰ লগত মৌ মিহলাই খালে কাহ, জ্বৰ, ব্ৰংকাইটিছ আৰু হাপানী ৰোগ নিৰাময় হয়। ছালৰ বেমাৰতো তুলসীৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে আৰাম পোৱা যায়। মেলেৰিয়া জ্বৰ হ’লে তুলসীৰ শিপা আৰু গুটি সিজাই পানীখিনি চেকি বেমাৰীক খাবলৈ দিলে জ্বৰ এৰে আৰু ঘামিবলৈ ধৰে।

তুলসীৰ পাত ৰ’দত শুকুৱাই পাউডাৰ তৈয়াৰ কৰি ল’ব লাগে আৰু সৰিয়হৰ তেলৰ লগত মিহলাই টুথপেষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই পাউডাৰে দাঁত ভালে ৰাখে, মুখৰ বেয়া গোন্ধ নাইকিয়া কৰে আৰু দাঁতৰ আলু মজবুত কৰে।

তুলসী পাত, ধনিয়া পাত আৰু পদিনা একেলগে বটি ৰস উলিয়াই খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। সেইদৰে গাজৰ, বীটমূল, বিলাহী, পালেং শাক, বন্ধাকবি আদিৰ ৰসৰ লগত তুলসীৰ ৰস মিহলাই খোৱাটো স্বাস্থ্যৰ বাবে মহৌষধ। এই মিশ্ৰিত ৰস ডাব নাৰিকলৰ পানীৰ লগতো মিহলাই খাব পাৰি।  অকল তুলসীৰ পাত পানীত সিজাই পাছত চেকি পানীখিনি খাব পাৰিলে দেহৰ বাবে মংগজনক।

তুলসীৰ ৰস আন ধৰণেও খাব পাৰি। কেতবোৰ তুলসীৰ পাত ভালদৰে ধুব লাগে। তাৰ পাছত মোহাৰি তাত অলপ গুড় দি পানীত কেইমিনিটমান সিজাব লাগে। ঠাণ্ডা হ’লে পানী চেকিব লাগে আৰু পাছত শুকান খিছমিছ অথবা খেজুৰ আৰু খিছমিছ দুয়োটা একেলগে খুন্দি গুড়ি কৰি আগৰ পানীখিনিত দিব লাগে। খিছমিছে তুলসীৰ তিতা গুণ নাইকিয়া কৰে। পানীখিনি এনে অৱস্থাত খাবলৈ বৰ তৃপ্তিদায়ক হয় আৰু স্বাস্থ্যৰ বাবে অতি উত্তম।

তুলসী এবিধ বিষনাশক গছো। তুলসী ঘৰত ৰাখিলে কোনো বিষাক্ত সৰীসৃপ আৰু পোক-পতংগ ঘৰত প্ৰৱেশ নকৰে বুলি বহুতে কয়। তুলসীৰ গোন্ধে এনে পোক-পতংগ আৰু সৰীসৃপজাতীয় জীৱক দূৰতে বিদূৰ কৰে। তুলসীৰ গোন্ধত মহ ওচৰলৈ নাহে। সেইবাবে দক্ষিণ আফ্ৰিকাত তুলসী গছক Mosquito Plant বোলা হয়।

বায়ু প্ৰদূষণ দূৰ কৰাতো তুলসীৰ অৰিহণা কম নহয়। বহুতৰ মতে তুলসীয়ে এবিধ বিশেষ গোন্ধ এৰি দিয়ে ফলত বায়ুমণ্ডলৰ প্ৰদূষন বিনষ্ট হয় আৰু বায়ুমণ্ডল নিকা হৈ পৰে।

ইমান গুণবিশিষ্ট তুলসীগছ ঘৰৰ চৌহদত ৰুবলৈ হেলা কৰিব নালাগে। মাটিৰ অভাৱ হ’লে টাবতো ৰুব পাৰি যাতে কাতি মাহত সন্ধিয়া পৰত তুলসীৰ গুৰিত চাকি জ্বলাই সেৱা-ভক্তি জনোৱা কোনো দিনে বাদ নপৰে।

লেখক: ডঃ পবিত্ৰ কুমাৰ(অসম বাণী)

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top