অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তুলসীৰ ঔষধি গুণ

তুলসীৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

তুলসী গছ বুলিলেই কাতি বিহুৰ প্ৰসংগ আহি পৰে । কাতি বিহুৰ দিনাখন প্ৰতিঘৰ অসমীয়াৰ ঘৰৰ চোতালত ৰোপণ কৰা হয় এজোপা তুলসী । তুলসীৰ ভেটিৰ গুৰিত পৰম্পৰাগতভাৱে মানি অহা অনুষ্ঠান অসমীয়া সমাজৰ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে উপভোগ কৰে । জাতীয় জীৱনৰ যি তিনিটা বিহু আছে, ইয়াৰ ভিতৰত কাতি বিহু হৈছে লোকজীৱনৰ অনাড়ম্বৰভাৱে পালন কৰা উৎসৱ । অসমৰ প্ৰায় ৮০ শতাংশ লোক খেতিয়ক । খেতিয়কৰ খেতিয়ে জীয়াই থকাৰ সমল । অসমীয়াৰ প্ৰতিটো বিহু উৎসৱে কৃষিভিত্তিক উৎসৱ । ইয়াত জড়িত হৈ থাকে গ্ৰাম্য জীৱনৰ এক নিটোল প্ৰতিচ্ছবি । ইপিনে বিহু হৈছে লোকজীৱনৰ দাপোণ, বাপতি-সাহোন । এই বিহু উৎসৱৰ লগত জড়িত হৈ আছে কৃষ্টিৰ ৰহঘৰা ।

কাতি বিহুত পথাৰে সেউজীয়া বসন পিন্ধি মোহনীয় হৈ পৰে । সঁজাল ধৰা ধানে গেঁৰ মেলিবলৈ ধৰে । পথাৰৰ লখিমী সগৰ্ভা হৈ পৰে । কাতি বিহুত সংপৃক্ত হৈ আছে লোকজীৱনৰ ৰীতি-নীতি, লোকাচাৰ, লোকনীতি আৰু লোকবিশ্বাস ।

কাতি বিহু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজ নিজ জাতীয় বৈশিষ্ট্যৰে পালন কৰে । সঁজাল ধৰা ধাননিপথাৰত ঢিপ বান্ধি তাত বাঁহৰ শলা পুতি ঔ খোল বা মাটিৰ চাকি জ্বলাই নৈবেদ্যভাগি আগবঢ়ায় । ইয়াত তুলসী গছ ৰুই সেৱা জনায় । অকল এয়াই নহয়, চোতালৰ পূব মূৰত তুলসী গছ ৰোৱা হয় ।

তুলসী হিন্দুৰ অতি পৱিত্ৰ । এই তুলসী কেইবা প্ৰকাৰৰ আছে ।

১) ক’লা তুলসী

২) বগা তুলসী

৩) ৰাম তুলসী

৪) ফুলাল তুলসী

এই তুলসী অকল ভাৰতবৰ্ষতে নহয়, আফ্ৰিকা, আৰব, ব্ৰাজিল, শ্ৰীলংকা, ব্ৰহ্মদেশ, চীন, জাপান আদি দেশতো পোৱা যায় বুলি জনা যায় । তুলসীৰ গছ যি ঠাইত থাকে তাৰ ৬৫০ ফুট ব্যাসাৰ্ধ ঠাইৰ বায়ু শুদ্ধ হৈ থাকে । ইয়াৰ উপৰি এই ঠাইত মেলেৰিয়া-প্লেগ আদি ৰোগৰ বীজাণুৱে একো কৰিব নোৱাৰে ।

তুলসী যিদৰে অতি পৱিত্ৰ গছ, সেইদৰে ইয়াৰ আছে বিভিন্ন ঔষধি গুণ । ই তিতা- কেহা উষ্ণ বায়ু পিত্তনাশক । মুখৰ দুৰ্গন্ধ, কোষ্ঠ, পেটৰ বিষ, কাহ, কৃমি ৰোগৰ বৰ উপকাৰী ।

ঔষধি গুণ -

তুলসীৰ ৰস খালে গাৰ ছাল, হাড়ৰ মাজত ৰোগে আক্ৰমণ কৰিব নোৱাৰে ।

১) ক’লা তুলসীৰ ৰস খালে এলাহ-ভাগৰ, জ্বৰ, পানীলগা, গ্ৰহণী, অজীৰ্ণ ৰোগৰ পৰা মুক্তি পোৱা যায় ।

২) তুলসীৰ ৰসে মানুহৰ তেজ পৰিষ্কাৰ কৰে ।

৩) ব্ৰ্ংকাইটিছ ৰোগ নিৰাময় কৰিব পাৰে ।

৪) ক’লা তুলসীৰ ৰস ৩০ গ্ৰাম সপ্তাহত দুদিন খালে মেলেৰিয়া ৰোগ হ’ব নোৱাৰে ।

৫) তুলসীৰ ৰসৰ লগত মৌজোল মিশ্ৰণ কৰি খালে কাহ-কফ নাইকিয়া হয় ।

৬) হাইজা ৰোগত ক’লা তুলসী আৰু ক’লা নিমখ মিহলাই খালে সুফল পোৱা যায় ।

৭) তুলসীৰ গুটি পিহি গাখীৰৰ লগত খালে শৌচ-বমি বন্ধ হয় ।

৮) ২০ গ্ৰাম তুলসীৰ পাতৰ ৰস গৰম কৰি খালে কৃমি ৰোগ নাইকিয়া হয় ।

৯) ক’লা তুলসীৰ পাতৰ ৰস খালে ডায়েবেটিছ ৰোগৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয় ।

১০) তুলসীৰ ৰসৰ লগত চেনি মিহলাই খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা ৰোগ নাইকিয়া হয় ।

১১) লাল চাহৰ লগত ক’লা তুলসীৰ ৫ টা পাত দি চাহ খালে যকৃতৰ ৰোগ ভাল হয় ।

১২) তুলসীৰ গুটিৰ লগত মৌ মিহলাই খালে পুৰুষৰ শুক্ৰ বৃদ্ধি হয় । শক্তি বাঢ়ে ।

১৩) ক’লা তুলসীৰ পাতৰ লগত মৌ মিহলাই খালে কোষ্ঠ ৰোগ নাইকিয়া হয় ।

১৪)দিনে ৫ টা ক’লা তুলসীৰ পাত চোবাই খালে তেজ পৰিষ্কাৰ হয় । ই বিভিন্ন ঔষধি গুণৰ ভঁৰাল ।

১৫) যকৃতৰ ৰোগ নিৰাময় কৰি সুস্থ কৰি ৰাখে ।

১৬) কলেৰা-মেলেৰিয়া ৰোগ নাইকিয়া কৰে ।

১৭) কোষ্ঠ ৰোগৰ মহৌষধ বুলি কোৱা হয় ।

১৮) ক’লা তুলসীৰ ৰস সপ্তাহত দুবাৰ খালে উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণ হয় ।

১৯) নিউম’নিয়া জ্বৰ-কাহ আদিত ক’লা তুলসীৰ ৰস মৌৰ লগত খালে এই ৰোগৰ উপশম হয় ।

২০) ব্ৰ্ংকাইটিছ ৰোগৰ বাবে উপকাৰী ।

২১) তুলসীৰ পাত পাঁচটাকৈ খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হয় ।

২২) ইনফ্লুৱেঞ্জা ৰোগৰ বাবে তুলসীৰ পাতৰ ৰস উপকাৰী ।

২৩) তুলসী পাতৰ ৰসে তেজ পৰিষ্কাৰ কৰে ।

২৪) ক’লা তুলসীৰ পাত পাঁচটাকৈ সপ্তাহত দুদিন চোবাই খালে গ্ৰহণী ৰোগ নিৰাময় হয় ।

২৫) কলীয়া তুলসীৰ গুটি দিনে দুবাৰকৈ চোবাই খালে মানুহৰ শুক্ৰ বৃদ্ধি হয় বুলি কোৱা হয় ।

২৬) চকু ৰঙা পৰা বা চকু উঠা ৰোগত তুলসীৰ ৰস চকুত দিলে এই ৰোগ নিৰাময় হয় ।

লেখক :- ধনেশ্বৰ হুজুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

বয়োজ্যেষ্ঠসকলে কেনেকৈ স্বাস্থ্য ধৰি ৰাখিব ?

৩০ বছৰ অতিক্ৰম কৰাৰ পিছৰ পৰাই এজন ব্যক্তিৰ পৰিপুষ্টিজনিত প্ৰয়োজনবোৰ সলনি হ’বলৈ ধৰে । ইয়াৰ মুখ্য কাৰণ হ’ল বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া । বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ ক্ৰিয়াৰ সৈতে জড়িত কোষবোৰৰ কৰ্মদক্ষতা হ্ৰাস পাবলৈ ধৰে । কোষৰ সংখ্যা কমি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । সেয়ে বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ যতন বেছিকৈ লোৱা উচিত ।

১) বয়োজ্যেষ্ঠ ব্যক্তিয়ে কোনো কাৰণতে উপবাসে থকা অনুচিত । তেওঁলোকৰ আহাৰ সাধাৰণ আৰু পুষ্টিকৰ হোৱা প্ৰয়োজন । আহাৰ এনে হ’ব লাগে যাতে সহজে হজম কৰিব পাৰে ।

২) এবাৰতেই সৰহকৈ খোৱা  অনুচিত । কম কমকৈ কে’বাবাৰো আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যসন্মত । বেছিকৈ তেলত ভজা খাদ্য খোৱা  অনুচিত । কেতবোৰ খাদ্য সিদ্ধ কৰি খালে উপকাৰ পোৱা যায় ।

৩) বয়োজ্যেষ্ঠ ব্যক্তিৰ আহাৰত নিমখৰ পৰিমাণ কম হোৱা উচিত । একেদৰে চেনিৰ পৰিমাণো কম হোৱা উচিত । তাৰ বিপৰীতে আহাৰত যথেষ্ট পৰিমাণৰ সেউজীয়া শাক-পাচলিৰ লগতে দৈনিক এটা ফল খোৱাটো প্ৰয়োজন । ইয়াৰ বাহিৰেও চিকিৎসকৰ পৰামৰ্শ  অনুসৰি প্ৰয়োজনীয় ভিটামিন নিয়মীয়াকৈ গ্ৰহণ কৰা উচিত ।

৪) বয়োজ্যেষ্ঠ ব্যক্তিয়ে যথেষ্ট পৰিমাণৰ পানী খোৱা উচিত । ৰাতিপুৱা, গধূলি ৩০ মিনিটকৈ মধ্যমীয়া বেগত খোজ কঢ়াটো স্বাস্থ্যসন্মত ।

৫) নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত হৈ থাকিলে শাৰীৰিক, মানসিক উভয় দিশতে লাভৱান্বিত হ’ব পাৰি ।

উৎস :- জি এনআৰচি স্বাস্থ্য

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top