অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজপাত

আমাৰ দেশত অতীজৰে পৰা খাদ্য সুস্বাদু কৰি তুলিবৰ বাবে তেজপাত ব্যৱহাৰ কৰি আহিছে। অসমীয়া ৰান্ধনীশালতো তেজপাতৰ সুকীয়া স্থান আছে। সকলো খাদ্য সুগন্ধি কৰি তুলিবলৈ তেজপাত দুখিলা পেলাই দিয়া হয়। মাছ-মাংসৰ পৰা খিচিৰি দাইল, সাধাৰণ তৰকাৰীখনলৈকে তেজপাত ব্যৱহাৰ কৰা হয়। হাজাৰ ফুট উচ্চতাৰ হিমালয় সংলগ্ন ভূমি বা অসমৰ পাহাৰীয়া অঞ্চলতো তেজপাতৰ যথেষ্ট খেতি হয়। এই পাত শুকান ভাবেহে বেছি ব্যৱহৃত হয়। তেজপাতৰ বৈজ্ঞানিক নাম হ’ল- Cinnamomum tamala। খাদ্যত ব্যৱহাৰ কৰাৰ উপৰি তেজপাতৰ আছে ঔষধি গুণ।

কনজাংটিভাইটিচ্‌

ই এবিধ চকুৰ অসুখ। আমাৰ দেশত জয়-বাংলা হিচাপে জনাজাত। এই ৰোগ হ’লে চকু ৰঙা পৰি ফুলি যায়। ফেচুকুৰিয়ে চকু বান্ধি ৰাখে। এই বেমাৰবিধলৈ সকলোৱেই ভয় কৰে। ই মাৰাত্মকভাৱে সংক্ৰমিত ৰোগ। পিছে চকুলৈ হাত নিনিলে অৰ্থাৎ কোনোমতেই চকুত হাত নলগালে এই ৰোগ হোৱাৰ পৰা বাচি থাকিব পাৰি। এই ৰোগ হ’লে চকুত ক’লা চশমা পিন্ধি ওলাব লাগে। এই অসুখ হ’লে সাত-আঠ খিলা তেজপাত গৰম পানীৰে ভালদৰে ধুই এমগ গৰম পানীত সেই তেজপাত ৪-৫ ঘণ্টা সময় তিয়াই ৰাখিব। কিবা লেতেৰা থকা দুশ্চিন্তা থাকে যদি পৰিষ্কাৰ কাপোৰেৰে সেই পানী চেকি লৈ লাহে লাহে চকুত পানীখিনি মাৰি ধুই দিয়ক। এইদৰে দিনত দুই-তিনিবাৰ ধোৱক। অসুখ সোনকালে দূৰ হ’ব।

ঘামৰ গোন্ধ, ঘামচি, ব্ৰ’ন, বিহ ফোঁহা

ঘামত শৰীৰ গোন্ধালে, তাৰ উপৰি ঘামচি, ব্ৰ’ন, বিহ ফোঁহা আদি ছালৰ নানানটা সমস্যা হ’লে কেইখিলামান তেজপাত ধুই পটাত ভালদৰে বটি লৈ ছালত, মুখত প্ৰলেপ দি ৰাখক। আধা ঘণ্টাৰ পাছত গা ধুই দিয়ক। দেখিব মেজিকৰ দৰে কাম দিছে। পিছে এনেদৰে এসপ্তাহ ধোৱক।

অৰুচি হ’লে

কোনো কঠিন অসুখ হৈ যোৱাৰ পাছত বা সন্তান গৰ্ভত ধাৰণ কৰা মহিলাৰ খোৱাৰ প্ৰতি অৰুচি হ’লে কেইখিলামান তেজপাত সৰুকৈ কাটি পানীত উতলাই লৈ ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে সেই পানীৰে মুখ কুলিকুলি কৰিব। এইদৰে দিনটোত তিনিবাৰ কুলিকুলি কৰিব। নিশ্চয় খোৱাৰ ৰুচি আহিব।

তেজপাতৰ ব্যৱহাৰ

বিভিন্ন খাদ্য সুগন্ধিযুক্ত কৰি তুলিবলৈ তেজপাত ব্যৱহাৰ কৰা হয়। চিৰা-কোমল চাউলৰ পোলাও, চুজি আদিও তেজপাত ব্যৱহাৰেৰে সুস্বাদু কৰি তুলিব পাৰি। ৰঙা চাহ বা গাখীৰ চাহকাপো তেজপাতেৰে আৰু সোৱাদযুক্ত কৰি তুলিব পাৰি। পিছে সদায় একে ধৰণে ভাল নালাগে। মাজে মাজেহে তেজপাত প্ৰয়োগ কৰি খাব লাগে। হাতেৰে তেজপাত ফালি দিলে যেনেতেনে ফাল খায়। বেয়া দেখি। পাকঘৰত ব্যৱহাৰ কৰা কেঁচিৰে তেজপাত বটলত ভৰাই ৰাখিলে ব্যৱহাৰৰ সময়ত সহজ হয়।

লেখিকা: ৰাণু দাস চৌধুৰী, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate